গণ বাৰ্তা: ডুমডুমা: ২০ মে: আই এইচ ডব্লিউ কাউন্সিলে দেশৰ ৰাজধানী দিল্লীৰ হায়াত ৰেজেন্সিত আয়োজন কৰা অনুষ্ঠানত অইল ইণ্ডিয়া লিমিটেডে ষষ্ঠতম চি এচ আৰ হেল্থ ইমপেক্ত এৱাৰ্ড ২০২২ লাভ কৰে। চি এচ আৰ প্ৰকল্প অইল আৰোগ্যৰ বাবে শ্ৰেষ্ঠ চি এচ আৰ হেল্থ কেম্পেইন ২০২২ শিতানত সোণৰ পদক লাভ কৰিবলৈও সক্ষম হয়। ভাৰত চৰকাৰৰ বিষয়ববীয়া, বিচাৰ পৰিষদৰ সদস্য সকলৰ উপস্থিতিত সামাজিক ন্যায় আৰু সৱলীকৰণৰ ৰাজ্যিক মন্ত্ৰী ৰামদাস আথাৱালে অইলক এই বঁটা প্ৰদান কৰে। এই বঁটা চি এচ আৰৰ জ্যেষ্ঠ প্ৰৱন্ধক নয়না মধু দত্ত, প্ৰৱন্ধক শতাব্দী মহন্ত, প্ৰিয়াশ্ৰী গোস্বামীয়ে অইলৰ হৈ গ্ৰহণ কৰে । ইপিনে, শিক্ষাবিদ শিৱ খেৰা উপস্থিত থকা অনুষ্ঠানতে চি এচ আৰ প্ৰকল্প ‘অইল আৰোগ্য’ক হেল্থ ইমপেক্ত গ্ৰাউণ্ডব্ৰেকাৰ হিচাপে বিবেচনা কৰা হয় বুলি জানিব পৰা গৈছে ।