Home Main Stories নিজে পঢ়া বিদ্যালয়ত ভৰি দি নষ্টালজিক শিক্ষামন্ত্ৰী ৰনোজ পেগু:মেট্ৰিক উত্তীৰ্ণৰ প্ৰমান পত্ৰ...

নিজে পঢ়া বিদ্যালয়ত ভৰি দি নষ্টালজিক শিক্ষামন্ত্ৰী ৰনোজ পেগু:মেট্ৰিক উত্তীৰ্ণৰ প্ৰমান পত্ৰ গ্ৰহন কৰিলে শিক্ষামন্ত্ৰীয়ে

340
0

গণবাৰ্তা বিশেষ, যোৰহাট, ১৯ জুন : হাইস্কুলীয়া জীৱনৰ সকলোতকৈ মনোৰম সময় বিদ্যালয়ত কটোৱা সময় সমূহ| যিবোৰক হয়তো কোনেও আজি লৈকে পাহৰিব পৰা নাই| ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ ক্ষেত্ৰতো আজি দেখা গ’ল একেই অৱস্থা| আজি চৰকাৰী ভ্ৰমন সুচী লৈ যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰীজন পুৱা উপস্থিত হয় যোৰহাটৰ শংকৰদেৱ চেমিনাৰী বিদ্যালয়ত| শিক্ষানুষ্ঠান খনলৈ সোমোৱাৰ পূৰ্বেই শিক্ষানুস্থানৰ গেটত আঠুকাঢ়ি সেৱা লয় মন্ত্ৰী ৰনোজ পেগুৱে| মন্ত্ৰী জনে আঠুকাঢি সেৱা কৰা দৃশ্যই আৱেগিক কৰি তোলে উপস্থিত বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আন সকলোকে| সুদীৰ্ঘ ৪৩ বছৰৰ মূৰত নিজে পঢ়া বিদ্যালয় খনত উপস্থিত হৈ আবেগিক হৈ পৰে মন্ত্ৰী গৰাকী।বিদ্যালয় খন ভালদৰে নিৰীক্ষন কৰে মন্ত্ৰীজনে| উল্লেখযোগ্য যে ১৯৭৮ চনত ৰনোজ পেগুৱে এই বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল | আজি বিদ্যালয়ত উপস্থিত হৈ তেওঁ পঢ়া শ্ৰেণীকোঠাৰ লগতে ডেক্স বেঞ্চ সমূহ পৰিদৰ্শন কৰি নষ্টালজিক হৈ পৰে শিক্ষা মন্ত্ৰী জন| বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী নিৱেদিতা বৰুৱাৰ পৰা তেওঁ আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উৰ্তীণৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰে| ইয়াৰ পিছতে  বিদ্যালয় খনৰ বিভিন্ন  অভাৱ অভিযোগ সম্পৰ্কে বুজ লৈ সমস্যা সমূহ সমাধানৰ ব্যৱস্থা কৰা হব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে| আনহাতে পৰৱৰ্তী সময়ত  সাংবাদিকৰ আগত বিদ্যালয় খনত পঢ়াৰ সময়ৰ স্মৃতি ৰূমন্থন কৰি কয় যে তেওঁ পঢ়ি থকা সময়ত এখন নাটক লিখি মঞ্চস্থ কৰিছিল| নিজে অভিনয় কৰা নাটক খনৰ বহু স্মৃতিও ৰোমন্থন কৰে মন্ত্ৰী জনে|ইয়াৰ উপৰিও  সেই সময়ৰ আন্ত:বিদ্যালয় ফুটবল টুৰ্ণামেন্টৰ কথাও ৰূমন্থন কৰে সাংবাদিকৰ আগত| বিদ্যালয় খনৰ সেই সময়ৰ প্ৰধান শিক্ষক বিশিষ্ট শিক্ষাবিদ প্ৰয়াত বিমান বৰুৱাৰ স্মৃতি ৰূমন্থন কৰি কয় যে প্ৰধান শিক্ষক গৰাকীৰ আদৰ্শ তেওৰ ব্যক্তিগত জীৱনত যথেষ্ট বেছি আৰু বৰ্তমান সময়তো বৰুৱা দেৱৰ আদৰ্শ সৰোগত কৰি তেওঁ কাম কৰে বুলি কয়| নিজে পঢ়া শংকৰদেৱ চেমিনাৰীৰ দৰে অসমৰ  শতবৰ্ষ আৰু পঞ্চাছ বছৰ অতিক্ৰম কৰা  বিদ্যালয় সমূহৰ আন্তগাঠনি উন্নয়ন কৰা হব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী জনে| তেওঁ লগতে কয় যে হাইস্কুল শিক্ষান্ত আৰু উচ্চত্বৰ মাধ্যমিক পৰীক্ষাৰ বাতিল কৰাৰ পিছত মুল্যায়ণ কমিটি আজি গঠন কৰা হব| ইয়াৰোপৰি চৰকাৰী অসমীয়া বিদ্যালয়ৰ উত্তৰনৰ বাবেও ব্যৱস্থা লব বুলি সদৰী কৰে শিক্ষামন্ত্ৰী জনে|

LEAVE A REPLY

Please enter your comment!
Please enter your name here