Home অসম ২৫ নৱেম্বৰত লাচিতৰ জীৱনীৰ ওপৰত প্ৰস্তত কৰা গ্ৰন্থ উন্মোচন কৰিব মোদীয়ে :...

২৫ নৱেম্বৰত লাচিতৰ জীৱনীৰ ওপৰত প্ৰস্তত কৰা গ্ৰন্থ উন্মোচন কৰিব মোদীয়ে : ২৪ নৱেম্বৰৰ সন্ধিয়া লাচিতৰ নামত এগছি বন্তি জ্বলাবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ

68
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ নৱেম্বৰ : বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজধানী দিল্লীত ৰাজ্য চৰকাৰে বীৰ লাচিতৰ ৪০০ বছৰীয়া জয়ন্তী উদ্‌যাপনৰ বাবে সাজু হৈছে৷ তিনিদিনীয়াকৈ ৰাজধানী দিল্লীত লাচিত বৰফুকনৰ জয়ন্তী উদ্‌যাপন হ’ব৷ ২৩, ২৪ আৰু ২৫ নৱেম্বৰত লাচিতৰ জয়ন্তী ৰাজধানী দিল্লীত উদ্‌যাপনৰ বাবে প্ৰস্তুতি চলাইছে যদিও এই কাৰ্যসূচী চ্ছ নৱেম্বৰলৈ চলিব৷ আজি জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ২৩ নৱেম্বৰত অসমৰ দুশ বছৰীয়া কুমাৰ ভাস্কৰ বৰ্মাকে ধৰি আহোমৰ ৰাজত্বৰ উপৰি অন্যান্য দিশ সামৰি এখন প্ৰদৰ্শনী মুকলি কৰা হ’ব৷ যিখন প্ৰদৰ্শনী মুকলি কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে৷ ইয়াৰ পিছত এখন ছেমিনাৰ অনুষ্ঠিত হ’ব, যিখন ছেমিনাৰত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক কপিল কাপুৰ, প্ৰাক্তন ডিজিপি প্ৰকাশ সিং উপস্থিত থাকিব৷ ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাই ইয়াৰ আঁত ধৰিব৷ ইয়াৰ পিছত এখন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ’ব৷ যিখন সাংস্কৃতিক অনুষ্ঠান দেশপ্ৰেমমূলক হ’ব৷ ইয়াত কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তই কণ্ঠদান কৰিব৷ তেওঁ কোনোধৰণৰ মাননি নোলোৱাকৈ এই সাংস্কৃতিক অনুষ্ঠানত কণ্ঠদান কৰিব৷ এই সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী কীৰেন ৰিজিজুৱে৷ ২৪ নৱেম্বৰৰ পুৱা আৰু এখন ছেমিনাৰ অনুষ্ঠিত হ’ব৷ বিয়লি ৩.৩০ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাষণ আগবঢ়াব আৰু উক্ত অনুষ্ঠানতে ৰাজ্য চৰকাৰে বীৰ লাচিতৰ ওপৰত প্ৰস্তুত কৰা ডকুমেণ্টেৰী পোন্ধৰ মিনিট প্ৰদৰ্শন কৰা হ’ব৷ ২৫ নৱেম্বৰত জ্ঝ.৩০ বজাত উক্ত ডকুমেণ্টেৰীখন সম্পূৰ্ণৰূপে প্ৰদৰ্শন কৰা হ’ব৷ যিখনৰ দৈৰ্ঘ্য হৈছে ৪৫ মিনিট৷ ১১ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক সম্বোধন কৰিব আৰু ৰাজ্য চৰকাৰে বীৰ লাচিতৰ ওপৰত প্ৰস্তুত কৰি উলিওৱা ইংৰাজী গ্ৰন্থ এখন প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব৷ চ্ছ নৱেম্বৰত নেচনেল ডিফেন্স একাডেমী, পুনেত লাচিত বৰফুকনৰ ওপৰত এক বক্তৃতা অনুষ্ঠান হ’ব৷ উক্ত বক্তৃতানুষ্ঠানত অংশ ল’ব বিশিষ্ট সাংবাদিক আৰু প্ৰতিৰক্ষা বিশেষজ্ঞ নীতিন গোখলেই৷ তেওঁ লাচিতৰ ওপৰত বক্তৃতা আগবঢ়াব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে এন ডি এৰ শ্ৰেষ্ঠ কেডাৰজনক লাচিত বৰফুকন বঁটাৰে সন্মানিত কৰা হ’ব৷ লাচিত বৰফুকনক সন্মান জনোৱাৰ উদ্দেশ্যে হোলোঙাপাৰত ৫০ বিঘা ভূমি ৰাজ্য চৰকাৰে নিজৰ হাতলৈ আনিছে৷ ইয়াত লাচিত বৰফুকনৰ সমাধি নিৰ্মাণৰ বাবে ৰাষ্ট্ৰৰ এটা খ্যাতিনাম প্ৰতিষ্ঠানক দায়িত্ব দিয়া হৈছে৷ হায়দৰাবাদত থকা নেচনেল পুলিচ একাডেমীত লাচিতৰ স্মৃতিত এটা ভৱন নিৰ্মাণৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে৷ দিল্লীত আয়োজিত হ’বলগীয়া লাচিত বৰফুকনৰ জয়ন্তীলৈ অসমৰ পৰা কিছু ব্যক্তিকহে নিমন্ত্ৰণ জনোৱা হৈছে৷ সেই লোকসকলেহে মূল কাৰ্যসূচীত অংশ ল’ব পাৰিব আৰু বাকীসকলে বিজ্ঞান ভৱনত আয়োজিত হ’বলগীয়া প্ৰদৰ্শনীত ভাগ ল’ব পাৰিব৷ ইয়াৰ উপৰি কয় যে যিহেতু ২৪ নৱেম্বৰত লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উদ্‌যাপন হ’ব, সেইবাবে উক্ত দিনা সন্ধিয়া ৰাজ্যবাসীক এগছিকৈ বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here