Home অসম অনলাইন ড্ৰাইভিং লাইচেন্স – ডুপ্লিকেট ড্ৰাইভিং লাইচেন্স প্ৰাপ্তি সেৱাৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ: এতিয়াৰে...

অনলাইন ড্ৰাইভিং লাইচেন্স – ডুপ্লিকেট ড্ৰাইভিং লাইচেন্স প্ৰাপ্তি সেৱাৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ: এতিয়াৰে ঘৰতে বহি নৱীকৰণ কৰিব পাৰিব ডাইভিং লাইচেন্স

201
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ অক্টোবৰ: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত অনলাইনযোগে ড্ৰাইভিং লাইচেন্স আৰু ডুপ্লিকেট ড্ৰাইভিং লাইচেন্স প্ৰাপ্তি সেৱাৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ নাগৰিককেন্দ্ৰিক, সহজে উপলব্ধ, স্বচ্ছ আৰু সহজ ব্যৱহাৰযোগ্য এই সেৱাৰ জৰিয়তে জনসাধাৰণে এতিয়া জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ নযোৱাকৈয়ে নিজৰ গৃহৰ পৰাই আধাৰ সংলগ্ন প্ৰমাণিকৰণৰ জৰিয়তে এই সেৱা লাভ কৰিবলৈ সক্ষম হ’ব৷ যোৰহাট, শিৱসাগৰ, বৰপেটা, কোকৰাঝাৰ আৰু বাক্সা জিলাত নিৰ্বাচনী আচৰণবিধি অন্ত পৰাৰ পিছত এই সেৱা জনসাধাৰণে লাভ কৰিবলৈ সক্ষম হ’ব৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে এই সেৱা আৰম্ভ কৰাৰ জৰিয়তে সমগ্ৰ দেশৰ ভিতৰত এনে সেৱা উপলব্ধ কৰা অসম ষষ্ঠখন ৰাজ্য হিচাপে পৰিগণিত হ’ল৷ প্ৰযুক্তিৰ প্ৰয়োগৰ জৰিয়তে জনসাধাৰণৰ সুবিধাৰ্থে এই সেৱাৰ প্ৰাৰম্ভণে জনসাধাৰণক সবলীকৰণ কৰাৰ উপৰি সু-শাসনৰ সুবিধা প্ৰদান কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলিও তেওঁ কয়৷ এই সেৱা প্ৰাৰম্ভণৰ জৰিয়তে জনসাধাৰণে এতিয়াৰে পৰা কোনো জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ গৈ শাৰী পাতি নিজৰ অমূল্য সময় অপচয় কৰাৰ পৰা ৰেহাই পাব বুলি তেওঁ কয়৷ এই সেৱাৰ জৰিয়তে এতিয়া জনসাধাৰণে নিজৰ গাড়ী চালনাৰ অনুজ্ঞা-পত্ৰৰ নৱীকৰণ আৰু ডুপ্লিকেট ড্ৰাইভিং লাইচেন্স প্ৰাপ্তিৰ বাবে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু ইয়ে ৰাজ্য চৰকাৰৰ ৰাজহ বৃদ্ধিতো সহায় কৰিব বুলি তেওঁ কয়৷ জিলা পৰিবহণ বিষয়াৰ কাৰ্যপদ্ধতি আৰু অধিক সুচলতৰ কৰাৰ বাবে আৰু এটা প’ৰ্টেল সৃষ্টি কৰাৰ পদক্ষেপ লোৱা হ’ব বুলি উল্লেখ কৰি এই প’ৰ্টেলৰ জৰিয়তে পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা স্থায়ী ড্ৰাইভিং লাইচেন্স প্ৰাপ্তিৰ বাবে আগতীয়া এপইণ্টমেণ্ট লোৱাৰ ব্যৱস্থা কৰা হ’ব, যাতে কোনো কাৰণতে জিলা পৰিবহণ বিষয়াৰ অনুপস্থিতিৰ বাবে জনসাধাৰণে সেৱা লাভ কৰাৰ পৰা বঞ্চিত হ’ব নালাগে৷ আগন্তুক বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়সমূহ সম্পূৰ্ণ স্বয়ংক্ৰিয় কৰি তোলা হ’ব বুলিও তেওঁ কয়৷ সম্পূৰ্ণ স্বয়ংক্ৰিয় কাৰ্যসূচীৰ অধীনত স্বত্বাধিকাৰী হস্তান্তৰ, ডুপ্লিকেট পঞ্জীয়ন প্ৰমাণ-পত্ৰ, পঞ্জীয়ন প্ৰমাণ-পত্ৰৰ ঠিকনা সলনি, আন্তঃৰাষ্ট্ৰীয় গাড়ী চালনাৰ অনুজ্ঞা, কণ্ডাক্টৰৰ ডুপ্লিকেট অনুজ্ঞা-পত্ৰ, কণ্ডাক্টৰৰ অনুজ্ঞা-পত্ৰৰ নৱীকৰণ ইত্যাদি সেৱাসমূহ উপলব্ধ কৰা হ’ব৷ প্ৰযুক্তি প্ৰয়োগৰ জৰিয়তে আৰু অধিক সেৱা জনসাধাৰণক উপলব্ধ কৰোৱা হ’ব বুলিও তেওঁ কয়৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিভাগটোৰ সেৱা প্ৰদান পদ্ধতিত প্ৰযুক্তি কৌশল ব্যৱহাৰেৰে বিভাগটোক আৰু অধিক সক্ৰিয় কৰাৰ দিশত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই লোৱা ভূমিকাৰ শলাগ লয়৷ বিভাগে আধাৰ আৰু আধাৰবিহীন প্ৰমাণিকৰণৰ সেৱাসমূহ জনসাধাৰণৰ বাবে আৰম্ভ কৰাৰ দিশত সক্ৰিয়ভাৱে কাম কৰি আছে বুলিও মন্ত্ৰীগৰাকীয়ে কয়৷ উল্লেখ্য যে পৰিবহণ বিভাগে যোৱা ৩ ছেপ্টেম্বৰত ইতিমধ্যে কণ্টেক্টলেছ লাৰ্নাৰ লাইচেন্স প্ৰাপ্তি সেৱাৰ আৰম্ভ কৰিছে৷ এই সেৱাৰ জৰিয়তে কালিলৈকে সৰ্বমুঠ ৰ,৩৯,৯২৫খন লাৰ্নাৰ লাইচেন্স প্ৰদান কৰা হৈছে৷ তদুপৰি এম ভান এপ’ৰ জৰিয়তে বিভাগে চ্ছ অক্টোবৰলৈ চ্ছ্ৰ,৪৭২খন ফিটনেছ চাৰ্টিফিকেট প্ৰদান কৰিছে৷ আজিৰ এই অনুষ্ঠানত পৰিবহণ বিভাগৰ প্ৰধান সচিব কে কে দ্বিবেদী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্‌হা, পৰিবহণ আয়ুক্ত আদিল খানকে ধৰি জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here