Home Uncategorized এম জি এনৰেগা আঁচনিৰ অধিনত তামুলপুৰত একেদিনাই চাৰিটা অংগনৱাডী কেন্দ্ৰৰ নতুন...

এম জি এনৰেগা আঁচনিৰ অধিনত তামুলপুৰত একেদিনাই চাৰিটা অংগনৱাডী কেন্দ্ৰৰ নতুন গৃহ মুকলি

248
0

তামুলপুৰ,১৪ নৱেম্বৰঃ আজি পৱিত্ৰ শিশু দিৱসৰ দিনাই তামুলপুৰ উন্নয়ন খণ্ডৰ অধীনস্থ চাৰিটা ভিচিডিচিৰ অন্তৰ্গত চাৰি ঠাইত বাগসা জিলা গ্ৰামোন্নয়ন বিভাগৰ  এমজিএনৰেগাৰ অধিনত নিৰ্মিত চাৰিটা নতুন অংগনৱাডী কেন্দ্ৰ মুকলি কৰা হয়। আজি দিনৰ ভাগত দ্বাৰকুছি ভিচিডিচিৰ অধীনৰ ১নম্বৰ কেকেৰীকুছিত নৱ নি ৰ্মিত অংগনৱাডী কেন্দ্ৰটো মুকলি কৰি  জিলা প্ৰকল্প বিষয়া আশ্ৰাফুল আমিনে ৷কেন্দ্ৰটো মুকলি কৰি  প্ৰকল্প বিষয়া গৰাকীয়ে কয় বাগসা জিলাত চৌব্বিশতকৈ অধিক অংগনৱাডী কেন্দ্ৰ আছে যদিও চাৰিশ মান অংগনৱাডী কেন্দ্ৰৰহে গৃহবোৰ ভাল। সেয়ে বাগসা জিলা গ্ৰামোন্নয়ন ৰ ফালৰ পৰা বিগত ১৫ আগষ্টত দুশ  নতুন গৃহ অহা ডিচেম্বৰ মাহৰ ভিতৰত নিৰ্মাণ কৰাৰ বাবে পৰিকল্পনা হাতত লৈছিল ৷ আজি ১৪ নবেম্বৰ শিশু দিৱসৰ দিনটোত বাগসা জিলাৰ পঁচিশটা কেন্দ্ৰ মুকলি কৰা হ’ব। পুৰ্বৰ অংগনৱাডী কেন্দ্ৰ সমুহতকৈ কিছু পৃথককৈ নিৰ্মান কৰা নতুন গৃহ সমুহৰ বেৰত অংকন কৰা বিভিন্ন প্ৰকাৰৰ চিত্ৰ সমুহে শিশু সকলক আকৰ্ষন কৰি শিশু সকলৰ মানসিক,শাৰিৰীক বিকাশ সাধন কৰিব ৷ প্ৰকল্প বিষয়া গৰাকীয়ে পুনৰ কয়,  ছয় বছৰৰ তলৰ শিশু সকলৰ প্ৰাথমিক শিক্ষাৰ আৰম্ভনি অংগনাৱাডী কেন্দ্ৰ সমুহৰ জড়িয়তে হয় ৷ আজি তামুলপুৰ উন্নয়ণ খণ্ডৰ অধীনৰ ১নম্বৰ কেকেৰীকুছিত এই অংগনৱাডী কেন্দ্ৰটো মুকলি কৰিবলৈ পাই তেওঁ নথৈ সুখী বুলিও তেওঁ মত প্ৰকাশ কৰে। নৱ নিৰ্মিত অংগনৱাডী কেন্দ্ৰ মুকলি অনুষ্ঠানত চৰকাৰী মনোনীত এমচিএল এ তথা গয়বাৰী মণ্ডল বিজেপিৰ সভাপতি হেমন্ত কুমাৰ ৰাভায়ো চমু ভাষণ প্ৰদান কৰে।  অংগনৱাডী কেন্দ্ৰটো মুকলিৰ পূৰ্বে শিশু দিৱস উপলক্ষে পণ্ডিত জৱাহৰলাল নেহেৰুৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে তামুলপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিৰন্ময়ী চহৰীয়াই।  ইয়াৰ পিছতে প্ৰকল্পৰ বিষয়া গৰাকীয়ে দোংপাৰ ভিচিডিচিৰ অন্তৰ্গত দোংপাৰত আন এটা অংগনৱাডী কেন্দ্ৰ মুকলি কৰে। তামুলপুৰ উন্নয়ন খণ্ডৰ মুখ্য গাণনিক বিষয়া অনিল মেধিয়ে আঁঁতধৰা আজিৰ অংগনৱাডী কেন্দ্ৰ মুকলি অনুষ্ঠানত তামুলপুৰ  খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিৰন্ময়ী চহৰীয়া,বিটিচিৰ মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ উন্নয়ন খণ্ডৰ অধীনৰ টিচিএলচিচিৰ অধ্যক্ষ পবিত্ৰ নাৰ্জাৰী, দ্বাৰকুছি ভিচিডিচিৰ অধ্যক্ষ  বিৰলাং বড়ো, কেকেৰিকুছি অংগনৱাডী কেন্দ্ৰৰ কৰ্মী পদ্মা বড়োৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ৷বিয়লিৰ ভাগত ২নং তামুলপুৰ ভিচিডিচিৰ অন্তৰ্গত বৰবেলবাৰীৰ ৰাভা চুবুৰীত নৱ নিৰ্মিত এটা অংগনৱাডী কেন্দ্ৰ মুকলি কৰে টিচিএল চিচিৰ অধ্যক্ষ পৱিত্ৰ নাৰ্জাৰীয়ে। ইয়াৰ পূৰ্বে আজি পুৱাৰ ভাগত কালাকুছি ভিচিডিচিৰ অন্তৰ্গত বৰবিলাত নৱ নিৰ্মিত এটা অংগনৱাডী কেন্দ্ৰ মুকলি কৰে বিটিচিৰ মনোনীত এমচিএল এ হেমন্ত কুমাৰ ৰাভাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here