Home Main Stories মৰিগাঁৱত পথ দুৰ্ঘটনাত :এজন থিতাতে মৃত্যু- এজন আহত

মৰিগাঁৱত পথ দুৰ্ঘটনাত :এজন থিতাতে মৃত্যু- এজন আহত

67
0

বাবু মনি শৰ্মা, মৰিগাঁও, ১৪ মে’ : কালি নিশাৰ ভাগত মৰিগাঁৱত এক পথ দুৰ্ঘটনাত পুনৰ এজন লোক থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন লোক আহত হোৱা ঘটনাই সমগ্ৰ চহৰখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে, মৰিগাঁও এপিডিচিএলৰ কৰ্মচাৰী সাগৰ ৰাজকুমাৰ আৰু নিউটন ৰাজকুমাৰ কৰ্তব্য শেষ কৰি বাইকেৰে গৈ থকা অৱস্থাত মৰিগাঁও জিলাৰ দলবাৰী তিনিআলিত আৰক্ষীয়ে দিয়া বেৰিকেদত খুন্দা মৰাৰ ফলত সাগৰ ৰাজকুমাৰ ঘটনাস্থলিতে মৃত্যু হয়। লগতে যোৱা নিউটন ৰাজকুমাৰ আঘাতপ্ৰাপ্ত হয়। যোৱা ১২ মে’তাৰিখত সেই ঠাইতে হোৱা এক ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছিল ৰাতুল ডেকা আৰু পিংকি নামৰ এগৰাকী আশাকৰ্মী। ৰাতুল ডেকাৰ পত্নীৰ মৰিগাঁও অসামৰিক চিকিৎসালয়ত এটি পুত্ৰৰ সন্তান জন্ম হৈছিল ৷ পত্নীক অস্ত্ৰোপচাৰ কক্ষৰ পৰা উলিয়াই লগত অহা আশা কৰ্মী পিংকিক নিশা ঘৰত থবলৈ যাওঁতে সংঘটিত হৈছিল এই শোকাবহক পথ দুৰ্ঘটনাটো। মাত্ৰ কিছু সময়ৰ আগত ৰাতুল ডেকাই নৱজাতকৰ মুখখন চাই আশাকৰ্মী পিংকিক থবলৈ যাওতেই পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱতি লয় দুয়োজন লোকে। একেই ঠাইতে এতিয়ালৈকে সাতটাৰো অধিক দুৰ্ঘটনা সংঘটিত হৈ আঠজন মানুহৰ মৃত্যু হৈছে । স্থানীয় ৰাইজে দলবাৰী তিনিআলিত ঘটি থকা দুৰ্ঘটনাৰ বাবে অধিক গতিৰোধক দিয়াৰ পোষকতা কৰি

LEAVE A REPLY

Please enter your comment!
Please enter your name here