Home অসম সময়সীমা উকলাৰ পিছতো সামাজিক মাধ্যমত প্ৰচাৰ : দুই বিৰোধী প্ৰাৰ্থীক কাৰণ দৰ্শোৱাৰ...

সময়সীমা উকলাৰ পিছতো সামাজিক মাধ্যমত প্ৰচাৰ : দুই বিৰোধী প্ৰাৰ্থীক কাৰণ দৰ্শোৱাৰ জাননী

201
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ মাৰ্চ ঃ কাইলৈ মাজুলী সমষ্টিৰ বাবে উপ-নিৰ্বাচনত অনুষ্ঠিত হ’ব যদিও নিৰ্বাচন অনুষ্ঠিত হোৱাৰ এদিন আগতে নিৰ্বাচনী বিষয়াই বিৰোধী দুই প্ৰাৰ্থীৰ বিৰুদ্ধে আদৰ্শ আচৰণ বিধি ভংগৰ অভিযোগ উত্থাপন কৰি কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে৷ ৯৯নং মাজুলী বিধানসভা সমষ্টিৰ এছ ইউ চি আই [চি] দলৰ প্ৰাৰ্থী ভাইটি ৰিচং আৰু এজেপি দলৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰা হৈছে৷ জিলা নিৰ্বাচনী বিষয়াই অভিযোগ কৰা অনুসৰি পাঁচ মাৰ্চৰ বিয়লি পাঁচ বজাত নিৰ্বাচনৰ সময়সীমা ওকলাৰ পিছত চিত্তৰঞ্জন বসুমতাৰীয়ে ফেচবুক পেজৰ যোগেদি সন্ধিয়া ৬.৫০ বজাত প্ৰচাৰ অব্যাহত ৰাখিছিল৷ একেদৰে উক্ত দিনা নিশা ১০.১৯ বজাত অসম জাতীয় পৰিষদৰ টুইটাৰ একাউণ্টৰ যোগেদি পোষ্ট কৰা হৈছিল৷ তদুপৰি আজি পুৱা ১১.১৯ বজাতো টুইটাৰ হেণ্ডেলযোগে প্ৰচাৰ কৰা হৈছে৷ যি জনপ্ৰতিনিধি আইন ১৯৫১১ ১২৬ [বি] ধাৰা উলংঘন কৰিছে৷ একেদৰে এছইউচিআই [চি] দলৰ প্ৰাৰ্থী ভাইটি ৰিচঙৰ বিৰুদ্ধেও একেই অভিযোগ উত্থাপন কৰা হৈছে৷ সময়সীমা ওকলাৰ পিছত ভাইটি ৰিচঙৰ ফেচবুকৰ একাউণ্টৰ পৰা সন্ধিয়া ৬.২৫ আৰু জ্জ.৪৯ বজাত প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰি কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here