Home স্থানীয় এশ শতাংশ প্লেচমেণ্টৰ কৃতিত্ব সন্দীপ বিশ্ববিদ্যালয়ৰ

এশ শতাংশ প্লেচমেণ্টৰ কৃতিত্ব সন্দীপ বিশ্ববিদ্যালয়ৰ

184
0

গুৱাহাটী, ৮মেঃ দেশৰ আগশৰীৰৰ শিক্ষা প্ৰতিষ্ঠানে ১০০% প্লেচমেণ্টৰ কৃতিত্ব স্থাপন কৰিছে সন্দীপ বিশ্ববিদ্যালয়৷ বিগত তিনিটা বছৰ ধৰি বিশ্ববিদ্যালয়খনে এই সফলতা লাভ কৰিছে৷ উল্লেখ্য যে মহাৰাষ্ট্ৰৰ নাছিক আৰু বিহাৰৰ চিজৌলত অৱস্থিত সন্দীপ বিশ্ববিদ্যালয় হৈছে ইউজিচি-স্বীকৃত দেশৰ আগশাৰীৰ অন্যতম শিক্ষানুষ্ঠান৷ বিশ্ববিদ্যালয়খন চিজৌলৰ ৭৫ একৰ জুৰি, আৰু নাছিকৰ ২৫০একৰ জুৰি বিস্তৃত সেউজীয়া চৌহদত স্থাপন কৰা হৈছে৷ সন্দীপ বিশ্ববিদ্যালয়ে অভিযান্ত্ৰিক, কম্পিউটাৰ বিজ্ঞান, আইন, ব্যৱস্থাপনা, বিজ্ঞান, ব্যৱহাৰকাৰীঅভিজ্ঞতা ডিজাইন, ফাৰ্মাচিউটিকেল বিজ্ঞান, ফেশ্বন ডিজাইন, সৌন্দৰ্য কস্মেটোলজী, আৰু আভ্যন্তৰীণ ডিজাইনত বিভিন্ন উদ্যোগ-প্ৰাসঙ্গিক স্নাতক, স্নাতকোত্তৰ, পিএইচডি, ডিপ্লোমা আৰু আংশিক সময়ৰ কাৰ্যসূচী আগবঢ়াই আহিছে৷ বিশ্ববিদ্যালয়ৰ সকলো পাঠ্যক্ৰমতে বিভিন্ন Intership ৰ জৰিয়তে ব্যৱহাৰিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ সন্দীপ বিশ্ববিদ্যালয়ে শিক্ষাব্যৱস্থাত পেছাদাৰী প্ৰতিভাৰ সৃষ্টি কৰা আৰু ১০০% প্লেচমেণ্ট দেশৰ লাখ লাখ শিক্ষাৰ্থীক উপকৃত কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here