Home বৰপেটা ষষ্ঠদিনাও উদুলি মুদুলি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা

ষষ্ঠদিনাও উদুলি মুদুলি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা

274
0


ছাহেদ আলী আহমেদ, আনিছুৰ ৰহমান, কয়াকুছি, ২১ ডিচেম্বৰ:১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আজি ষষ্ঠ দিনাও আনকেইদিনৰ দৰে উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হয়৷ আজি পুৱা ১০ বজাত মৰহুম জুলহাস সিকদাৰ সোঁৱৰণী স্মৃতি পৰীক্ষা অনুষ্ঠিত হয়৷ প্ৰতিযোগিতাখন পাটাছাৰকুছি ক্ষেত্ৰীয় পথ উপ-সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ইমামুল ইছলাম উদ্দিনে উদ্বোধন কৰে৷ এই প্ৰতিযোগিতাত অতিথি হিচাপে শংকৰ আজান ৰুৰেল ডেভেলপমেKI× ছ’চাইটীৰ সভাপতি বাবুল শিকদাৰে৷ প্ৰথম স্থান দখল কৰি প্ৰমাণ-পত্ৰ আৰু নগদ তিনি হাজাৰ হাজাৰ টকা লাভ কৰে আছাম ডাউন টাউন ইউনিভাৰ্ছিটিৰ নায়েবুল ইছলামে, দ্বিতীয় স্থান লাভ কৰি প্ৰমাণ-পত্ৰ আৰু দুই হাজাৰ টকা লাভ কৰে কয়াকুছি জীৱনজ্যোতি জাতীয় বিদ্যালয়ৰ মাজিদুৰ আহমেদে৷ আনহাতে, আছাম ব্ৰিলিয়ান্ট একাডেমীৰ শ্বাহানুৰ ইছলামে তৃতীয় স্থান লাভ কৰি নগদ এক হাজাৰ আৰু প্ৰমাণ-পত্ৰ লাভ কৰে৷ দুপৰীয়া ১২ বজাত মৰহুম হজৰত আলী সোঁৱৰণী প্ৰবন্ধ লিখা প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ প্ৰবন্ধ লিখা প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে কয়াকুছি মহাবিদ্যালয়ৰ অধ্যক্ষ ছিকান্দাৰ আলী আহমেদে৷ প্ৰথম স্থান দখল কৰি প্ৰমাণ-পত্ৰ আৰু নগদ তিনি হাজাৰ টকা লাভ কৰে আছাম ব্ৰিলিয়ান্ট একাডেমীৰ সাহানুৰ ইছলামে৷ দ্বিতীয় স্থান লাভ কৰি প্ৰমাণ-পত্ৰ আৰু দুই হাজাৰ টকা লাভ কৰে দিল্লীৰ জামিয়া মিলিয়াৰ ছাত্ৰ ৰাজিবুল আৱালে৷ আনহাতে, তৃতীয় স্থান দখল কৰি এহাজাৰ টকা আৰু প্ৰমাণ-পত্ৰ লাভ কৰে জীৱনজ্যোতি জাতীয় বিদ্যালয়ৰ নাছিমা আকতাৰে৷ এই প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত বি এইচ বি মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোফাজ্জেল হুছেইন, পাঠশালা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা ক্ৰমে–ভৱেশ কলিতা, দীপেন মেধি আৰু পংকজ পাটগিৰী উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here