Home Main Stories আমেৰিকাৰ তিনি অৰ্থনীতিবিদলৈ অৰ্থশাস্ত্ৰৰ ন’বেল

আমেৰিকাৰ তিনি অৰ্থনীতিবিদলৈ অৰ্থশাস্ত্ৰৰ ন’বেল

51
0

ষ্টকহোম, ১১ অক্টোবৰ ঃ আমেৰিকাৰ তিনিগৰাকী অৰ্থনীতিবিদলৈ এইবাৰৰ অৰ্থশাস্ত্ৰৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। ৰয়েল ছুইডিছ একাডেমী অৱ ছাইন্সে আজি ঘোষণা কৰিছে যে আমেৰিকাৰ ডেভিদ কাৰ্ড, যোশ্বুৱা ডি এংগ্ৰিষ্ট আৰু গুইডু ডব্লিউ ইম্বেন্সলৈ ২০২১ৰ অৰ্থশাস্ত্ৰৰ ন’বেল আগবঢ়োৱা বঁটা হৈছে। উল্লেখ্য যে এইবাৰৰ অৰ্থশাস্ত্ৰৰ ন’বেল বঁটা দুটা ভাগত দিয়া হ’ব। ডেভিদ কাৰ্ডে শ্ৰম অৰ্থনীতিত আগবঢ়োৱা অৱদানৰ বাবে অৰ্থশাস্ত্ৰৰ ন’বেল লাভ কৰিছে। আনহাতে, আন দুগৰাকীয়ে যুটীয়াভাৱে অৰ্থশাস্ত্ৰৰ এইবাৰৰ ন’বেল লাভ কৰিব। আন দুগৰাকীয়ে সম্পৰ্কৰ বিশ্লেষণত তেওঁলোকৰ মেথিঅ’ল’জিকেল অৱদানৰ বাবে অৰ্থশাস্ত্ৰৰ ন’বেল আগবঢ়োৱা হৈছে। ডেভিদ কাৰ্ড ইউনিভাৰছিটী অৱ কেলিফ’ৰ্নিয়া ব্ৰেকলি, যোশ্বুৱা ডি ওংগ্ৰিষ্ট মানচেষ্টাৰ ইনষ্টিটিউট অৱ টেকন’লজী আৰু গুইডু ষ্টেণ্ডফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক। এই তিনিগৰাকী অৰ্থনীতিবিদে বিশ্বৰ অৰ্থশাস্ত্ৰলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱাৰ বাবে এইবাৰৰ ন’বেল বঁটা তেওঁলোকলৈ আগবঢ়োৱা হৈছে। ছুইডিছ একাডেমীয়ে তেওঁলোকৰ টুইটাৰত উল্লেখ কৰিছে যে এই বছৰৰ অৰ্থনীতি বিজ্ঞানৰ নবেল বঁটা বিজয়ীসকলে সমাজৰ বহুতো ডাঙৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here