Home Main Stories এতিয়া উত্তৰ-পূবৰ পদূলিত দিল্লী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৮ বছৰীয়া কাৰ্যকালক লৈ মুখ্যমন্ত্ৰীৰ...

এতিয়া উত্তৰ-পূবৰ পদূলিত দিল্লী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৮ বছৰীয়া কাৰ্যকালক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা–মোদীৰ সুশাসনৰ ফলত আগুৱাই গৈছে উত্তৰ-পূব

124
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী,১ জুন ঃ পূৰ্বতে দিল্লীৰ পদূলিত উত্তৰ-পূব থিয় হৈ থাকিবলগীয়াত পৰিছিল৷ উত্তৰ-পূবৰ সমস্যা সম্পৰ্কে দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী বা প্ৰধানমন্ত্ৰীক লগ কৰি জনাবলৈ হ’লে দুই-তিনিদিন অপেক্ষা কৰিবলগীয়াত পৰিছিল৷ কিন্তু এতিয়া আৰু সেই পৰিৱেশ নাই৷ বিজেপি চৰকাৰ অহাৰ পিছতে দিল্লীৰ পদূলিত উত্তৰ-পূব ৰৈ থাকিবলগীয়া হোৱা নাই৷ এতিয়া দিল্লী নিজেই উত্তৰ-পূবৰ পদূলিত৷ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আঠ বছৰীয়া কাৰ্যকালক লৈ সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে উল্লেখ কৰাৰ লগতে মোদীৰ সু-শাসনৰ ফলতে উত্তৰ-পূবৰ বিকাশ ঘটিছে আৰু পৰিস্থিতি পৰিৱৰ্তন হৈছে বুলি উল্লেখ কৰে৷ আজি হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সু-শাসনৰ প্ৰশংসা কৰি কয় যে বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সু-শাসনৰ ফলতেই উত্তৰ-পূবৰ বৈপ্লৱিক পৰিৱৰ্তন সম্ভৱ হৈছে৷ যাৰ বাবে অসমবাসীৰ হৈ ৰাজ্যিক বিজেপি কৃতজ্ঞ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসন হৈছে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্তে্যাদয়া মন্ত্ৰৰ আধাৰত যাৰ অৰ্থ হৈছে শেষৰ শাৰীত বহা বা থিয় হৈ থকাজনৰ বাবেও সমান সুবিধা আৰু সমান অধিকাৰ৷ প্ৰধানমন্ত্ৰীৰ আঠবছৰীয়া কাৰ্যকালত দেশে যি পৰিৱৰ্তন সাধন কৰিছে সেয়া অতুলনীয়৷ প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনাৰ অধীনত জ্জ্ব কোটি বিনামূলীয়া চাউল লাভ কৰিছে৷ ক’ভিডৰ সময়ত ১৯০ কোটি ভেকচিন লাভ কিৰছে৷ অসমত চ্ছ্ৰ কোটি লোকে এই ভেকচিন লাভ কৰিছে৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গ্ৰাম্য অঞ্চলত ২.০৩ কোটি লোকে গৃহ লাভ কৰাৰ বিপৰীতে নগৰ অঞ্চলত ৰ.২২ কোটি লোকে গৃহ নিৰ্মাণৰ সুবিধা লাভ কৰিছে৷ তদুপৰি অনাময় আঁচনিৰ যোগেদি আঠ বছৰত ১১.২২ কোটি শৌচালয় নিৰ্মাণ কৰা হৈছে৷ প্ৰধানমন্ত্ৰীৰ স্ব-নিয়োজন আঁচনিৰ সহায়ত ক’ভিডৰ পিছত ৩ লাখ পদপথৰ ব্যৱসায়ীয়ে বেংকৰ পৰা ৰাজসাহায্যত ঋণ লাভ কৰি নিজকে সংস্থপিত কৰিব পাৰিছে৷ আয়ুস্মান ভাৰতৰ অধীনত ১৮ কোটি লোকে বছৰি প্ত লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত ১৫খন নতুন এইমছ আৰু ২০০তকৈ অধিক হাস্পতাল নিৰ্মাণ কৰা হৈছে৷ প্ৰতিখন ব্লকতে হেল্‌থ কেয়াৰ চেণ্টাৰ নিৰ্মাণ কৰা হৈছে৷ তদুপৰি কৃষকৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ দেশৰ প্ৰায় ১১.৩০ কোটি কৃষকে প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ অধীনত ধন লাভ কৰিছে৷ তদুপৰি এমএছপিৰ জৰিয়তে কৃষকক সকাহ দিবলৈ যত্ন কৰা হৈছে৷ উৎপাদনতকৈ ৰ.প্ত শতাংশ মূল্যত এমএছপি নিৰ্ধাৰণ কৰা হৈছে৷ সাৰৰ ওপৰত ৰাজ সাহায্য লাভ কৰিছে কৃষকে৷ আনহাতে, প্ৰধানমন্ত্ৰীৰ জ্জ্ব বছৰীয়া কাৰ্যকালত আন্তঃগাঁথনিক নতুন ৰূপ দিয়াত চেষ্টা চলোৱা হৈছে৷ পূৰ্বৰ চৰকাৰৰ দিনত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ গতি যথেষ্ট লেহেমীয়া আছিল৷ কংগ্ৰেছ চৰকাৰৰ দিনত ২০১৩-১৪ চনত প্ৰতিদিনে ১২ কিলোমিটাৰ ঘাইপথ নিৰ্মাণ কৰা হৈছিল৷ এতিয়া প্ৰতিদিনে ৩৭ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হয়৷ স্থলমাৰ্গৰ লগতে আকাশমাৰ্গৰ উন্নয়নৰ ক্ষেত্ৰতো মোদীৰ কাম-কাজৰ প্ৰশংসা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মোদীৰ কাৰ্যকালত ৮০টাকৈ বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে৷ দেশ জ্জ্ব.২ বিকাশৰ হাৰত দেশৰ শক্তিশালী অৰ্থনীতিলৈ পৰিণত হৈছে৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ থকা দৃষ্টিৰ বাবে প্ৰশংসা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত উত্তৰ-পূৰ্বাঞ্চলৰ জীৱনলৈ পৰিৱৰ্তন আহিছে৷ উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যত ৰে’লপথ সংযোগ কৰা হৈছে৷ বগীবিল দলং আৰু সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকা সেতু মুকলি কৰা হৈছে৷ যি অসমৰ ৰাইজৰ বাবে ইতিবাচক দিশ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ আজিৰ সংবাদমেলত মুখ্যমন্ত্ৰীৰ সৈতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here