Home অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথিৰ উপলক্ষে অসম ৰাজ্যিক বিজেপিৰ মুখ্য...

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথিৰ উপলক্ষে অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত নাম-কীৰ্তন অনুষ্ঠান : অনুষ্ঠানত অংশগ্ৰহণ মু্খ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

249
0

গণবাৰ্তা , ৮ ছেপ্তেম্বৰ : আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি। তিৰোভাৱ তিথিত ৰাজ্যজুৰি স্মৰণ কৰা হয় গুৰুজনাক। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ-নামঘৰ-কীৰ্তন ঘৰসমূহ। আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ চৌদিশ।অসমীয়া জাতীয় জীৱন আৰু অসমীয়া সংস্কৃতিৰ প্ৰতিটো দিশতে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনা সংপৃক্ত হৈ আছে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত নাম-কীৰ্তন অনুষ্ঠান। অনুষ্ঠানত অংশগ্ৰহণ মু্খ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ লগতে অন্যান্য দলীয় নেতাসকলৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here