Home Main Stories লামডিং বনাঞ্চলৰ উচ্ছেদিত ৪০০ পৰিয়ালৰ নতুন ঠিকনা ডবকাৰ চাংমাজি ৰিজাৰ্ভ: নাই বিশুদ্ধ...

লামডিং বনাঞ্চলৰ উচ্ছেদিত ৪০০ পৰিয়ালৰ নতুন ঠিকনা ডবকাৰ চাংমাজি ৰিজাৰ্ভ: নাই বিশুদ্ধ খোৱাপানী, নাই শৌচাগাৰ, শিবিৰত তীব্ৰ খাদ্য সংকট

64
0


মাহমুদ আলী, নীলবাগান, ২৩ নৱেম্বৰ :
হোজাই জিলাৰ লামডিং বনাঞ্চলৰ পৰা উচ্ছেদ কৰা চাৰিশটা পৰিয়ালক আজি হোজাই জিলা প্ৰশাসনে ডবকাৰ সমীপৱৰ্তী চাংমাজি ৰিজাৰ্ভত অস্থায়ীভাৱে সংস্থাপিত কৰে৷ আজি হোজাই জিলা প্ৰশাসনে ডবকা ৰাজহ চক্ৰ বিষয়াৰ সহযোগত লামডিং বনাঞ্চলৰ পৰা উচ্ছেদ কৰা পৰিয়ালকেইটাক
ডবকাৰ চাংমাজিলৈ স্থানান্তৰ কৰে৷ প্ৰাপ্ত বাতৰি অনুসৰি, লামডিং বনাঞ্চলৰ পৰা উচ্ছেদ কৰা প্ৰায় ১৪০টা চাকমা জনগোষ্ঠী আৰু গাৰু সম্প্ৰদায়ৰ পৰিয়ালক নখুঁটিৰ জানজু ডেকাবস্তিত অস্থায়ীভাৱে সংস্থাপণ কৰাৰ বিপৰীতে চাৰিশৰো অধিক মুছলমান পৰিয়ালক ডবকাৰ চাংমাজি ৰিজাৰ্ভত স্থানান্তৰ কৰা হয়৷ আনহাতে, উচ্ছেদিত লামডিং সমষ্টিৰ কিছুসংখ্যক বঙালী হিন্দু সম্প্ৰদায়ৰ লোকে লামডিঙতে আ৷ য় গ্ৰহণ কৰি আছে বুলি জনা গৈছে৷ আজি চাংমাজিত গ্ৰহণ কৰা লোকসকল তীব্ৰ খাদ্য সংকট, শীতৰ কাপোৰ, শিশু খাদ্যৰ সংকটৰ সন্মুখীন হৈছে৷ প্ৰশাসনে কেৱল মানুহখিনিক চাংমাজিত এৰিয়েই দায়িত্ব সামৰিছে৷ তাম্বু সাজি মানুহখিনিয়ে মুকলি পথাৰৰ মাজত আয় গ্ৰহণ কৰি আছে যদিও মানুহখিনিৰ বাবে প্ৰয়োজনীয় নূ্যনতম মানৱীয় প্ৰয়োজনখিনি কৰি নিদিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চাংমাজিৰ মুকলি পথাৰত আয় গ্ৰহণ কৰা লোকসকলৰ বাবে প্ৰশাসনে খোৱাপানী, শৌচাগাৰৰ কোনো ব্যৱস্থা কৰি নিদিয়াত আন এক সংকটৰ সন্মুখীন হৈছে৷ ইপিনে, উচ্ছেদিত লোকসকলক বিগত দিনত অবৈধ বাংলাদেশী আৰু অপৰাধী বুলি মন্তব্য কৰা হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱক তীব্ৰ সমালোচনা কৰে সদৌ অসম গ্ৰামীণ৷ মিক সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তৰ লগতে একাংশ দল-সংগঠনে৷ দল-সংগঠনৰ মতে, যদি এই লোকসকল বাংলাদেশী তেন্তে প্ৰশাসনে তেওঁলোকক সংস্থাপণ কৰিছে কিয়? চৰকাৰে পি জি আৰ, ভি জি আৰবোৰৰ পৰা মানুহ উচ্ছেদ কৰি আছে৷ আকৌ একেই চৰকাৰৰ হোজাই জিলা প্ৰশাসনে ৰিজাৰ্ভত মানুহক অস্থায়ী ৰূপত সংস্থাপিত কৰি আছে৷ এয়া চৰকাৰৰ স্ববিৰোধী স্থিতি নহয় জানো?

LEAVE A REPLY

Please enter your comment!
Please enter your name here