Home Main Stories ছিপাঝাৰৰ ঢলপুৰৰ উচ্ছেদস্থলীত সংঘৰ্ষ ; এজন প্ৰতিবাদকাৰী নিহত ; আহত বহু কেইগৰাকী...

ছিপাঝাৰৰ ঢলপুৰৰ উচ্ছেদস্থলীত সংঘৰ্ষ ; এজন প্ৰতিবাদকাৰী নিহত ; আহত বহু কেইগৰাকী প্ৰতিবাদকাৰী- আৰক্ষী

309
0


গণ বাৰ্তা, ছিপাঝাৰ, ২৩ ছেপ্টেম্বৰ : ৰক্তাক্ত হৈ পৰিছে ছিপাঝাৰৰ গৰুখুঁটি। উেচ্ছদক কেন্দ্ৰ কৰি গৰুখুঁটিৰ তিনি নং ধলপুৰত এক কুৰুক্ষেত্ৰৰ সৃষ্টি হয়। নিজৰ ভেটি-মাটি হেৰুওৱাৰ আশংকাত প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদী জনতাৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী প্ৰশাসন। নিৰাপত্তাৰক্ষী আৰু উত্তেজিত জনতাৰ মাজত প্ৰচণ্ড সংঘাত সৃষ্টি হয়। পৰিস্থিতি এনে পৰ্যায় পায়গৈ যে প্ৰতিবাদী জনতাক ছত্ৰভংগ দিয়াবলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীচালনাত দুজনকৈ লোক নিহত হোৱা বুলি জানিব পৰা গৈছে। নিহত লোক দুজন ক্ৰমে— ছাদ্দাম হুছেইন আৰু শ্বেখ ফৰিদ। ইপিনে, আৰক্ষীৰ এনে বৰ্বৰতাত কে’বাজনো লোক গুলীবিদ্ধ হৈ আহত হোৱাৰ খবৰ পোৱা গৈছে। প্ৰতিবাদকাৰী জনতাৰ আক্ৰমণত কে’বাজনো আৰক্ষীৰ লোক আহত হৈছে। উেচ্ছদক কেন্দ্ৰ কৰি উক্ত অঞ্চলত উত্তেজনা বিৰাজ কৰি আছে। মন কৰিবলগীয়া যে ছিপাঝাৰৰ গৰুখুঁটি প্ৰস্তাৱিত কৃষি প্ৰকল্পৰ ভূমিত অবৈধ বেদখলকাৰীক উচ্ছেদ কৰি প্ৰকল্পৰ কাম ৰূপায়ণৰ বাবে চৰকাৰে বিধায়ক পদ্ম হাজৰিকাক অধ্যক্ষ হিচাপে গঠন কৰি দিয়াৰ পিছত প্ৰশাসনে ধলপুৰত যোৱা ২১ ছেপ্টেম্বৰত আৰক্ষী- অৰ্ধসামৰিক বাহিনীকলৈ এক উচ্ছেদ অভিযান চলাই  ১নং  আৰু ৩নং অঞ্চলৰ এটা অংশত ২,৭৫০ বিঘা মাটি বেদখলমুক্ত কৰে। য’ত কে’বাশতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে উচ্ছেদ কৰে কে’বাখনো দোকান। কিন্তু এনে উচ্ছেদ অভিযানত সম্পূৰ্ণভাৱে বেদখলমুক্ত নোহোৱাৰ পিছত আজি প্ৰশাসনে কে’বাশতাধিক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী লৈ ধলপুৰত উচ্ছেদৰ বাবে উপস্থিত হয়। কিন্তু ঘৰ-ভেটি-মাটি হেৰুৱাই  দিক্‌বিদিক হেৰুৱাই পেলোৱা লোকসকলে পুৱাৰে পৰা শ শ লোক ওলাই আহি উচ্ছেদবিৰোধী প্ৰতিবাদেৰে প্ৰশাসনক বাধা দিয়াৰ প্ৰয়াস কৰে। এক উত্তেজনাময় পৰিস্থিতিৰ মাজত এটা সময়ত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হয়। যাৰ বাবে আৰক্ষীৰ গুলীত দুগৰাকী প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে বহুকেইগৰাকী লোক গুৰুতৰভাৱে আহত হ’বলগীয়া হয়। নিহত প্ৰতিবাদকাৰীগৰাকীৰ বুকু গুলীয়ে ভেদ কৰিছে। প্ৰতিবাদকাৰীৰ আক্ৰমণত বহুকেইগৰাকী আৰক্ষীৰ লোকো গুৰুতৰভাৱে আহত হ’ব লগীয়া হয়। আহতসকলক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰে প্ৰকাশ। ইয়াৰে আৰক্ষী বিষয়া এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।  উল্লেখ্য যে উচ্ছেদস্থলীত পুৱাৰে পৰা সৃষ্টি হৈছিল এক যুদ্ধংদেহি পৰিৱেশৰ। শ শ বেদখলকাৰীয়ে পুৱাৰে পৰা প্ৰতিবাদেৰে প্ৰশাসনক বাধা দি আছিল উচ্ছেদত। দুপৰীয়াৰ ভাগত বেদখলকাৰীসকলৰ লগত আৰক্ষীৰ সংঘৰ্ষৰ সৃষ্টি হয় আৰু তাৰ বাবে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। অঞ্চলবাসীয়ে অভিযোগ কৰা অনুসৰি, কালি মাজনিশা বাৰ বজাত তিনি নং ধলপুৰবাসীক উেচ্ছদৰ জাননী প্ৰেৰণ কৰিছিল। আজি পুৱাৰ ভাগত যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি কৰি উেচ্ছদ অভিযান চলাবলৈ যায়। প্ৰশাসনৰ লোকক উেচ্ছদকাৰ্য বন্ধৰ দাবীত শ শ লোকে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ এটাই দাবী আছিল পুনৰ্সংস্থাপন দি উেচ্ছদ চলাওক। আনকি প্ৰশাসনে যি স্থানত অঞ্চলবাসীক থাকিবলৈ স্থান নিৰ্ধাৰণ কৰি দিছিল সেই অঞ্চল মানুহ থকাৰ উপযোগী নহয়। ওখ ভেটি স্থাপন নকৰাকৈ বসবাস কৰাটো অসম্ভৱ। কিন্তু প্ৰতিবাদকাৰীসকলৰ উক্ত দাবীক নস্যাৎ কৰি প্ৰশাসনে বলপূৰ্বকভাৱে উেচ্ছদ চলোৱাৰ বাবে এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয়। এনে পৰিৱেশৰ মাজতে বিয়লিৰ ভাগত পুনৰ প্ৰশাসনে উেচ্ছদ অভিযান চলায়। যি কি নহওক, মাজনিশা উেচ্ছদৰ জাননী, পুৱাৰ ভাগত উেচ্ছদ আৰু দুপৰীয়াৰ ভাগত গুলীৰে প্ৰতিবাদকাৰীক প্ৰত্যুত্তৰ দিলে আৰক্ষী প্ৰশাসনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here