✍️ ভাস্কৰজ্যোতি কুটুম
সৈনিক জোৱান,
জম্মু আৰু কাশ্মীৰ।
তামিলনাডুৰ নীলগিৰিত আজি এক ভয়ংকৰ দুৰ্ঘটনা পতিত হয়। সৈনিকৰ বাবে এই অতিকৈ মৰ্মান্তিক। কিয়নো দেশৰ সুৰক্ষাৰ বাবে নিজৰ আত্মবলিদান দি অহা সৈনিক আজি হেলিকেপ্টাৰ দূৰ্ঘটনাত মৃত্যু হ’ব ল’গা হয়। নিয়তিৰ ইচ্ছা যিহেতু মানুহ কোন কেনেকৈ মৃত্যু হ’ব লাগিব কোনোৱেই জ্ঞাত নহয়। আজি ইয়াৰ প্ৰমাণ পোৱা গৈছে। মই এজন সৈনিক জোৱান হিচাপে বহুত মৰ্মাহত হৈছোঁ। এজন জোৱান হিচাপে শত্ৰুৰ লগত যুজঁ দি প্ৰাণ ত্যাগ কৰিলে গৌৰাম্বিত হওঁ। কিন্তু আজি সমগ্ৰ দেশে এক বহুত ডাঙৰ লোকচান উঠাব লগা হ’ল। আৰ্মীৰ চিফ লগতে চৈধ্যজন বিষয়াই চৰকাৰী কামৰ কাৰণে হেলিকেপ্তাৰে ভ্ৰমণ কৰি থকা অৱস্থাত এই দূৰ্ঘটনাৰ সন্মুখীন হ’ব লগা হ’ল। এই ঘটনাই আৰ্মীৰ লগতে ভাৰত বুৰঞ্জীত এক বিৰল ঘটনা হিচাপে লিপিবদ্ধ হৈ ৰ’ব। যিকি নহওঁক সকলোবোৰ ভগৱানৰ ইচ্ছা। সেয়ে দুখ কৰাতকৈ তেওঁলোকৰ বিদেহী আত্মাৰ সদ্ গতি কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। তদুপৰি আঘাত প্ৰাপ্ত সকলোৰে অতি সোনকালে সুস্থ হোৱাৰ কামনা কৰিছোঁ।
■◆★◆■