Home Main Stories ডিগবৈ নাজিৰাটিং তামুলী পৰ্যটন উৎসৱৰ দ্বিতীয় দিনা লোকে লোকাৰণ্য উৎসৱস্থলী :...

ডিগবৈ নাজিৰাটিং তামুলী পৰ্যটন উৎসৱৰ দ্বিতীয় দিনা লোকে লোকাৰণ্য উৎসৱস্থলী : আলোচনা চক্ৰত অংশগ্ৰহণ ‘অৰণ্য মানৱ’ যাদৱ পায়েংৰ

311
0

ডিগবৈ,২জানুৱাৰী : ডিগবৈৰ নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ আজি দ্বিতীয় দিন। ডিগবৈৰ ঐতিহাসিক ডিব্ৰু নৈৰ পাৰত  তিনি জানুৱাৰী লৈকে অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক নাজিৰাটিং তামুলী পৰ্যটন উৎসৱত আজি পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে ভিৰ কৰেহি। নৈ খনৰ পাৰত বহু সংখ্যক বনভোজ দলৰ আনন্দ উল্লাসে পৰ্যটন স্হলীক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে।আজি দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি স্মৃতিগ্ৰন্থ উন্মোচন কৰে ডিগবৈ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষা ড° নীভা বৰাই৷ নাজিৰাটিং তামুলী পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনা আৰু জনসাধাৰণৰ কৰণীয় শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ আলোচনা চক্ৰখনি উদ্বোধন কৰে ডিগবৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ড° মৃণাল কুমাৰ গগৈয়ে৷আলোচনা চক্ৰখনি সঞ্চালন কৰে জেষ্ঠ সাংবাদিক ৰবীণ মৰাণে৷উক্ত আলোচনা চক্ৰখনিৰ মুখ্য আলোচক হিচাপে অইল ইণ্ডিয়া লিমিটেডৰ ব্ৰেণ্ড এম্বেছেদৰ অৰণ্য মানৱ খ্যাত যাদৱ পায়েং আৰু পৰিৱেশ কৰ্মী মৃদুপৱন ফুকনে৷যাদৱ পায়েঙে নাজিৰাটিং পৰ্যটন স্হলীৰ সৌন্দৰ্যতাৰ লগতে পৰ্যটন স্হলীখনৰ চাৰিওকাষে আৱৰা ঘন জংঘলৰ সৰ-বৰ গছ গছনিসমুহ কেনেকৈ ৰক্ষা কৰিব পাৰি লগতে গছ গছনিয়ে এখন পৰ্যটন স্হলী ৰূপে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত লোৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰে৷লগতে নাজিৰাটিং পৰ্যটন স্হলী প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত স্হানীয় লোকে গ্ৰহণ কৰিব লগীয়া ব্যৱস্থা সমুহৰ বিষয়ে বিশদভাৱে বক্তব্য আগৱঢ়াই৷তিনিচুকীয়া জিলাখনত অসমৰ জাতীয় গছ ৰূপে স্বীকৃত হোলোং গছৰ অবাধ হাৰত ধ্বংস চলাতো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে৷এনেদৰেই অবাধ হাৰত বন ধ্বংস যজ্ঞ ৰোধ  কৰিব নোৱাৰিলে মানৱ জাতি বিপদত পৰাৰ আশংকা ব্যক্ত কৰে৷ লগতে অসম অৰুণাচল সীমান্তত থকা ঐতিহাসিক পাটকাই পাহাৰৰ সীমাত চুকাফা কলাক্ষেত্ৰ নিৰ্মাণৰ পোষকতা কৰে৷তেতিয়াহে পাটকাই বনাঞ্চলখন সুৰক্ষিত হৈ থাকিব বুলি কয় অৰণ্য মানৱ খ্যাত প্ৰকৃতিপ্ৰেমী গৰাকীয়ে৷ পৰ্যটন স্হলীতে  অৰণ্যত শব্দৰ গুঞ্জন শীৰ্ষক এখনি স্ব ৰচিত কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয়৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণ কৰা কেইবাজনো ন-পুৰণি স্বনামধন্য কবিয়ে উক্ত অনুষ্ঠানটোত স্বৰচিত কবিতা পাঠ কৰে৷কবি চক্ৰখনিতে কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়৷ লগতে উৎসৱ স্হলীত বিভিন্ন জাতি জনগোষ্ঠীৰ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত কেইবাটাও বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ কৰি অনা জাতি জনগোষ্ঠীৰ সাংস্কৃতিক নৃত্য প্ৰদৰ্শিত হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here