Home অসম জলজীৱন মিছন ৰূপায়ণৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে দৃঢ়তাৰে কাম...

জলজীৱন মিছন ৰূপায়ণৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে দৃঢ়তাৰে কাম কৰিব লাগিব — মুখ্যমন্ত্ৰী

284
0


গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় জলশক্তি দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ অধীনস্থ খোৱাপানী আৰু অনাময় বিভাগৰ উদ্যোগত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত জলজীৱন অভিযান ৰূপায়ণ সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ মন্ত্ৰীসকলৰ সন্মিলনত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ে সন্মিলনখন গুৱাহাটীত অনুষ্ঠিত কৰি উত্তৰ-পূৰ্বাঞ্চলত আঁচনিখনৰ ক্ষিপ্ৰ ৰূপায়ণৰ দিশত আলাপ-আলোচনা তথা মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় জলশক্তি  দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটক ধন্যবাদ জ্ঞাপন কৰে। জলজীৱন মিছনক এক গুৰুত্বপূৰ্ণ আঁচনি বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰতিঘৰ লোকলৈ নলৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগানৰ যি লক্ষ্য স্থিৰ কৰিছে। এই পদক্ষেপে স্বাস্থ্য ইত্যাদিকে ধৰি সমস্যা নাইকিয়া কৰি ভাৰতবৰ্ষক কেৱল আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাই নহয়, বিশ্বগুৰুৰ আসনত অধিস্থিত কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই আঁচনিখন ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে পুঁজি, কাৰিকৰী সাহায্য তথা অন্যান্য সকলো সহায়-সহযোগিতা আগবঢ়াইছে। গতিকে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহেও সন্মিলিতভাৱে এই লক্ষ্যত উপনীত হোৱাৰ বাবে দৃঢ়তাৰে কাম কৰিব লাগিব। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে আঁচনিখনৰ অধীনত নিৰ্মাণ কৰা আন্তঃগাঁথনিৰ স্থায়িত্ব বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাকে ধৰি অন্যান্য অংশীদাৰীত্বসকলক এই আঁচনিখন নিৰৱচ্ছিন্নভাৱে পৰিচালনাৰ বাবে জড়িত কৰোৱাৰ পদক্ষেপক মুখ্যমন্ত্ৰীয়ে শলাগ লয়। অসমে এই আঁচনিখন ৰূপায়ণৰ দিশত কিছু পৰিমাণে পিছ পৰি থাকিলেও তিনি মাহত আঁচনিখনৰ দ্ৰুত ৰূপায়ণৰ দিশত বহু পৰিমাণে সফলতা লাভ কৰিছে বুলিও তেওঁ কয়। আগষ্ট মাহত অসমে দৈনিক ৬,৭০০ৰো ওপৰৰ পৰিয়াললৈ এই আঁচনিৰ জৰিয়তে সংযোগ প্ৰদান কৰিবলৈ সক্ষম হৈছে। আঁচনিখন ৰূপায়ণৰ দিশত আমোলাতান্ত্ৰিক বিলম্বতা হ্ৰাস কৰাৰ বাবে উপায়ুক্তসকলক বিশেষ কতৃÇত্ব প্ৰদান কৰা হৈছে। ৰাজ্যখনৰ  ৮০০খন চাহ বাগিচাৰ জনসাধাৰণক এই আঁচনিৰ জৰিয়তে সামৰি লোৱাৰ বাবে ৰাজ্য চৰকাৰে উদ্যোগ লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ঠিক তেনেদৰে বিদ্যালয় তথা অংগনৱাড়ী কেন্দ্ৰসমূহলৈ এই আঁচনিৰ সুবিধা প্ৰদানৰ দিশত ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰ প্ৰদানেৰে দৃঢ়তাৰে কাম-কাজ চলাই আছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তিনি মাহত ৰাজ্য চৰকাৰে তিনিটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নতুন সংমণ্ডল গঠন কৰাৰ উপৰি প্ৰতিমাহতে তেখেতে নিজেও উপায়ুক্তসকলৰ সৈতে আঁচনিখনৰ বিভিন্ন দিশ ত্বৰান্বিত কৰাৰ বাবে পৰ্যালোচনা কৰি আছে বুলি তেওঁ কয়। আঁচনিখনৰ অধীনত ২০২৪ চনৰ ভিতৰত ১০০ শতাংশ গ্ৰামাঞ্চলৰ পৰিয়ালক নলৰ জৰিয়তে পানী যোগানৰ লক্ষ্য লোৱা হৈছে যদিও নিৰ্ধাৰিত সময়ৰ আগতেই অসমেও এই লক্ষ্যত উপনীত হ’ব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সামগ্ৰিক উন্নয়নৰ ওপৰত আৰোপ কৰা গুৰুত্বৰ বাবে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহে বিভিন্ন ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ বিষয়সমূহো আলোকপাত কৰে। জলশক্তি মন্ত্ৰালয়ৰ খোৱাপানী আৰু অনাময় দপ্তৰৰ সচিব পংকজ কুমাৰে আদৰণী ভাষণ দিয়া আজিৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জল জীৱন মিছনৰ ওপৰত প্ৰদান কৰা ভিডিঅ’ ভাষণ এটাও প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰীয় জলজীৱন মিছনৰ অতিৰিক্ত সচিব তথা অভিযান সঞ্চালক ভৰতলালে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যই জলজীৱন মিছন ৰূপায়ণৰ দিশত লাভ কৰা অগ্ৰগতি তথা এই দিশত কৰণীয় দিশসমূহ সামৰি এক প্ৰেজেন্টেচনো আগবঢ়ায়। আজিৰ সন্মিলনত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীসকল ক্ৰমে ৰঞ্জিত কুমাৰ দাস, ৱাংকি লোৱাং, লোছি দিখো, ৰেনিকটন লিংডো টংপাৰ, পু টনলুয়া, জেকভ জিমোমি, সুশান্ত চৌধুৰী আৰু ছিকিমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰধান সচিব তথা জলজীৱন মিছনৰ অভিযান সঞ্চালককে ধৰি অন্যান্য বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here