Home শিৱসাগৰ শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা চাহপাত ভৰ্তি ট্ৰাকত ডকাইতিৰ অপচেষ্টা :...

শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা চাহপাত ভৰ্তি ট্ৰাকত ডকাইতিৰ অপচেষ্টা : চালকক চোকা অস্ত্ৰৰে আক্ৰমণ, ৫ জনীয়া দলটোৰ ১ জনক আটক

163
0

প্ৰতিবেদক, নাজিৰা, ৫ছেপ্টেম্বৰঃ শিৱসাগৰত আইন শৃংখলতাৰ ব্যাপক অৱনতি ঘটা ৰাইজে প্ৰত্যক্ষ কৰিছে । নগৰখনত দিনে-নিশাই যান-বাহন শাখাৰ আৰক্ষীৰ পানী নহৰকা তালাচীৰ বিপৰীতে ৰাষ্ট্ৰীয় ঘাইপথতো প্ৰায়ে নিশা জিলা এন ফৰ্চ মেণ্ট বিভাগৰ কটকটীয়া পহৰাৰ মাজতো ৰহস্যজনক ডকাইতি কাণ্ডই জোকাৰি গৈছে শিৱসাগৰ । শিৱসাগৰত চাহপাত ভৰ্তি ট্ৰাকত ডকাইতি সংঘটিত কৰাৰ অপচেষ্টা দুৰ্বৃত্তৰ ৷ স্থানীয় ৰাইজৰ তৎপৰতাত ৰক্ষা পৰিল ট্ৰাক চালকৰ প্ৰাণ ৷ ধৃত এজন ডকাইত ৷ শিৱসাগৰ নগৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জেঙনিকটীয়া বাইপাছত শনিবাৰে নিশা এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড সংঘটিত হয় ৷ নিশা প্ৰায় ন মান বজাত এখন ছুইফ্ট ডিজায়াৰ বাহনত অহা পাঁচজনীয়া ডকাইতৰ দলে এজন ট্ৰাক চালকক বৰ্বৰ ভাৱে আক্ৰমণ কৰে ৷ ডকাইতৰ দলটোৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় আলতাফ হুছেইন নামৰ বৰপেটাৰ নিবাসী ট্ৰাক চালকজন ৷ আলতাফে এ এছ ০১ জিচি ৩৯৯২ নম্বৰৰ ট্ৰাকখনেৰে শিৱসাগৰৰ পৰা চাহপাত বোজাই কৰি গুৱাহাটী অভিমুখে যাত্ৰা কৰাৰ সময়তে সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ অনুসৰণ কৰি অহা এ এছ ০১ ইবি ৯৪২৫ নম্বৰৰ ছুইফ্ট গাড়ীখনে জেঙনিকটীয়া বাইপাছ পেট্ৰ’ল ডিপোৰ সন্মুখত ট্ৰাকখনক আগভেটি ধৰে ৷ ডকাইতৰ দলটোৱে ট্ৰাকৰ চালকক চোকা অস্ত্ৰ দেখুৱাই ভাবুকিৰে ধন লুট কৰাৰ চেষ্টা চলায় ৷ কিন্তু চালক আলতাফ হুছেইনে ধন আদায় নিদি চিঞৰ বাখৰ কৰাত ডকাইতৰ দলটোৱে চালকজনক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ চলায় ৷ ইফালে ট্ৰাক চালকৰ চিঞৰ শুনি স্থানীয় ৰাইজ ওলাই অহাত ডকাইতৰ দলটোৱে বাহনখন এৰি ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলায় ৷ যদিও স্থানীয় ৰাইজে দলটোক খেদি খেদি গৌৰৱ গগৈ নামৰ বানমুখৰ এটা ডকাইতক কৰায়ত্ব কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here