Home Uncategorized ঋণৰ গৰাহত কৃষক, এনএছঅ’ৰ উদ্বেগ জনক প্ৰতিবেদন : ৫০ শতাংশ কৃষকৰ পৰিয়ালৰ...

ঋণৰ গৰাহত কৃষক, এনএছঅ’ৰ উদ্বেগ জনক প্ৰতিবেদন : ৫০ শতাংশ কৃষকৰ পৰিয়ালৰ গড়ে ৭৪,১২১ টকাৰ ঋণ

114
0

নতুন দিল্লী, ১১ ছেপ্টেম্বৰ : ২০১৯ত কৃষিৰ সৈতে জড়িত ৫০ শতাংশতকৈও অধিক পৰিয়াল ঋণৰ গৰাহত আছিল বুলি ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় শ্চএন এছ অ’গ্গয়ে প্ৰকাশ কৰিছে। এই বৰ্ষটোত ৫০ শতাংশতকৈ  অধিক পৰিয়ালৰ ঋণৰ গড় পৰিমাণ আছিল ৭৪,১২১ টকা। এন এছ অ’ৱে এক অধ্যয়ন চলাই প্ৰকাশ কৰিছে যে তেওঁলোকৰ মুঠ ঋণৰ ৬৯.৬ শতাংশ বেংক ঋণ থকৰ বিপৰীতে ২০.৫ শতাংশ ঋণ মহাজনৰ পৰা লৈছিল। প্ৰকাশিত তথ্য অনুসৰি ৫৭.৫ শতাংশ ঋণ কৃষিৰ উদ্দেশ্যেৰে কৃষকসকলে লৈছিল। ২০১৯ত ঋণ লোৱা কৃষক পৰিয়ালৰ সংখ্যা আছিল ৫০.২ শতাংশ। তেওঁলোকৰ প্ৰতিবেদন অনুসৰি কৃষি বৰ্ষ ২০১৮-১৯ শ্চজুলাই-জুনগ্গৰ সময়ছোৱাত প্ৰতি কৃষক পৰিয়ালৰ মাহেকীয়া আয় আছিল ১০,২১৮ টকা। দৈনিক মজুৰি কৰা কৃষক পৰিয়ালৰ  মাহেকীয়া আয় আছিল ৪,০৬৩ টকা। প্ৰতিবেদন অনুসৰি দেশত কৃষক পৰিয়ালৰ সংখ্যা প্ৰায় ৯.৩ কোটি। ইয়াৰে অ’বিচি-৪৫.৮ শতাংশ, অনুসূচিত জাতি ১৫.৯ শতাংশ, অনুসূচিত জনজাতি ১৪.২ শতংশ আৰু অন্যান্য ২৪.১ শতাংশ আছে। সংস্থাটোৰ জৰীপ অনুসৰি গাঁওবোৰত বাস কৰা অনা-কৃষকৰ পৰিয়ালৰ সংখ্যা ৭.৯ শতাংশ বুলি অনুমান কৰা হৈছে।  আনহাতে এই ৮৩.৫ শতাংশ গ্ৰামীণ পৰিয়ালৰ হাতত ১ হেক্টৰকৈ ভূমি আছে। কেৱল ০.২ শতাংশৰ হাততহে ১০ হেক্টৰতকৈ অধিক ভূমি আছে। সংস্থাটোৰ প্ৰতিবেদন অনুসৰি ২০১৮ জুলাই-ডিচেম্বৰৰ সময়ছোৱাত ৰাষ্ট্ৰীয় গড় বকেয়া ঋণ ৭৪,১২১ টকা আছিল। অন্ধপ্ৰদেশত সবাতোকৈ অধিক ২.৪৫ লাখ টকা আৰু নাগালেণ্ডত সৰ্বনিম্ন ১,৭৫০ টকা আছিল। ২৮খন ৰাজ্যৰ জৰীপ চলাই এন এছ অ’ৱে এই প্ৰতিবেদন প্ৰকাশ কৰিছে। ইয়াৰে ১১ ৰাজ্য ক্ৰমে— অন্ধপ্ৰদেশ, কেৰালা, পঞ্জাব, হাৰিয়ানা, তেলেংগানা, কৰ্নাটক, ৰাজস্থান, তামিলনাডু, হিমাচল প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু মধ্য প্ৰদেশত ২০১৮ৰ প্ৰতি পৰিয়ালৰ গড় বকেয়া ঋণৰ ৰাষ্ট্ৰীয় হাৰতকৈও অধিক আছিল। ৩খন ৰাজ্য ক্ৰমে— অন্ধ প্ৰদেশ (২.৪৫ লাখ টকা), কেৰেলা (২.৪২ লাখ টকা) আৰু পঞ্জাব (২.৩ লাখ টকা)ৰ প্ৰতি কৃষক পৰিয়ালৰ গড় বকেয় ঋণ ২ লাখতকৈও অধিক আছিল। আনহাতে, ৫ ৰাজ্য ক্ৰমে হাৰিয়ানা (১.৮২ লাখ টকা), তেলেংগানা (১.৫২ লাখ টকা), কৰ্নাটক (১.২৬ লাখ টকা), ৰাজস্থান (১.১৩ লাখ টকা) আৰু তামিলনাডু (১.০৬ লাখ টকা)ৰ কৃষক পৰিয়ালৰ গড় ঋণ ১ লাখতওৈ অধিক আছিল। ২০১৩ৰ পৰা ২০১৮ৰ ভিতৰত ২৫ ৰাজ্যৰ প্ৰতি কৃষক পৰিয়ালৰ গড় বকেয়া ঋণ ১৩.৫ শতংশৰ পৰা বৃদ্ধি কৰা হয়গৈ (৭০৯ শতাংশ)। আনহাতে, ৩খন ৰাজ্য ক্ৰমে তামিলনাডু (-৮ শতাংশগ্গ, মণিপুৰ )-১০ শতাংশ আৰু অৰুণাচল প্ৰদেশ (৩৪ শতাংশ)ৰ কৃষক পৰিয়ালৰ ঋণ হ্ৰাস পায়। ১৬খন ৰাজ্যত ৰাষ্ট্ৰীয় হাৰ ৫৭.৭ শতাংশতকৈ অধিক বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ইয়াৰে ১০ৰ পৰা ১০০ শতাংশলৈ ঋণৰ বকেয়া বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ভিতৰত আছে মিজোৰাম (৭০৯ শতাংশ), অসম (৩৮২ শতাংশ), ত্ৰিপুৰা (৩৭৮ শতাংশ), ছিকিম (২২৫ শতাংশ), হিমাচল প্ৰদেশ (২০৯ শতাংশ), নাগালেণ্ড (১৯১ শতাংশ), জম্বু-কাশ্মীৰ (১৪৯ শতাংশ), মধ্যপ্ৰদেশ (১৩১ শতাংশ), হাৰিয়ানা (১৩১ শতাংশ) আৰু ছত্তীশগড় (১১০.২৩ শতাংশ)।

LEAVE A REPLY

Please enter your comment!
Please enter your name here