গণবাৰ্তা : আজাৰা : ০১ জুলাই : কোভিড ১৯ ৰ সামাজিক সংক্ৰমণ প্ৰতিৰোধৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেই ইয়াৰ পৰিসৰৰ ভিতৰত এক বৃহৎ টীকা কৰণ অভিযান আৰম্ভ কৰিছে । আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষে দুৰ্গম অঞ্চলৰ ৰেল লাইনৰ দাঁতিকাষৰীয়া ষ্টেচন সমূহত নিয়োজিত কৰ্মচাৰী আৰু হিতাধিকাৰী সকলৰ স্বাস্থ্য পৰীক্ষা আৰু টীকা কৰণৰ বাবে কামাখ্যা ষ্টেচনৰ পৰা আজি এখন বিশেষ ভেকচিনেচন তথা ৱেলনেথ ৰেল চলোৱা হয় । উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক অংশুল গুপ্তাই ৰেলখনত উপলব্ধ ব্যৱস্থা সমূহ পৰিদৰ্শন কৰে আৰু কামাখ্যা ষ্টেচনৰ পৰা ৰেলখনৰ শুভাৰম্ভ কৰে । ৰেলখনৰ চিকিৎসা স্বাস্থ্য ইউনিটখন চিকিৎসক আৰু পেৰামেডিকেল কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত কৰা হয় । ৰেলখনে কামাখ্যা ষ্টেচনৰ পৰা আজি পুৱা ৯:৩০ বজাত যাত্ৰা আৰম্ভ কৰে আৰু আজাৰা , মিৰ্জা , ছয়গাওঁ , বামুনীগাওঁ আৰু বকো ষ্টেচনৰ কৰ্মচাৰী আৰু হিতাধিকাৰী সকলৰ স্বাস্থ্য পৰীক্ষাৰ লগতে কোভিড ১৯ ৰ টীকাকৰণৰ বাবে ৰাখোৱা হয় । উল্লেখনীয় যে যিহেতু ৰেল কৰ্মচাৰী সকলে এনে প্ৰত্যাহ্বানৰ সময়ত দিনে – নিশাই কাম কৰি আছে , গতিকে ৰেলৱে প্ৰশাসনে সকলো ৰেল কৰ্মচাৰীৰ লগতে হিতাধিকাৰীক সম্ভাব্য দ্ৰুততম সময়ত টীকাকৰণৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা হাতত লৈছে ।
