Home অসম চামগুৰিত ২১ টা চোৰাং গৰুসহ আটক এজনক

চামগুৰিত ২১ টা চোৰাং গৰুসহ আটক এজনক

55
0


গণ বাৰ্তা, চামগুৰি, ১৩ মে’ ঃ চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে৷ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে যোৱানিশা চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই হাঁহচৰা বৰালিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জ্জ্বটা চোৰাং গৰুসহ এখন গাড়ী জব্দ কৰাৰ পিছত আজি পুনৰ চামগুৰি ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অভিযান চলাই এখন চোৰাং গৰুভৰ্তি পাঞ্জাব ব’ডীৰ ট্ৰাক জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আজি দিনৰ প্ৰায় ১০.৩০মান বজাত চামগুৰি আৰক্ষী থানাৰ সন্মুখৰ তথা ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায়৷ আৰক্ষীৰ দলটোৱে অভিযান চলাই থকাৰ সময়ত চিলাপথাৰৰ পৰা যোৰাবাট অভিমুখে আহি থকা এ এছ ০১ এফ চি ৭০৮জ্জ নম্বৰৰ পাঞ্জাব ব’ডী ট্ৰাকখন ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰাৰ লগতে গাড়ীখনৰ চালক সোণাপুৰৰ কচুতলী অঞ্চলৰ কাদেৰ আলী [৩০] নামৰ লোকজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ আজি দিনত জব্দ কৰা উক্ত ট্ৰাকখনৰ পৰা আৰক্ষীয়ে ২১টা চোৰাং গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে৷ আনহাতে, আৰক্ষীয়ে যোৱানিশা আৰু আজি দিনত উদ্ধাৰ কৰা উক্ত চোৰাং গৰnকেইটা নগাঁৱৰ গো-শালালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ধৃত গাড়ীখনৰ চালকজনক আৰু অধিক তথ্যৰ বাবে চামগুৰি আৰক্ষী থানাত সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here