Home বৰপেটা বৰপেটাত জিলা উপায়ুক্তৰ ব্যতিক্ৰমী পদক্ষেপ : লটাৰী যোগে একেদিনাই পঞ্চায়তৰ ২৮২ বিষয়া-কৰ্মচাৰীক...

বৰপেটাত জিলা উপায়ুক্তৰ ব্যতিক্ৰমী পদক্ষেপ : লটাৰী যোগে একেদিনাই পঞ্চায়তৰ ২৮২ বিষয়া-কৰ্মচাৰীক বদলি

170
0



পুলেন্দ্ৰ দাস, বৰপেটা, ২৬ ছেপ্তেম্বৰ ঃ
বৰপেটা জিলাৰ গাঁও পঞ্চায়তসমূহত দুবছৰৰ অধিক সময় ধৰি একেঠাইতে কাম কৰি থকা ঠিকাভিত্তিক ২৮২জন বিষয়া-কৰ্মচাৰীক একেদিনাই বদলি কৰা হৈছে৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি প্ৰথমবাৰৰ বাবে লটাৰীযোগে কৰ্মচাৰীসকলৰ বদলিৰ স্থান নিশ্চিত কৰা হয়৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে, জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূচালৰ নেতৃত্বত গঠিত এখন উচ্ছ পৰ্যায়ৰ সমিতিৰ পৰিচালনাত যোৱা শনিবাৰে এই উদ্দেশ্যে অনুষ্ঠিত লটাৰীযোগে কৰ্মচাৰীসকলৰ নতুন কৰ্মস্থলী নিশ্চিত কৰা হয়৷ উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে বিভিন্ন বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী বদলিৰ ক্ষেত্ৰত উপায়ুক্তসকলক ক্ষমতা প্ৰদানৰ বাবে লোৱা সিদ্ধান্ত অনুসৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত বিভিন্ন গাঁও পঞ্চায়তত ঠিকাভিত্তিক নিয়োজিত হৈ থকা বিষয়া- কৰ্মচাৰীসকলৰ বদলিৰ বাবে উপায়ুক্তক সভাপতি আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক সদস্য সচিব হিচাপে লৈ এখন চাৰিজনীয়া সমিতি গঠন কৰি দিয়ে৷ যোৱা শুকুৰবাৰে জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সভাকক্ষত অনুষ্ঠিত সমিতিৰ বৈঠকত উপায়ুক্ত আৰু মুখ্য কাৰ্যবাহী বিষয়াৰ উপৰি ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ কাৰ্যালয়ৰ যুটীয়া সচিব ললিতা দেৱী সদস্য হিচাপে উপস্থিত থাকে৷ তদুপৰি সংশ্লিষ্ট উন্নয়ন খণ্ডৰ বিষয়াগৰাকীকো সমিতিৰ সদস্য হিচাপে ৰখা হয়৷ এই বৈঠকত সমগ্ৰ বিষয়টোৰ স্বচ্ছতা ৰক্ষাৰ স্বাৰ্থত লটাৰীযোগে বদলিৰ স্থান নিশ্চিত কৰা হয়৷ সেই অনুসৰি বিভিন্ন পঞ্চায়তত যোৱা দুবছৰৰ অধিক দিন একেঠাইতে নিয়োজিত হৈ থকা ৭৩জন স্বীকৃতিপ্ৰাপ্ত অভিযন্তা, ৭১জন গাঁও পঞ্চায়ত সমন্বয়ক, ৯১জন গাঁও পঞ্চায়ত ৰোজগাৰ সহায়ক, ২৪জন হিচাপ সহায়ক, ১৬জন কম্পিউটাৰ সহায়ক আৰু জ্জজন খণ্ড আঁচনি প্ৰবন্ধকক একেদিনাই একেটা নিৰ্দেশৰ ভিত্তিত বদলি কৰা হয়৷ স্বচ্চতা ৰক্ষাৰ স্বাৰ্থত সমগ্ৰ লটাৰী প্ৰক্ৰিয়াৰ ভিডিঅ’ ৰেকৰ্ডিং কৰা হয়৷ ইমান বৃহৎসংখ্যক বিষয়া-কৰ্মচাৰীক সম্পূৰ্ণ নীতিগতভাৱে কৰা বদলি কৰা কাৰ্যৰ বাবে উপায়ুক্তগৰাকীক প্ৰশংসা কৰে সচেতন মহলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here