Home অসম গুৱাহাটী ক্লাবৰ উক্ত ভূমিত উেচ্ছদ আৰম্ভ, জাঙুৰ খাই উঠিছে বিৰোধী দল-সংগঠন

গুৱাহাটী ক্লাবৰ উক্ত ভূমিত উেচ্ছদ আৰম্ভ, জাঙুৰ খাই উঠিছে বিৰোধী দল-সংগঠন

195
0

পানীৰ দৰত বণিয়াক মাটি, নাজানে মুখ্যমন্ত্ৰীয়ে

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী ঃ বহিৰাগত বণিয়াক কেন্দ্ৰীয় চৰকাৰে গুৱাহাটী ক্লাব আৰু পŒটনবজাৰৰ ৫৮বিঘা মাটি ৯৩ বছৰৰ বাবে লীজত দিয়াৰ পিছতে এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসমৰ মাটি খিলঞ্জীয়াক নিদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে বহিৰাগত বণিয়াক লীজত দিয়াৰ পিছতে এতিয়া ৰাজ্যজুৰি তীব্ৰ ক্ষোভৰ বন্যা বোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে আজি গুৱাহাটীৰ মাজমজিয়াত থকা ৫৮ বিঘা মাটি ১০০ কোটি টকাৰ বিনিময়ত ৯৩ বছৰৰ বাবে ঋশি গুপ্তা, উত্ত বেৰীয়া আৰু অৰূপ বাজাজক লীজত দিয়া সন্দৰ্ভত সম্পূৰ্ণৰূপে অজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জ্যেষ্ঠ মন্ত্ৰী অতুল বৰাই। কমলপুৰত সাংবাদিকৰ প্ৰশ্ন ৰে’ল বিভাগৰ অধীনস্থ ভূমিখিনি হস্তান্তৰ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকী অৱগত নহয় বুলি মন্তব্য কৰাৰ পিছতে উভতি ধৰিলে বিৰোধী দল-সংগঠন। আজি পানীৰ দৰত ৫৮ বিঘাকৈ মাটি খিলঞ্জীয়াক নিদি বহিৰাগত বণিয়াক অৰ্পণ কৰাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছৰ মুখপাত্ৰ মনজিৎ মহন্তই। ভূমিখিনি ৰে’ল বিভাগৰ হ’লেও অসমৰ ভূমি বুলি উল্লেখ কৰি অসমৰ ভূমি খিলঞ্জীয়াই পাব লাগে বুলি মন্তব্য কৰে। কিন্তু কিহৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক অসমৰ ভূমি বহিৰাগত বণিয়াক লীজত দিয়াৰ বাবে সন্মতি প্ৰদান কৰিলে তাক লৈও প্ৰশ্ন উত্থাপন কৰে মনজিৎ মহন্তই। উল্লেখ্য যে গুৱাহাটী ক্লাবৰ সমীপৰ ৰে’লৱে কলনীত ইতিমধ্যে উেচ্ছদৰ কাম আৰম্ভ কৰিছে লীজ লাভ কৰা গোষ্ঠীটোৱে। জেচিবিৰে মাটি সমান কৰা হৈছে। গছ উভালি পেলোৱা হৈছে, ভাঙি পেলোৱা হৈছে পুৰণি ঘৰ। গুৱাহাটী ক্লাবৰ ৰে’লৱে কলনীত থকা প্ৰায় ১৮ বিঘা মাটি বাণিজ্যিক কমপ্লেক্স স্থাপন কৰিব লীজ লাভ কৰা গোষ্ঠীটোৱে। তদুপৰি পŒটনবজাৰত থকা ৰে’লৱে কলনীতো উেচ্ছদ অভিযান আৰম্ভ কৰিছে গোষ্ঠীটোৱে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে ২০২১চনৰ ৬ আগষ্টৰ পৰাই অতি সংগোপনে উক্ত ভূমি লীজ আকাৰে হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।  কিন্তু ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কি কাৰণত সন্মতি প্ৰদান কৰিলে তাক লৈও এতিয়া চৌদিশে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে অৱস্থাত আগন্তুক সময়ত ৰাজ্য চৰকাৰে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here