Home Editor's Pick কোনো ধৰ্মই মামুহক অপৰাধ কৰিবলৈ নিশিকায়

কোনো ধৰ্মই মামুহক অপৰাধ কৰিবলৈ নিশিকায়

179
0

আব্দুল মান্নান

কালি (৩০ জুন, ২০২১) পুৱা ‘আমাৰ অসম’ কাকতখন হাতত লৈ প্ৰথম পৃষ্ঠাৰ হেডলাইনবিলাকলৈ চকু ফুৰাওঁতেই এটা বাতৰিত দৃষ্টি থমকি ৰ’ল— ‘অপৰাধীৰ ৯৫ শতাংশই মুছলমান ঃ দিলীপ’, অৰ্থাৎ বিজেপি দলৰ সৰ্বভাৰতীয় সম্পাদক সাংসদ দিলীপ শইকীয়া। দিলীপ শইকীয়াৰ মতে অসমত যিমানবোৰ অপৰাধমূলক ঘটনা সংঘটিত হয় তাৰে ৯৫ শতাংশৰ পৰা ৯৮ শতাংশ অপৰাধতে জড়িত ধৰ্মীয় সংখ্যালঘু। শইকীয়াৰ মতে মাটি বেদখল কৰা পমুৱা মুছলমানসকল চুৰি-ডকাইতি-ধৰ্ষণৰ দৰে অসামাজিক কামত, ৰাষ্ট্ৰবিৰোধী কাৰ্যত লিপ্ত। আনকি শিশুৰ ওপৰত যৌন নিৰ্যাতন চলাবলৈও কুণ্ঠাবোধ নকৰে মুছলমানসকলে। শেহতীয়াকৈ এনেধৰণৰ ঘটনা অসমৰ ৰাইজে প্ৰত্যক্ষ কৰা বুলি মন্তব্য কৰি শইকীয়াই কয় যে অসমৰ ৰাইজে ধৰ্মীয় সংখ্যালঘুসকলক ইতিমধ্যে ঘৃণা কৰিবলৈ আৰম্ভ কৰিছে। অসমৰ পৰিৱেশ দূষিত কৰা এই সংখ্যালঘু লোকসকলক তেওঁলোকৰ মৌলবী-মোল্লাসকলে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে পৰিস্থিতি অত্যন্ত ভয়াৱহ হ’ব বুলি শইকীয়াই মুকলিকৈ সকীয়নি প্ৰদান কৰে । শইকীয়াৰ দৰে বিজেপি নেতা এজনৰ মুখত ধৰ্মীয় সংখ্যালঘুৰ সম্পৰ্কত এনে ৰুচিহীন মন্তব্য প্ৰকাশ পোৱা কথাটোত আচৰিত হ’বলগীয়া একো নাই। তেওঁ যিটো সংগঠনৰ জখলাৰে বগাই আহি বিজেপিৰ সম্পাদক হৈছে; জন্মলগ্নৰে পৰা (১৯২৫) সেই সংগঠনৰ নেতা-অনুগামীৰ দৰ্শন আৰু প্ৰাথমিক তথা প্ৰধান কামটোৱেই হৈছে ভাৰতীয় মুছলমানক অমানুহ দৈত্য-দানৱৰ ৰূপত প্ৰতিষ্ঠা কৰা। সেয়ে শইকীয়া ডাঙৰীয়াৰ অবচনত আমি আচৰিত হোৱা নাই। বিপৰীতে তেওঁৰ অবচনে মোৰ মনত কৌতূহল জগাই তুলিলে। জানিবলৈ মন গ’ল সেইখন কাকততে যিমানকিটা অপৰাধৰ খবৰ আছে; সেই অপৰাধীবিলাকৰ পৰিচয়। অপৰাধীৰ পৰিচয়ৰ সন্ধানত কাকতখনৰ ১৬ পৃষ্ঠা তন্ন তন্নকৈ চালো। সময় লাগিল প্ৰায় ৩ ঘণ্টা। বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাৰ বাতৰিৰ সংখ্যা ১৯টা; ইয়াৰে ৬টা অপৰাধত জড়িত অপৰাধীবোৰৰ ধৰ্মীয় পৰিচয় সিহঁত মুছলমান; ১২টা অপৰাধৰ অপৰাধী অমুছলিম (অন্যান্য ধৰ্মীয় সম্প্ৰদায়ৰ) আৰু ১টা অপৰাধত জড়িত হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোক। শইকীয়া ডাঙৰীয়াই কাকতখন এবাৰ লুটিয়াই চাব পাৰে। কিন্তু কথা সেইটো নহয়। পৃথিৱীত কোনো ধৰ্মই মানুহক অপৰাধ কৰিবলৈ নিশিকায়। বিভিন্ন সামাজিক, আৰ্থিক, ৰাজনৈতিক কাৰণত মানুহ অপৰাধী হয়। সেইবোৰ নিৰাময় কৰাৰ বাবে চেষ্টা কৰাটোৱেই প্ৰকৃত ৰাজনীতিকৰ কাম হোৱা উচিত; বিভাজন সৃষ্টি কৰা নহয়।

লেখক গুৱাহাটি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ফোন নম্বৰ : ৯১০১৪০৯০২১

LEAVE A REPLY

Please enter your comment!
Please enter your name here