Home ক্ৰীড়া সদৌ অসম আন্ত-জিলা চাব-জুনিয়ৰ বস্কিং চেম্পিয়নশ্বীপত ওদালগুৰিৰ ছোৱালী দলৰ সোণৰ পদক অৰ্জন

সদৌ অসম আন্ত-জিলা চাব-জুনিয়ৰ বস্কিং চেম্পিয়নশ্বীপত ওদালগুৰিৰ ছোৱালী দলৰ সোণৰ পদক অৰ্জন

382
0

গণ বাৰ্তা, ওদালগুৰি,২৯ মাৰ্চ: গোলাঘাট জিলাৰ দেৰগাঁওত যোৱা ২৫ মাৰ্চৰ পৰা ২৭ মাৰ্চলৈ অনুষ্ঠিত ৪২তম সদৌ অসম আন্ত-জিলা বস্কিং চেম্পিয়ন প্ৰতিযোগিতাত ওদালগুৰিৰ ধনেশ্বৰ বসুমতাৰী বস্কিং ট্ৰেইনিং চেন্টাৰে অসমৰ ভিতৰত সোণৰ পদকেৰে শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।প্ৰশিক্ষক ধনেশ্বৰ বসুমতাৰীয়ে জনোৱা মতে ছোৱালীৰ শাখাত হংগালী বসুমতাৰী ৫২কেজি, ৰমৈ কেট্ৰিন মুছাহাৰী ৫৮কেজি, অনঞ্জনা দৈমাৰীয়ে ৩৫ কেজি সোণৰ পদক লাভ কৰি ছোৱালী শাখাত শ্ৰেষ্ঠ দলৰ অধিকাৰ লাভ কৰে। ছোৱালীৰ শাখাত চিলভাৰ পদক লাভ কৰা খেলুৱৈ সকল হ’ল ক্ৰমে-বিৰিণা ৰাভা ৩৭কেজি, অৱন্তী দেৱী চৌহান ৪৩কেজি, হেমা নাৰ্জাৰী ৬১কেজি। ল’ৰাৰ শাখাত সোণৰ পদক লাভ কৰে প্ৰকাশ বসুমতাৰীয়ে ৭০কেজি। ৬৪কেজিত চিলভাৰ পদক লাভ কৰে জ’নী মুছাহাৰীয়ে।ইপিনে  বিশাল বড়ো ৪৩কেজি,জিতু বড়ো ৩৭কেজি আৰু জুমন ব্ৰহ্ম ৫৫কেজি ব্ৰঞ্জৰ পদক লাভ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here