Home Main Stories লখিমপুৰৰ নৈপৰীয়া অঞ্চল সমূহত পৰ্যবেক্ষণ কৰিলে জলসম্পদ পীযুজ হাজাৰিকাই

লখিমপুৰৰ নৈপৰীয়া অঞ্চল সমূহত পৰ্যবেক্ষণ কৰিলে জলসম্পদ পীযুজ হাজাৰিকাই

213
0

গণবাৰ্তা, লক্ষীমপুৰ,,২৯ মে : লখিমপুৰ জিলাৰ অন্তৰ্গত ঘূণাসুঁতি, বাধাকাৰা,হৰিদাস, খবলু, জেংৰাই শিঙিমাৰী আদি কেইবাটাও নৈপৰীয়া অঞ্চলত উপস্থিত হৈ নাওঁৰ সহায়েৰে অঞ্চলসমূহ পৰ্যবেক্ষণ কৰি স্থানীয় ৰাইজৰ সৈতে তেওঁলোকৰ অভাব-অভিযোগ সমূহৰো বুজ লয় জলসম্পদ পীযুজ হাজাৰিকাই। মন্ত্রী গৰাকীয়ে সকলো সমস্যাকে অতি নিষ্ঠা আৰু ক্ষীপ্ৰতাৰে প্ৰণালীবদ্ধ প্ৰস্তুতিৰে সমাপন কৰাৰ আশ্বাস প্ৰদান কৰে।
আজিৰ পৰ্যবেক্ষণ কালত মন্ত্রীগৰাকীৰ লগত সংগ দিয়ে সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা বিজেপিৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি ফণীধৰ বৰুৱা আৰু জলসম্পদ বিভাগৰ মূখ্য আৰু অতিৰিক্ত মুখ্য অভিযন্ত্ৰাদ্বয় তাৰোপৰি বিভাগীয় বিষয়া সকল ।
উল্লেখযোগ্য যে আজি পৰ্যবেক্ষণ কৰা উক্ত অঞ্চল সমূহৰ ৰাইজৰ সমস্যাৰ প্ৰতি নিষ্ঠা আৰু আগ্ৰহেৰে কাৰ্যপন্থা ল’বলৈ বিভাগৰ বিষয়াক মন্ত্রী গৰাকীয়ে এক নিৰ্দেশ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here