Home Main Stories যোগীঘোপাত ডাম্পাৰৰ খুন্দাত নিহত এজন

যোগীঘোপাত ডাম্পাৰৰ খুন্দাত নিহত এজন

243
0

গণ বাৰ্তা ,যোগীঘোপা ,১৭ ডিচেম্বৰ : বঙাইগাওঁ জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত যোৱা নিশা ১২ মান বজাত ডাম্পাৰৰ খুন্দাত এগৰাকী চাইকেল আৰোহীৰ মৃত্যু হয়| মৃত লোক গৰাকী চিৰাং জিলা বিজনীৰ মায়াৰাম বৰ্মন (৬৫) বুলি জানিব পৰা গৈছে| জানিব পৰা মতে লোক গৰাকীয়ে চাইকেলেৰে যোগীঘোপা পিনে গৈ থকা অৱস্থাত যোগীঘোপা থানাৰ সন্মূখত একে দিশৰ পৰা যোৱা এ এছ ১৮ এ চি ২০৮৩ ডাম্পাৰ এখনে পিছপিনৰ পৰা খুন্দা মাৰে| ফলত লোক গৰাকী থিতাতে নিহত হয় বুলি জানিব পৰা গৈছে| ইতিমধ্যে যোগীঘোপা আৰক্ষীয়ে ডাম্পাৰ খন কৰায়ত্ব কৰিছে। ইপিনে লোক গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি আৰক্ষীয়ে পৰিয়ালক চমজাই দিছে| উল্লেখ্য যে, যোগীঘোপাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে নিশা অভাৰলোড শিলভৰ্তি ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পাইছে। অবাধে শিল ভৰ্তি ডাম্পাৰৰ দ্ৰুত গতিত চলাচল কৰাৰ বাবেই যোৱানিশা চাইকেল আৰোহীজনে অকাল মৃত্যুক আকোঁৱালি ল’লে বুলি অভিযোগ উত্থাপিত হৈছেl 

LEAVE A REPLY

Please enter your comment!
Please enter your name here