Home অসম বিৰোধী দল কংগ্ৰেছৰ সদন ত্যাগ, প্ৰৱেশদ্বাৰত ইউ ডি এফৰ প্ৰতিবাদ: ভূমি-গৰখুঁটিক লৈ...

বিৰোধী দল কংগ্ৰেছৰ সদন ত্যাগ, প্ৰৱেশদ্বাৰত ইউ ডি এফৰ প্ৰতিবাদ: ভূমি-গৰখুঁটিক লৈ উত্তাল সদন

178
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ ডিচেম্বৰ: অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী আৰু গৰুখুঁটিৰ অমানৱীয় উচ্চেদৰ প্ৰসংগক লৈ সদনৰ মজিয়া উত্তাল হৈ পৰে৷ আজি শূন্যকালীন ঘণ্টাত সদনৰ যাৱতীয় কাম-কাজ স্থগিত ৰাখি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ আলোচনাৰ বাবে কংগ্ৰেছে অধ্যক্ষক প্ৰস্তাৱ আগবঢ়াইছিল৷ সমান্তৰালভাৱে গৰুখুঁটিত চলা অমানৱীয় উচ্চেদ কাৰ্য সন্দৰ্ভত সদনৰ যাৱতীয় কাম-কাজ স্থগিত ৰাখি আলোচনাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল এ আই ইউডি এফ দলে৷ গৰুখঁুটিৰ বিষয়টো বিচাৰাধীন অৱস্থাত আছে৷ সেইটো আলোচনা কৰিব নোৱাৰি বুলি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদনৰ মজিয়াত স্পষ্ট ঘোষণা কৰে৷ একেদৰে কংগ্ৰেছে আগবঢ়োৱা প্ৰস্তাৱ সন্দৰ্ভত মানিবলৈ অধ্যক্ষই অস্বীকাৰ কৰে৷ সদনৰ কাম-কাজ বন্ধ কৰি উক্ত বিষয়টো লৈ আলোচনা কৰিব লাগে বুলি মই ভবা নাই আৰু আলোচনাৰ বিষয় নহয় বুলি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদনৰ মজিয়াত ঘোষণা কৰাৰ পিছতেই কংগ্ৰেছী বিধায়কসকল সৰৱ হৈ পৰে৷ কংগ্ৰেছে আগবঢ়োৱা প্ৰস্তাৱটো মানিবলৈ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াই অধ্যক্ষক আহ্বান জনায় যদিও কোনোকাৰণতেই অধ্যক্ষই মানিবলৈ প্ৰস্তুত নহয়৷ নাচোৰবান্দা কংগ্ৰেছ৷ কোনোকাৰণতেই বিষয়টো এৰি দিব খোজা নাই কংগ্ৰেছী বিধায়কসকল৷ কংগ্ৰেছ বিধায়িনী দলৰ দলপতিগৰাকীয়ে বাৰম্বাৰ অধ্যক্ষক আহ্বান জনায় যে কংগ্ৰেছে আগবঢ়োৱা প্ৰস্তাৱটো মানি আলোচনাৰ বাবে সন্মতি দিব লাগে৷ অধ্যক্ষই সন্মতি দিব নোৱাৰে বুলি ঘোষণা কৰাৰ লগে লগে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ উক্ত হুলস্থুলীয়া পৰিৱেশৰ মাজতেই শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে নিজৰ আসনৰ পৰা উঠি কয় যে মুখ্যমন্ত্ৰীৰ ভূমি কেলেংকাৰী নেকি৷ অখিল গগৈৰ উক্ত মন্তব্যৰ পিছতেই শাসকীয় বিধায়কসকল সোচ্ছাৰ হৈ পৰে আৰু সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ শাসক-বিৰোধী বিধায়কৰ বাকযুদ্ধৰ মাজতেই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে মই কাৰোৰে মতত নচলো৷ অধ্যক্ষই পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হয়৷ এটা সময়ত অধ্যক্ষই দহ মিনিটৰ বাবে সদন স্থগিত ৰাখিবলৈ বাধ্য হয়৷ পুনৰ সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ সময়তে দেৱব্ৰত শইকীয়াই কয় যে আৰ বি এছে ২৯ বিঘা জ্ঝ লেচা ভূমি ক্ৰয়ৰ নামত ভূমিনীতি উলংঘা কৰিছে৷ দুৰ্নীতি হৈছে, আইন উলংঘা কৰিছে৷ সেয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ ব্যৱসায়িক স্বাৰ্থত মাটি দিব লাগে বুলি ভূমি নীতিত উল্লেখ নাই৷ এজন ন্যায়াধীশৰ জৰিয়তে সমস্ত বিষয়টো তদন্ত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে উক্ত ভূমি চৰকাৰক ফেৰত ল’বলৈ আহ্বান জনায়৷ ব্যৱসায়িক স্বাৰ্থত কেনেদৰে চৰকাৰী ভূমি আবণ্টন দিব পাৰে তাৰ ওপৰত তদন্ত বিচাৰে শইকীয়াই৷ ইপিনে বিৰোধী দলপতিৰ উক্ত মন্তব্যৰ পিছতেই পীয়ূষ হাজৰিকাই কয় যে বিষয়টো বৰ্তমানৰ নহয়৷ ২০০৬-২০০৯চনৰ৷ মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতেই দেৱব্ৰত শইকীয়াই কয় যে সত্য নে অসত্য৷ পুৰণা-নতুনৰ কথা নাই৷ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰয়ে কয় যে সদনৰ কাম-কাজ বন্ধ কৰি বিষয়টো আলোচনা কৰিব লাগে বুলি মই ভবা নাই৷ অধ্যক্ষগৰাকীয়ে আলোচনা প্ৰস্তাৱত সন্মতি প্ৰদান নকৰাত কংগ্ৰেছ বিধায়কসকল সৰৱ হৈ পৰে৷ এটা সময়ত বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থই অধ্যক্ষৰ আসনৰ ওচৰলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ অধ্যক্ষই কোনোকাৰণতে আলোচনাত সন্মতি প্ৰদান নকৰাত কংগ্ৰেছে দিনটোৰ বাবে সদন ত্যাগ কৰে৷ ইপিনে, এ আই ইউ ডি এফ দলে গৰুখুঁটিৰ প্ৰসংগটো আলোচনাৰ বাবে সন্মতি প্ৰদান নকৰাত এ আই ইউ ডি এফ দলৰ বিধায়সকলেও সদন ত্যাগ কৰে আৰু বিধানসভাৰ প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here