Home অসম অসমৰ উন্নয়নমূলক পদক্ষেপসমূহৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিলে মুখ্যমন্ত্ৰীয়ে , ২৪ নৱেম্বৰত নতুন...

অসমৰ উন্নয়নমূলক পদক্ষেপসমূহৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিলে মুখ্যমন্ত্ৰীয়ে , ২৪ নৱেম্বৰত নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী

105
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ ছেপ্টেম্বৰ ঃ
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ চৰকাৰী আৱাসগৃহত সাক্ষাৎ কৰি অসমৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে৷ এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু আঁচনি সম্পৰ্ক প্ৰধানমন্ত্ৰীক অৱগত কৰে৷ মুখ্যমন্ত্ৰীয়ে অহা ২৪ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ সামৰণি অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ জনায়৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত সাদিন-প্ৰতিদিন প্ৰকাশন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই অসমীয়া অভিধান ‘হেমকোষ’ৰ প্ৰথমটো ব্ৰেইল সংস্কৰণ প্ৰধানমন্ত্ৰীক উপহাৰ হিচাপে প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here