Home স্থানীয় ডিগবৈত মূল্যবৃদ্ধি ৰোধৰ দাবীত কংগ্ৰেছৰ জনজাগৰণ অভিযান অংশগ্ৰহণ বিৰোধী দলৰ দলপতি দেৱব্ৰত...

ডিগবৈত মূল্যবৃদ্ধি ৰোধৰ দাবীত কংগ্ৰেছৰ জনজাগৰণ অভিযান অংশগ্ৰহণ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ, মূল্যবৃদ্ধিক লৈ তুলাধুনা বিজেপিক

161
0


ডিগবৈ, ১৫ নৱেম্বৰ: শাসকীয় চৰকাৰখনে পেট্ৰ’ল, ডিজেলজাত সামগ্ৰীকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি ৰোধত চৰম ব্যৰ্থতাত সাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷তাৰে পৰিপেক্ষিতত আজি ১২৩ নং ডিগবৈ বিধানসভা সমষ্টিত কংগ্ৰেছে জন জাগৰণ অভিযান নামৰে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ণ কৰে৷ৰাজ্যৰ আন আন জিলাসমূহৰ লগতে তিনিচুকীয়া জিলাখনতো হব লগা জন জাগৰণ অভিযানটো ডিগবৈৰ পৰা আৰম্ভ কৰে৷প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বে ডিগবৈ ৰাজীৱ ভৱনত তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তাসকলকৰ লগত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এখনি বৈঠকত মিলিত হোৱাৰ পাচত ডিগবৈ ৰাজীৱ ভৱনৰ পৰা ডিগবৈ চাৰিআলি মাজমজিয়াত অৱস্থিত মাকুম মটৰচ পেট্ৰল পাম্পলৈ এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে৷হাপজান ব্লক কংগ্ৰেছ, তিনিচুকীয়া জিলা কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এন এছ ইউ আইসহ ডুমডুমাৰ প্ৰাক্তন বিধায়ক দুৰ্গা ভূমিজ,চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু , তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছৰ সভাপতি তথা বিগত বিধানসভা নিৰ্বাচনৰ ডিগবৈ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱনাথ চেতিয়াসহ প্ৰায় সাত শতাধিক কাৰ্যকৰ্তায়ে অংশগ্ৰহণ কৰা কাৰ্যসূচীত বি জে পি চৰকাৰৰ বিৰোদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বিজেপি হায় হায় , হিমন্ত বিশ্বৰ কাম নাই, মূল্যবৃদ্ধি ৰোধ কৰক,জনগণ বিৰোধী নীতি নচলিব ইত্যাদি চৰকাৰ বিৰোধী গানেৰে ডিগবৈ চহৰৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰি আকাশ বতাহ একাকাৰ কৰি তোলে৷ জন জাগৰণ অভিযান কাৰ্যসূচীত অংশ লোৱা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই বলিউদৰ তাৰকা অভিনেত্ৰী কংকনা ৰানাৱটে ভাৰতে স্বাধীনতা লাভৰ প্ৰসংগত কিছু দিনৰ পূৰ্বে এক সস্তীয়া আৰু টুলুঙা মন্তব্য প্ৰদান কৰাৰ লৈ তীব্ৰ ক্ষোভ উজাৰে৷ লগতে কংগনা ৰাণাৱটৰ টুলুঙা মন্তব্যক লৈ দেবব্ৰত শইকীয়াই অভিনেত্ৰীগৰাকীৰ বিৰোদ্ধে আইনিভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ যো জা কৰি থকাৰ কথা উল্লেখ কৰে৷ লগতে দেশ স্বাধীন কৰিবলৈ বৃটিছৰ লগত আহোপুৰুষাৰ্থ সংগ্ৰাম কৰি প্ৰাণ ত্যাগ কৰা দেশপ্ৰমী সকলক অপমানসূচক মন্তব্য কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে৷লগতে শইকীয়াই বি জে পি দলত যোগদানৰ সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমত তীব্ৰ প্ৰচাৰ চলি থকা কথাষাৰত দেৱব্ৰত শইকীয়াই বিজেপি দলৰ নীতি-আদৰ্শ যি দিনাই কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ লগত মিল হ’ব সেইদিনাই বিজেপিত যোগদান কৰাৰ কথা উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here