এম মহিবৰ ৰহমান, নলবাৰী, ৩ ছেপ্তেম্বৰ : বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে আজি দিনজোৰা কাৰ্যসূচীৰে সংসদীয় সমষ্টিটোৰ অন্তৰ্গত ধৰ্মপুৰ সমষ্টিৰ ভালেমান চৰকাৰী আঁচনি পৰিদৰ্শন কৰাৰ লগতে কে’বাটাও ৰাজহুৱা অনুষ্ঠানৰ খা-খবৰ লৈ অনুষ্ঠানসমূহৰ বিষয়ববীয়াৰ সৈতে আলোচনাত মিলিত হয়। সাংসদগৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিহামপুৰ পানী যোগান আঁচনি, বাটসৰ পানী যোগান আঁচনি দুটা পৰিদৰ্শন কৰে। আঁচনি দুটা পৰিদৰ্শন কালত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বেলশৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা গোবিন্দ ওজা, পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া বেদান্ত বৰুৱা, প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি ৰাতুল পাটোৱাৰীৰ উপৰি চৰকাৰী বিষয়া উপস্থিত থাকে। তদুপৰি একালৰ বিশিষ্ট সাংবাদিক সাংসদ খালেকে বিহামপুৰৰ প্ৰেৰণা পুথিভঁৰালত উপস্থিত হৈ পুথিভঁৰালটোত বহু সময় কটায়। প্ৰেৰণা পুথিভঁৰালটোৰ ইতিবৃত্ত জানি লয় পুথিভঁৰালটোৰ প্ৰতিষ্ঠাপক তথা মুখ্য পৰিচালক দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ লগত আলোচনা কৰি। পুথিভঁৰালটোত থকা কে’বাখনো কিতাপ হাতত লৈ চকু ফুৰাই গ্ৰন্থৰ মাজত সোমাই পৰে সাংসদগৰাকী। সাংসদ খালেকে প্ৰেৰণা পুথিভঁৰালৰ জ্যেষ্ঠ পৰিচালক হিমাদ্ৰী মেধি, সুশীল মালাকৰ, মামণি দেৱী, প্ৰেৰণা পুথিভঁৰালৰ সৰুক্ষেত্ৰী শাখাৰ মুখ্য পৰিচালক নিপন কুমাৰ ডেকা তথা প্ৰেৰণা পুথিভঁৰালৰ পৰিচালক মণ্ডলীৰ প্ৰায় কুৰিগৰাকী সদস্যৰ লগত বিদ্যায়তনিক দিশ সন্দৰ্ভত আলোচনাত মিলিত হয়। ইপিনে, সাংসদগৰাকীয়ে চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদতো উপস্থিত হৈ ৰূপকোঁৱৰ কলা পৰিষদৰ বিষয়ববীয়াৰ সৈতে এক দীঘলীয়া আলোচনাত মিলিত হৈ ৰূপকোঁৱৰ কলা পৰিষদক সাংসদ পুঁজিৰ পৰা সহায় কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। ইপিনে শুকুৰবাৰে পুৱতি নিশা আকস্মিকভাৱে মৃত্যু হোৱা বৰক্ষেত্ৰী বৰ্ণি গাঁৱৰ কৃতী শিক্ষয়িত্ৰী নীলিমা বেগমৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালৰ খা-খবৰ লৈ পৰিয়ালটোক সমবেদনা জনায়। সাংসদগৰাকীৰ দিনজোৰা ধৰ্মপুৰ সমষ্টিৰ বিভিন্ন ঠাই ভ্ৰমণ কালত প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভাপতি ৰাতুল পাটোৱাৰী উপস্থিত থাকে। সাংসদগৰাকীয়ে ধৰ্মপুৰ সমষ্টিৰ কে’বাটাও ৰাজহুৱা অনুষ্ঠানত সাংসদ পুঁজিৰ অনুদান আগবাঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।
Home স্থানীয় ধৰ্মপুৰ সমষ্টিত চৰকাৰী আঁচনি পৰিদৰ্শন সাংসদ আব্দুল খালেকৰ , বিহামপুৰৰ প্ৰেৰণা পুথিভঁৰালত...