Home অসম অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা : যোগ ভাৰতীয়...

অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা : যোগ ভাৰতীয় প্ৰাচীনতম সংস্কৃতিৰ এক অবিচ্চেদ্য অংগ

46
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ জুন ঃ আয়ুষ সঞ্চালকালয় আৰু ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসম তথা ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আজি ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত আয়োজিত জ্জ্বম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা যোগাভ্যাসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে অংশ লয়৷ অনুষ্ঠানত ভাষণপ্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে যোগ হৈছে ভাৰতীয় প্ৰাচীনতম সংস্কৃতিৰ এক অবিচ্চেদ্য অংগ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন স্বাস্থ্যৱান বিশ্বৰ বাবে প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক মঞ্চত যোগৰ প্ৰয়োজনীয়তাৰ কথা তুলি ধৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত সাৰগৰ্ভ ভাষণৰে যোগে মানৱৰ স্বাস্থ্য আৰু মনক কিদৰে প্ৰভাৱিত কৰি সুস্থ শৈলীৰে জীৱন যাপন কৰিব পাৰি, সেই কথা ব্যক্ত কৰিছিল৷ ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২১ জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে৷ ইয়াৰ ফলত ভাৰতীয় ঐতিহ্য আৰু পৰম্পৰাই এক বিশ্বজনীন স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ কয় যে যোগাভ্যাস, প্ৰাণায়াম আৰু আৰ্য়ুবেদত উল্লেখিত কিছুসংখ্যক খাদ্যই যে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে, সেই কথা বিশ্বই পুনৰবাৰ উপলব্ধি কৰিবলৈ বাধ্য হৈছে৷ যোগ দিৱসৰ প্ৰাসংগিতা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে৷ যোগ শৰীৰ আৰু আত্মাৰ মিলন সাধনেৰে প্ৰাকৃতিকভাৱে সকলো দিশতে উৎকৰ্ষতা লাভ কৰা এক সবল প্ৰক্ৰিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোগে প্ৰাণৰ সঞ্চাৰ কৰে, মন আৰু শৰীৰ সন্তুলিত কৰি সকলোকে আধ্যাত্মিকভাৱে সবল কৰি সকলো দিশতে ইতিবাচক দৃষ্টিভংগীৰ উন্মেষ সাধন কৰে৷ তেওঁ কয় যে যোগ হ’ল শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক যোগসূত্ৰ স্থাপনৰ এক মাধ্যম৷ আধুনিক সভ্যতাৰ বিভিন্ন মানসিক চাপসমূহৰ সৈতে সহজতে মোকাবিলা কৰাত যোগে উত্তম প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰে বুলিও তেওঁ কয়৷ তেওঁ লগতে কয় যে যোগ আৰু সুখৰ মাজত এক অপূৰ্ব সম্বন্ধ আছে৷ মানুহ সুখী হোৱাৰ ক্ষেত্ৰত যোগে বিধান দিয়ে৷ তেওঁ কয় যে যোগ হৈছে এক বিজ্ঞান৷ সেইবাবে বিশ্বব্যাপী সাৰ্বজনীনতা সম্ভৱ হৈ পৰিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ আয়ুষ মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে সমগ্ৰ দেশতে যোগক অধিক জনপ্ৰিয়কৰণৰ বাবে ১০০ দিনীয়া কাৰ্যসূচী লোৱা পদক্ষেপ নিতান্তই প্ৰশংসনীয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজি বিশ্ব সম্প্ৰদায়ে যোগৰ গুৰুত্ব আৰু মহত্ত্বক উপলব্ধি কৰাৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষত যোগক অধিক গুৰুত্ব প্ৰদানৰ সময় আহি পৰিছে৷ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক যোগক জনপ্ৰিয়কৰণৰ দিশত লোৱা পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে নতুন প্ৰজন্মক সুস্থভাৱে গঢ় দিব নোৱাৰিলে এখন শক্তিশালী ৰাষ্ট্ৰ আৰু এখন শক্তিশালী ৰাজ্য গঠন কৰিব নোৱাৰি৷ ইয়াৰ বাবে যুৱ প্ৰজন্মৰ মানসিক আৰু শাৰীৰিক বিকাশ সাধন কৰিব লাগিব৷ তেতিয়াহে উন্নয়নৰ প্ৰক্ৰিয়াটো অধিক ত্বৰান্বিত হ’ব৷ তেওঁ কয় যে ইতিমধ্যে ক্ৰীড়া মন্ত্ৰালয়ে যোগৰ সৈতে সংযোগ সাধন কৰিছে৷ শিক্ষা মন্ত্ৰালয়ে বিদ্যালয়ৰ পাঠ্যক্ৰমত যোগৰ মহত্ত্ব প্ৰদান কৰিছে৷ শিশু অৱস্থাৰ পৰা যোগ সম্পৰ্কত প্ৰগাঢ় ধাৰণা উন্মেষ কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে যোগৰ জৰিয়তে আমাৰ দেশৰ ঐতিহ্যৰ সমৃদ্ধশালিতাৰ উমান দিব লাগিব৷ সংগীত, নৃত্যকে ধৰি সকলো কলা, সাহিত্যত যোগৰ অন্তৰ্নিল প্ৰৱাহ আছে৷ সেই কথা উপলব্ধি কৰাৰ সময় আহিছে৷ স্বাস্থ্যসন্মত জীৱন যাপন যে ব্যক্তিবিশেষৰ মূল সমল সেই কথা উপলব্ধি কৰিব লাগিব৷ তেওঁ কয় যে সাম্প্ৰতিক সময়ত ৰাজ্য চৰকাৰে ড্ৰাগ্‌ছৰ বিৰুদ্ধে যুঁজ দি আহিছে৷ সেই যুঁজত চামিল হৈ এখন ড্ৰাগ্‌ছমুক্ত সমাজ গঢ়াৰ বাবে অভিভাৱকসকলে নিজৰ সন্তানৰ সন্মুখত নিয়মীয়াভাৱে যোগৰ অনুশীলনৰ অভ্যাস গঢ়ি তোলাৰ আদৰ্শ স্থাপন কৰিব লাগিব৷ তেওঁ লগতে কয় যে ভাৰতীয় সংস্কৃতিৰ শক্তিশালী এই সম্পদৰ গুৰুত্ব বিশ্বজুৰি তুলি ধৰাৰ দায়িত্ব উঠি অহা প্ৰজন্মই বহন কৰিব লাগিব৷ যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকলক যোগক জীৱনৰ অংগ হিচাপে গ্ৰহণ কৰাৰ বাবেও মুখ্যমন্ত্ৰী আহ৩ান জনায়৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰায়ো ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিধায়কসকল ক্ৰমে প্ৰশান্ত ফুকন, চক্ৰধৰ গগৈ, তৰংগ গগৈ, পোনাকণ বৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু ৰাজ্য চৰকাৰৰ উচ্ছপদস্থ বিষয়াসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here