Home স্থানীয় ছিপাঝাৰত ভনীয়েকৰ বিয়াৰ আগ নিশা ৰহস্যজনক মৃত্যু যুৱকৰ

ছিপাঝাৰত ভনীয়েকৰ বিয়াৰ আগ নিশা ৰহস্যজনক মৃত্যু যুৱকৰ

157
0

গণবাৰ্তা,ছিপাঝাৰ,২১ নবেম্বৰ: ছিপাঝাৰৰ নামখলাত ভনীয়েকৰ বিয়াৰ আগদিনা যুৱক এগৰাকীৰ ৰহস্যজনক মৃত্যুকলৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।শনিবাৰে নিশা বিয়াৰ ব্যস্ততাৰ মাজতে মামাকৰ পুতেক সঞ্জীৱ ডেকাই‌ নিশা ১০:৩০ বজাত বাহিৰলৈ মাতি নিছিল  প্ৰাঞ্জল নামৰ যুৱক জনক।পিছত পৰিয়ালে প্ৰাঞ্জলৰ দূৰ্ঘটনা হোৱা বুলি খবৰ লাভ কৰে আৰু  মূমুৰ্ষ অৱস্থাত পৰিয়ালৰ লোকে খৈৰাবাৰীৰ  চিকিৎসালয়ত  প্ৰাঞ্জলক পাায় ৷উন্নত চিকিৎসাৰ বাবে নিশাই গুৱাহাটীলৈ লৈ যোৱা হয় প্ৰাঞ্জলক৷অৱশেষত পথতে শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে ৷
 ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে পৰিয়াল আৰু স্থানীয় ৰাইজে ৷জানিব পৰা মতে মাতি নি যুৱক গৰাকী পলাতক অৱস্থাত থকাত সন্দেহৰ সৃৃষ্টি হৈছে।পৰিয়ালৰ লোকে পাথৰিঘাট আৰক্ষী চকীত এজাৰ  দাখিল কৰিছে আৰু অপৰাধীৰ সন্ধানত আৰক্ষী অনুসন্ধান আৰম্ভ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here