Home স্থানীয় যোৰহাটত অইল ইণ্ডিয়াৰ পাম্পিং ষ্টেচন ঘেৰাও আছুৰ

যোৰহাটত অইল ইণ্ডিয়াৰ পাম্পিং ষ্টেচন ঘেৰাও আছুৰ

156
0

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ২ জুলাই : ক’ভিডসৃষ্ট এই মহামাৰীৰ জটিল ক্ষণত লক্ষ লক্ষ লোক সংস্থাপনহীন হোৱাৰ ফলত নিবনুৱাৰ সংখ্যা স্বাভাৱিকতেই বৃদ্ধি পোৱাৰ সময়তেই যোৰহাট জিলাৰ দক্ষ , শিক্ষিত নিবনুৱা সকলৰ প্ৰতি মাহী আইৰ দৃষ্টি নিক্ষেপ কৰি ১২০ টা কনিষ্ঠ সহায়ক পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে অইল ইণ্ডিয়া লিমিটেডে । বিভাগীয় ৱেবচাইটত যোৱা ১ জুলাই তাৰিখে প্ৰকাশ কৰা বিজ্ঞাপনটোত উল্লেখিত অনুসৰি অইল ইণ্ডিয়াৰ তেল উৎপাদনকাৰী অসমৰ চাৰিখন জিলা ক্ৰমে ডিব্ৰুগড় , তিনিচুকীয়া , শিৱসাগৰ আৰু চৰাইদেউ জিলা আৰু অৰুণাচল প্ৰদেশৰ চাংলাং জিলাকহে কেৱল কনিষ্ঠ সহায়ক পদৰ বাবে আবেদন দাখিল কৰাৰ সুবিধা প্ৰদান কৰি অইল ইণ্ডিয়া লিমিটেডে যোৰহাট জিলাৰ নিবনুৱা সকলৰ প্ৰতি যি চৰম অন্যায় আৰু অবিচাৰ কৰিছে তাৰ বিৰুদ্ধে গৰজি উঠি আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই পূৱ যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত চাৰিগাঁওস্থিত অইল ইণ্ডিয়াৰ ৩ নং পাম্পিং ষ্টেছনৰ গেটৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । শতাধিক ছাত্ৰকৰ্মীয়ে ‘ অইল ইণ্ডিয়া লিমিটেড হায় হায় ‘ , ‘ যোৰহাটৰ প্ৰতি মাহী আইৰ দৃষ্টি সহ্য কৰা নহ’ব ‘, ‘ যোৰহাটৰ শিক্ষিত নিবনুৱাক কৰা এই বঞ্চনা বন্ধ কৰক ‘ , ‘আমাক ন্যায় লাগিবই’ ইত্যাদি শ্ল’গানেৰে প্ৰতিবাদস্থলীৰ আকাশ -বতাহ কঁপাই তোলা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয় , অইল ইণ্ডিয়া লিমিটেডৰ যোৰহাটৰ প্ৰতি মাহী আইৰ দৃষ্টি এইয়াই প্ৰথম নহয় । পূৰ্বেও যোৰহাট জিলাক বঞ্চনা কৰি যোৰহাট জিলাৰ দক্ষ,অৰ্হতাসম্পন্ন,শিক্ষিত নিবনুৱা সকলক বঞ্চনা কৰি অইলৰ চাকৰিৰ পৰা আঁতৰাই ৰাখিছে অইল ইণ্ডিয়া লিমিটেডে । কিন্তু যোৱা কালি ১২০ টা কনিষ্ঠ সহায়ক পদৰ বিজ্ঞাপন প্ৰকাশ কৰি অইল ইণ্ডিয়া লিমিটেডে পুনৰ যোৰহাটৰ শিক্ষিত নিবনুৱাক বঞ্চনাৰে যোৰহাট জিলাখনৰ প্ৰতি যি অনীহা প্ৰকাশ কৰিছে তাক কঠোৰ ভাষাৰে গৰিহণা প্ৰদান কৰি জিলা ছাত্ৰ সন্থাই ইতিমধ্যে অইল ইণ্ডিয়া লিমিটেডৰ ৩ নং পাম্পিং ষ্টেচনৰ মহা প্ৰবন্ধক পি ভি আৰ মূৰ্ত্তিৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক গৰাকীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে । ছাত্ৰনেতা বৰদলৈয়ে স্পষ্ট সকিয়নী প্ৰদান কৰি কয়, এই ১২০ টা পদৰ বাবে কেৱল অইলৰ তেল উৎপাদন অধ্যুষিত অঞ্চল থকা জিলা সমূহৰ বাবেহে আবেদন দাখিল কৰাৰ সুবিধা প্ৰদান কৰি অইল ইণ্ডিয়াৰ ৩ নং পাম্পিং ষ্টেচনৰ অৱস্থিতি আৰু জিলাখনত তেল প্ৰবাহিত আৰু সৰবৰাহ হোৱাৰ পাছতো অতি ষড়যন্ত্ৰমূলকভাৱে যোৰহাট জিলাক আবেদন দাখিলৰ পৰা আঁতৰাই ৰখা বিষয়টোত ছাত্ৰ সন্থাই কেতিয়াও সহ্য নকৰে । যিহেতু পাম্পিং হৈছে ৰিফাইনিংৰ তথা তেল পৰিশোধনৰ এটা অপৰিহাৰ্য অংগ আৰু পাম্পিং ষ্টেচন থকাৰ পাছতো চাকৰিৰ আবেদনৰ কথা আহিলে যোৰহাট জিলাখনৰ প্ৰতি অইল ইণ্ডিয়াই সদায় প্ৰতাৰণা আৰু বঞ্চনা কৰাহে পৰিলক্ষিত হৈছে । গতিকে এই ১২০ টা পদৰ বাবে যোৰহাট জিলাৰ শিক্ষিত আৰু অৰ্হতাসম্পন্ন নিবনুৱা সকলে আবেদন দাখিল কৰাৰ পৰা কোনো কাৰণতে বিৰত থাকিব নোৱাৰিব আৰু অইল ইণ্ডিয়া লিমিটেডে নিজৰ মাহী আইৰ দৃষ্টি পৰিত্যাগ কৰি যোৰহাটৰ নিবনুৱা সকলক আবেদন কৰিব পৰা সেই অধিকাৰ প্ৰদান কৰিব লাগিব বুলিও ছাত্ৰনেতাজনে ব্যক্ত কৰে ।যদিহে অনাগত সময়ত যোৰহাট জিলাৰ দক্ষ, শিক্ষিত আৰু অৰ্হতাসম্পন্ন নিবনুৱাসকলক আবেদন দাখিল কৰিব পৰা সেই কাৰ্যব্যৱস্থা অইল ইণ্ডিয়া লিমিটেডে গ্ৰহণ নকৰে তেন্তে যোৰহাট জিলাত অইল ইণ্ডিয়া লিমিটেডৰ সকলো কাম-কাজ অচল আৰু স্তব্ধ কৰি দিয়া হ’ব বুলিও ছাত্ৰনেতাজনে স্পষ্ট সকীয়নী প্ৰদান কৰে । আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীটোত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰাজীৱ বৰা,যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সভাপতি বিতোপন বৰাই ও অংশগ্ৰহণ কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here