Home Main Stories ৰেল চহৰ লামডিঙত একেই দিনাত ২৩ জন লোক কোভিদত আক্ৰান্ত

ৰেল চহৰ লামডিঙত একেই দিনাত ২৩ জন লোক কোভিদত আক্ৰান্ত

349
0

গণবাৰ্তা, লামডিং ২ জানুৱাৰী : নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে লামডিঙত কভিডৰ সন্ত্ৰাস৷ পুনৰ লামডিঙত কভিডত আক্ৰান্ত 23 জনকৈ লোক ৷ এইবাৰ লামডিঙ ৰেলৱে RPSF আৰক্ষী জোৱান’ আক্ৰান্ত হয়৷ প্ৰথমে লামডিঙ ৰেলৱে RPSF ৰ ফাষ্ট বেটেলিয়ানৰ ১৫ জনকৈ আৰক্ষী জোৱান আক্ৰান্ত হয় কভিডত৷ ইয়াৰ পিছতে লামডিঙৰ ৰেলৱে চিকিৎসালয়ত বেটেলিয়ানৰ সকলোৰে কভিড টেষ্ট কৰাৰ পিছতেই বৃদ্ধি হয় আক্ৰান্ত সংখ্যা৷ ৰেল কৰ্মী সহ লামডিঙত আজি দিনটোৰ ভিতৰতে 23 জনলৈ বৃদ্ধি পায়৷ বৰ্তমান ৰেলৱে চিকিৎসালয়ত কভিড টেষ্টৰ প্ৰক্ৰিয়া চলি আছে যদিও হঠাৎ দ্ৰুত গতিত বৃ্দ্ধি পোৱাত চিন্তিত হৈ পৰিছে স্বাস্থ্য কৰ্মী সকল৷ অমিক্ৰমৰ প্ৰতি  লক্ষ্য ৰাখি এতিয়া লামডিঙৰ সকলো লোককে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান কৰিছে স্বাস্থ্য কৰ্মীসকলে৷ নতুন কৈ কৰুণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাক লৈ সাধাৰণ লোকৰ মাজত আতংকৰ সৃষ্টি হৈছে৷  

LEAVE A REPLY

Please enter your comment!
Please enter your name here