Home অসম উত্তৰ গুৱাহাটীৰ প্ৰতিষেধক কেন্দ্ৰত ধোৱা চাঙত কভিড বিধি

উত্তৰ গুৱাহাটীৰ প্ৰতিষেধক কেন্দ্ৰত ধোৱা চাঙত কভিড বিধি

79
0

পঙ্কজ নাথ, চাংসাৰি, ২০ জুলাই : কভিড মহামাৰীৰ ভয়াবহতাৰ বাবে এতিয়াও জনতাৰ ভয় শংকা আতৰা নাই । কভিড মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ন ন SOP জাৰি কৰিয়ে দায় সামৰিছে স্বাস্থ্য বিভাগে ।উত্তৰ গুৱাহাটীৰ কভিড বিধি এতিয়া ধোৱা চাঙত । হাত বজাৰত জনসমাগমৰ সমান্তৰালকৈ কভিড ভেকছিন গ্ৰহণ কেন্দ্ৰতো অলেখ জনসমাগম । উত্তৰ গুৱাহাটী মধ্যম খণ্ডৰ বহি সেৱা চিকিৎসা কেন্দ্ৰত সামাজিক ব্যবধান পাহৰি গাতে গা লগাই শাৰী পাতিছে। আজিৰে পৰা প্ৰতিষেধক প্ৰদান কেন্দ্ৰটিত বৃহৎ জনসমাগম । প্ৰতিষেধক লবলৈ আহি এই সকললোকে পাহৰি পেলালে কভিড বিধি । ইফালে উত্তৰ গুৱাহাটী মহাবিদ্যালয়তো ভেকছিনৰ বাবে দীঘলীয়া শাৰী । এশটা প্ৰতিষেধকৰ বিপৰীতে শ শ লোকৰ শাৰী কেন্দ্ৰৰ বাহিৰত । নাই সামাজিক ব্যবধান নাই মুখত মাক্স । পিছে দায়িত্ব নুবুজা স্বাস্থ্য কৰ্মীয়েও কেমেৰা দেখিহে লৰা ধপৰা । চিকিৎসকে সকলোকে নিয়ন্ত্ৰণৰ চেষ্টা কৰিলে , কিন্তু কোনেও নুশুনে চিকিৎসকৰ কথা । পুৱা চাৰি বজাৰ পৰা শাৰী পাতি দিনৰ এঘাৰ বজালৈ বিৰক্তি পাই ক্ষোভ উজাৰে । পিছে চিকিৎসালয়ৰ কৰ্মীয়ে স্থানীয় আৰক্ষীৰ সহায় কিয় নলয় সেয়াহে বিচায্য । এতিয়া জনতাক মনাব নোৱাৰা চিকিৎসকে ভেকচিন বন্ধ কৰাৰ ধমকিহে দিয়া পৰিলক্ষিত হৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here