Home অসম নৰ্থ চেনেল, ইংলিছ চেনেলত সাঁতুৰিব এলভিছে

নৰ্থ চেনেল, ইংলিছ চেনেলত সাঁতুৰিব এলভিছে

462
0

মিছন অপৰাজেয়: আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ নতুন প্ৰত্যাহ্বান

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ জুন ঃ অসমৰ জলকোঁৱৰ হিচাপে পৰিচিত আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই এইবাৰ এক দুঃসাহসিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছে। ‘মিছন অপৰাজেয়’ নামেৰে আৰম্ভ কৰিবলগীয়া এই কাৰ্যসূচী অনুসৰি সাঁতোৰবিদগৰাকীয়ে অহা ১৭ ছেপ্টেম্বৰত নৰ্থ চেনেল’ৰ নৰ্থ আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ আৰু আগন্তুক বৰ্ষৰ মাজভাগত ইংলিছ চেনেল’ৰ ইংলেণ্ডৰ পৰা ফ্ৰান্সলৈ সাগৰ সাঁতুৰি পাৰ হ’ব। মাত্ৰ ১৩ ঘণ্টাত নৰ্থ চেেKট্ৰলৰ ৪২ কিলোমিটাৰ আৰু ইংলিছ চেনেল’ৰ ৩৮ কিলোমিটাৰ সাগৰৰ মাজত পাৰ কৰিবলগীয়া এই কাৰ্যসূচী হ’ব অতি প্ৰত্যাহ্বানমূলক। মিছন অপৰাজেয়ৰ বাবে সাজু হোৱা সাঁতোৰবিদগৰাকীক সহায়ৰ বাবে আগবাঢ়ি আহিছে গুৱাহাটীস্থিত ব্যৱসায়িক প্ৰতিষ্ঠান এছ এম ডেভলপাৰ্ছ। শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এইকথা প্ৰকাশ কৰে বিশিষ্ট সাঁতোৰবিদগৰাকীয়ে। সংবাদমেলত উপস্থিত থাকি বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে জলকোঁৱৰ এলভিছ আলী হাজৰিকাৰ এই দুঃসাহসিক কাৰ্যৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে প্ৰশংসাৰে ওপচাই পেলায়। আনহাতে, এছ এম ডেভলপাৰ্ছৰ হৈ উপস্থিত থাকি প্ৰতিষ্ঠানটোৰ কে’বাগৰাকী জ্যেষ্ঠ বিষয়া আৰু উপাধ্যক্ষ ভাস্কৰজ্যোতি ভূঞাই আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতোৰবিদগৰাকীক ‘মিছন অপৰাজেয়’ৰ বাবে সকলো দিশতে সহায় কৰাৰ আশ্বাস প্ৰদান কৰে। সাংবাদিক হেমন্ত শৰ্মাই আঁত ধৰা সংবাদমেলখনত উপস্থিত থাকি কে’বাগৰাকী জ্যেষ্ঠ ক্ৰীড়া সাংবাদিকে তেওঁক শুভেচ্ছা জনায়। ইপিনে, ‘মিছন অপৰাজেয়’ৰ অন্তৰ্গত নৰ্থ চেনেল’ আৰু ইংলিছ চেনেল’ৰ উপৰি সাঁতোৰবিদগৰাকীয়ে এইবছৰৰ শেষত অথবা নতুন বছৰৰ আৰম্ভণিতে গুজৰাট-গোঞ্জৱা-মুম্বাইলৈ ৮০০ কিলোমিটাৰ ৰিলেতো অংশগ্ৰহণ কৰিব। ইপিনে, সম্প্ৰতি ‘মিছন অপৰাজেয়’ৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ বানপৰিস্থিতিৰ বিষয়ে সজাগতামূলক বাৰ্তা বিলোৱাৰ লগতে বন্যাৰ্তৰ বাবে আৰ্থিক সাহায্য সংগ্ৰহ কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰেৰণ কৰাৰ কথাও আজিৰ সংবাদমেলত সদৰী কৰে সাঁতোৰবিদগৰাকীয়ে। উল্লেখ্য যে ৪২ বছৰীয়া এইগৰাকী সাঁতোৰবিদে বৰ্তমানলৈকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৬টা সোণৰ, ৭টা ৰূপৰ, ৫টা ব্ৰঞ্জ, ৰাষ্ট্ৰীয় পৰ্যায়ত ১৩৪টা সোণৰ, ৪৩টা ৰূপৰ, ১৫টা ব্ৰঞ্জ আৰু ৰাজ্যিক পৰ্যায়ত ১২৮টা সোণৰ, ১২টা ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ চলিত বৰ্ষৰ মাৰ্চত আৰব সাগৰৰ গেটৱে অৱ ইণ্ডিয়া মুম্বাইৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ মাত্ৰ ৫৩ ঘণ্টাত ২০০ কিলোমিটাৰ সাঁতুৰি অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here