Home অসম যোৰহাটৰ বৰুৱা চাৰিআলিত গছ বাগৰি নিহত এগৰাকী পথাচাৰী

যোৰহাটৰ বৰুৱা চাৰিআলিত গছ বাগৰি নিহত এগৰাকী পথাচাৰী

346
0


গণ বাৰ্তা বিশেষ, যোৰহাট, ৩ মে’ ঃ
যোৰহাটৰ বৰুৱা চাৰিআলিত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা৷ বৰুৱা চাৰিআলিৰ গাতে লাগি থকা এজোপা গছৰ এটা প্ৰকাণ্ড ডাল আকস্মিকভাৱে ভাগি পৰাৰ ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো৷ আকস্মিকভাৱে ভাগি পৰা ডালটো এগৰাকী মহিলা পথচাৰীৰ গাত পৰাৰ ফলত মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়৷ সেই সময়ত উক্ত স্থানত থকা কেইজনমান অট’ ড্ৰাইভাৰ আৰু ৰিস্কাচালকে মুহূৰ্ততে আহি মহিলাগৰাকীৰ দেহৰ পৰা প্ৰকাণ্ড ডালসমূহ আঁতৰাই ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও অত্যধিক ৰক্তক্ষৰণৰ ফলত মহিলাগৰাকীয়ে কৰুণ মৃত্যুক সাবটি ল’বলগীয়া হয়৷ মহিলাগৰাকী যোৰহাট সৰুচৰাই বাগানৰ পিংকী ৰবিদাস বুলি জানিব পৰা গৈছে৷ ইফালে, দুৰ্ঘটনাত আন দুজন ব্যক্তি কম-বেছি পৰিমাণে আহত হোৱাৰ লগতে এখন স্কুটী আৰু এখন চাইকেল ভাঙি চূৰমাৰ হৈ পৰে৷ উল্লেখ্য যে আজি পৱিত্ৰ ঈদৰ বাবে ৰাইজৰ সমাগম বৰুৱা চাৰিআলিত যথেষ্ট কম আছিল আৰু সেইবাবেই দুৰ্ঘটনাত অধিক হতাহত হোৱাৰ পৰা ৰক্ষা পৰিল৷ বতাহ, বৰষুণ একো নাথাকোঁতে গছজোপাৰ ডাল ভাগি পৰাত আ(ৰ্য প্ৰকাশ কৰিছে যোৰহাটবাসীয়ে৷ প্ৰত্যক্ষদৰ্শীসকলে জনোৱা অনুসৰি এটা ভয়ংকৰ শব্দ কৰি মুহূৰ্ততে পথত বাগৰি পৰে ডালটো৷ শব্দ শুনি একাংশ পথচাৰী দৌৰি পলাইছিল যদিও খোজকাঢ়ি আহি থকা পিংকী ৰবিদাস নামৰ মহিলাগৰাকী আঁতৰি যাবলৈ ব্যৰ্থ হয়৷ যাৰ ফলত ডালটো মহিলাগৰাকীৰ দেহত পৰি যায়৷ দুৰ্ঘটনাৰ পিছত বহুসময় ধৰি ৰাজপথটো বন্ধ হৈ পৰে যদিও পৰৱৰ্তী সময়ত আৰক্ষী, বন বিভাগৰ প্ৰচেষ্টাত পথছোৱা মুকলি কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here