Home স্থানীয় ডকমকাত ট্ৰাক-ডাম্পাৰ মুখামুখী সংঘৰ্ষত এজন নিহত

ডকমকাত ট্ৰাক-ডাম্পাৰ মুখামুখী সংঘৰ্ষত এজন নিহত

131
0

গণবাৰ্তা বিশেষ, ডিফু,৬ জুনঃ ​কাৰবি আংলং জিলাৰ ডকমকাত কালি বিয়লি সংঘটিত হোৱা এক শোকাৱহ পথ দূৰ্ঘটনাত এজন লোক নিহত হোৱাৰ বিপৰীতে আন এজন লোক গুৰুতৰ ভাবে আহত হয় ৷ ঘটনাৰ বিৱৰণী অনুসৰি কালি বিয়লি ডিফুৰ পৰা নগাঁৱৰ দিশে গৈ থকা এছ ০৯ চি ৫০৮৩ নম্বৰৰ ট্ৰাকখনে ডকমকা পেট্ৰল পাম্পৰ সমীপতে বিপৰীত দিশৰ পৰা আহি থকা এখন নম্বৰ প্লেটবিহীন ডাম্পাৰ গাড়ীত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত দূৰ্ঘটনাটো সমঘটিত হয় ৷ দূৰ্ঘটনাটোত অতি গুৰুতৰ ভাবে আহত হোৱা চালক গৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা হয় যদিও আধা বাটতে চালক গৰাকীৰ মৃত্যু হয় ৷ নিহত চালকজন হোজাই জিলাৰ গোপাল নগৰৰ মাৰুক উদ্দিন (২২)বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে ডাম্পাৰখনৰ চালক কাৰবি আংলং জিলাৰ উত্তৰ বৰবিলৰ কেশৱ দাস (২৫) দূৰ্ঘটনাটোত সামান্যভাবে আঘাত প্ৰাপ্ত হয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here