Home Main Stories লেখাপানীৰ ৭ নং ভাৰতীয় সেনাই অস্ত্ৰসহ আটক কৰে এন এছ চি এন...

লেখাপানীৰ ৭ নং ভাৰতীয় সেনাই অস্ত্ৰসহ আটক কৰে এন এছ চি এন (আৰ) কেডাৰ

185
0

শৰৎ গগৈ, লেখাপানী, ১৫ মে : অসম অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চল জাগুনত উগ্ৰপন্থী বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে ভাৰতীয় সেনা আৰু আৰক্ষীয়ে । কেইদিনমানৰ পূৰ্বে জাগুন অঞ্চলৰ কথা আদৰ্শ হাজং গাঁৱত এটি ১২ বছৰীয়া শিশু গেনেড বিস্ফোৰণ হৈ কৰুণ মৃত্যুক সাৱটি লোৱাত উগ্ৰপন্থীৰ বিৰুদ্ধে সমগ্ৰ অঞ্চলটোত ভাৰতীয় সেনা আৰু আৰক্ষী প্ৰশাসনে অভিযান চলাই উক্ত ঘটনাৰ লগত জড়িত থকা উগ্ৰপন্থী আটক কৰাৰ অভিযান চলাই থকাৰ মাজতেই শুক্ৰবাৰে এন এছ চিন এন (আৰ) এজন দুধর্ষ কেডাৰ অস্ত্ৰ সহ আটক কৰিবলৈ সক্ষম হয় লেখাপানী স্থিত ভাৰতীয় সেনা ৭ নং বেটেলিয়নৰ এটা বৃহৎ দলে । ভাৰতীয় সেনাই দুদিন ধৰি অভিযান চলাই জাগুন অৰুণাচল প্ৰদেশৰ সীমান্ত লাকলা কাংকান গাঁৱৰ লক্ষীকান্ত কুম্বাং (২৯) নামৰ এজন দুধর্ষ এন এছ চি এন (আৰ) সদস্য আটক কৰিবলৈ সক্ষম হয় । আটক কৰা ধৃত সদস্য জনৰ লগত ৭.৬৫ এম এমৰ এটা সক্ৰিয় পিষ্টল, তিনিটা সজীৱ গুলি, এটা মোবাইলৰ লগতে অন্যান্য যাবতীয় নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে ভাৰতীয় সেনা ৭ নং বেটেলিয়নে অস্ত্ৰ সহ উগ্ৰপন্থী জনক লেখাপানী আৰক্ষী থানাত চমজাই দিয়ে । লেখাপানী আৰক্ষী বিভাগে উগ্ৰপন্থী জনক জেৰা চলোৱা উপৰিও তিনিচুকীয়া জিলাৰ জেল সাজোঁটলৈ প্ৰেৰণ কৰা ব্যৱস্থা হাতত লয় বুলি জানিব পৰা গৈছে । আনহাতে ভাৰতীয় সেনাই জনোৱা মতে আটক কৰা উগ্ৰপন্থী জন ২০০৯ চনত প্ৰতিষ্ঠা হোৱা অন্য এক সংগঠন “লিবাৰেল ডেমক্ৰেচি কাউঞ্চিল অৱ মিছিং লেণ্ড” নামৰ সংগঠনটোত পাঁচ মাহ ধৰি সক্ৰিয় সদস্য হিচাপে কাৰুকার্য চলাই আছিল বুলি জানিব দিয়ে । নতুন সংগঠনটোত সক্ৰিয় সদস্য হিচাপে যোগদান কৰি নামচাই, অৰুণাচল, জাগুন অঞ্চলত সংগঠনটোৰ হকে সংগঠিনক কাম সমূহ চলাই যোৱা বুলি আটক কৰা সদস্য জনে নিজ মুখে জানিবলৈ দিয়ে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here