Home অসম ৰাজ্যৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা : ৫টা সমষ্টিত ৩৯ প্ৰাৰ্থীৰ মনোনয়ন...

ৰাজ্যৰ উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা : ৫টা সমষ্টিত ৩৯ প্ৰাৰ্থীৰ মনোনয়ন বৈধ

50
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ অক্টোবৰ ঃ ৰাজ্যত উপ-নিৰ্বাচনক লৈ ৰাজনৈতিক বাতাৱৰণ তীব্ৰতৰ হৈ উঠিছে। ইতিমধ্যে পাঁচটা সমষ্টিত ৩৯গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। আজি মনোনয়ন -পত্ৰসমূহ পৰীক্ষা কৰে নিৰ্বাচন আয়োগে। উল্লেখ্য যে বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে দাখিল কৰা মুঠ ৩৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰসমূহ আজি  পৰীক্ষা কৰাৰ অন্তত প্ৰতিগৰাকী প্ৰাৰ্থীৰে মনোনয়ন-পত্ৰ বৈধ বুলি বিবেচিত হৈছে। উল্লেখযোগ্য যে ৫টা সমষ্টিৰ বাবে অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম সময় সীমা হৈছে অহা ১৬ অক্টোবৰ আৰু উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব।  আজি মনোনয়ন-পত্ৰ পৰীক্ষাৰ অন্তত ভাৰতীয় জনতা পাৰ্টী-৩, ভাৰতীয় জাতীয় কংগ্ৰেছ-৫, কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া-১, অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট-২, ইউনাইটেড পিপল্‌ছ পাৰ্টী লিবাৰেল-২, বড়োলেণ্ড পিপল্‌ছ ফ্ৰণ্ট-১, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেল-৩, নেচনেল ৰ’ডমেপ পাৰ্টী অৱ ইণ্ডিয়া-১, অসম সংগ্ৰামী মঞ্চ-১, গণ সুৰক্ষা পাৰ্টী-২াআৰু নিৰ্দলীয়-১৮গৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ বৈধ বুলি ঘোষণা কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here