Home অসম পূৰ্বৰ তুলনাত বৃদ্ধি হিন্দু কয়দীৰ সংখ্যা, এনচিআৰবিৰ প্ৰতিবেদন : দেশৰ কাৰাগাৰত হ্ৰাস...

পূৰ্বৰ তুলনাত বৃদ্ধি হিন্দু কয়দীৰ সংখ্যা, এনচিআৰবিৰ প্ৰতিবেদন : দেশৰ কাৰাগাৰত হ্ৰাস পাইছে মুছলমান কয়দীৰ সংখ্যা

106
0


নতুন দিল্লী, ৫ ছেপ্টেম্বৰ ঃ
দেশৰ কাৰাগাৰসমূহত ক্ৰমাৎ মুছলমান কয়দীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে৷ এফালে যদি মুছলমান কয়দীৰ সংখ্যা কাৰাগাৰত হ্ৰাস পাবলৈ ধৰিছে আনফালে আকৌ হিন্দু কয়দীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ এই কথা প্ৰকাশ পাইছে নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো চমুকৈ এনচিআৰবিৰ ২০২১ৰ প্ৰতিবেদন৷ তেওঁলোকৰ প্ৰতিবেদন অনুসৰি দেশৰ কাৰাগাৰসমূহত ২০২১ত মুছলমান কয়দীৰ সংখ্যা হয় ১৮.জ্জ শতাংশ৷ তাৰ বিপৰীতে ২০২০ত মুছলমান কয়দীৰ সংখ্যা আছিল ২০.২ শতাংশ৷ আনহাতে, দেশৰ কাৰাগাৰসমূহ হিন্দু কয়দীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ ২০২০ত কাৰাগাৰসমূহত হিন্দু কয়দীৰ সংখ্যা আছিল ৭২.জ্জ্ব শতাংশ৷ কিন্তু ২০২১ত ইয়াৰ সংখ্যা বৃদ্ধি পায় হয়গৈ ৭৩.৬ শতাংশ৷ একেদৰে এনচিআৰবিৰ প্ৰতিবেদক অনুসৰি শিখ কয়দীৰ সংখ্যা বৃদ্ধি পাইছে৷ কিন্তু খ্ৰীষ্টান কয়দীৰ সংখ্যা হ্ৰাস পাইছে৷ তেওঁলোকৰ প্ৰতিবেদন অনুসৰি উত্তৰ প্ৰদেশৰ কাৰাগাৰত সৰ্বাধিক শিক্ষিত কয়দী আছে৷ উত্তৰ প্ৰদেশৰ কয়দীসকলক কম্পিউটাৰকে ধৰি কৌশল বিকাশৰ শিক্ষা প্ৰদান কৰা হৈছে৷ ২০২১ত কাৰাগাৰসমূহত বন্দী হৈ থকা চ্ছ্ৰ,১০১জন কয়দীক কাৰাগাৰৰ ভিতৰতেই প্ৰশিক্ষণ দিয়া হৈছে৷ কাৰাগাৰসমূহত বন্দী হৈ থকা ৬৭১জন কয়দী স্নাতকোত্তৰ আৰু ২,০০২জন কয়দী স্নাতক৷ আনহাতে ৬,০৩৫জন কয়দী ইণ্টাৰমিডিয়েট আৰু ১০,২৪৫ কয়দী হাইস্কুল উত্তীৰ্ণ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here