Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰধানমন্ত্ৰীয়ে জন্মদিনৰ দিনাই মধ্যপ্ৰদেশৰ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰে ৮ টা চিতা বাঘ:...

প্ৰধানমন্ত্ৰীয়ে জন্মদিনৰ দিনাই মধ্যপ্ৰদেশৰ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰে ৮ টা চিতা বাঘ: বিলুপ্ত চিতা পুনৰ ভাৰতৰ ঘন অৰণ্যত, ড॰ মনমোহন সিঙৰ কাৰ্যকালত আৰম্ভ হৈছিল প্ৰজেক্ট চিতা: কংগ্ৰেছ

103
0

নতুন দিল্লী, ১৮ ছেপ্টেম্বৰ ঃ ভাৰতত বিলুপ্ত হৈ পৰা চিতা বাঘ পুনৰ দেশৰ অভয়াৰণ্যত মুকলি বিচৰণ কৰিব ধৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মদিনৰ দিনটোতেই মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত নামিবিয়াৰ পৰা বিশেষ বিমানেৰে অনা আঠটাকৈ চিতা বাঘ মুকলি কৰি দিয়ে৷ ইয়াৰ পিছতেই দেশৰ অভয়াৰণ্যত পুনৰ বিচৰণ ঘটিল চোৰাং চিকাৰীৰ কবলত পৰি বিলুপ্ত হৈ পৰা চিতা বাঘ৷ ভাৰত চৰকাৰে ১৯৫২ চনতে দেশত চিতা বাঘৰ বিলুপ্তিৰ কথা ঘোষণা কৰে৷ চত্তিশগড়ত কোৰিয়া জিলাৰ শালবনত ১৯৪৮ চনত শেষবাৰলৈ দেখা পোৱা গৈছিল চিতা বাঘ৷ তাৰ পিছৰে পৰা ভাৰতৰ অভয়াৰণ্যসমূহত চিতা বাঘৰ বিচৰণ কোনেও প্ৰত্যক্ষ কৰা নাছিল৷ ভাৰতৰ অভাৰণ্যত চিতা বাঘৰ মুক্ত বিচৰণ যাতে পুনৰ হয়, সেই লক্ষ্য আগত লৈয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙৰ শাসনকালত ‘প্ৰজেক্ট চিতা’ৰ এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ ২০০৮ আৰু ০৯ বৰ্ষত গ্ৰহণ কৰা প্ৰজেক্ট চিতাক কিন্তু উচ্ছতম ন্যায়ালয়ে ২০১৩ চনত স্থগিত কৰে৷ কিন্তু ২০২০ত সেই প্ৰজেক্টৰ স্থগিতাদেশ উঠাই লয় উচ্ছতম ন্যায়ালয়ে৷ সেই অনুসৰিয়েই নামিবিয়াৰ পৰা ভাৰতৰ অভয়াৰণ্যলৈ আহি পালে আঠটাকৈ চিতা বাঘ৷ কংগ্ৰেছে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ শাসনকালতেই আৰম্ভ হোৱা প্ৰজেক্ট চিতা অনুসৰিয়েই এতিয়া ভাৰতলৈ আহিছে চিতা বাঘ৷ কংগ্ৰেছৰ মহাসচিব জয়ৰাম ৰমেশে প্ৰকাশ কৰা অনুসৰি চিতা প্ৰজেক্টৰ বাবে ২০১০১ ২৫ এপ্ৰিলত কেপটাউন ভ্ৰমণ কৰিছিলো, কিন্তু প্ৰজেক্ট চিতাক লৈ প্ৰধানমন্ত্ৰীয়ে একো মন্তব্য কৰা নাই৷ তেওঁ ৰাষ্ট্ৰীয় বিষয়সমূহ তল পেলাবলৈ আৰু ‘ভাৰত জোড়ো যাত্ৰা’ৰ পৰা জনসাধাৰণক বিচলিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে অভয়াৰণ্যত চিতা বাঘ মুকলি কৰি বাঃ বাঃ ল’ব বিচাৰিছে৷ উল্লেখ্য যে চিতা বিলুপ্তি ঘোষণাৰ সাতটা দশকৰ পিছত পুনৰ চিতাৰ বিচৰণ আঁচনিৰ অধীনত নামিবিয়াৰ পৰা আঠটাকৈ চিতা বাঘ আনি শনিবাৰে পুৱা কোনো ৰাষ্ট্ৰীয় উদ্যানত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰি দিয়ে৷ বিশেষ বিমানৰ জৰিয়তে সুদূৰ নামিবিয়াৰ পৰা অনা হৈছে বাঘকেইটা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here