Home অসম ওৰাং ৰাষ্ট্ৰীয় উদ্যানত খৰ্গ বিহীন গড়ক লৈ চাঞ্চল্য

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত খৰ্গ বিহীন গড়ক লৈ চাঞ্চল্য

76
0


ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ১২ মে’ ঃ এটা খড়গযুক্ত গঁড়ৰ বাবে বিশ্ববিখ্যাত দৰং জিলাৰ পূব প্ৰান্তত অৱস্থিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি এটা খড়গবিহীন গঁড়ৰ মুক্ত বিচৰণক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ঘটনাৰ বিৱৰণী অনুসৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰীয়ে জীৱন্ত অৱস্থাতে এটা গঁড়ৰ খড়গ কাটি নিয়া এক হৃদয়স্পৰ্শী ঘটনা পোহৰলৈ অহাত প্ৰকৃতিপ্ৰেমীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি কেইদিনমানৰ আগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ খয়ৰাচালি অঞ্চলত তেজেৰে তুমৰলি হৈ থকা অৱস্থাত এটা খড়গবিহীন গঁড় প্ৰত্যক্ষ কৰিছিল উদ্যানখনৰ এগৰাকী বনকৰ্মীয়ে৷ উল্লেখ্য যে বনকৰ্মীয়ে উক্ত ঘটনা সংবাদ মাধ্যমৰ পৰা গাপ দি ৰখাৰ চেষ্টা কৰিছিল যদিও পাছত ঘটনাটো ৰাষ্ট্ৰ হৈ পৰে৷ উল্লেখযোগ্য যে মঙলবাৰে গুৱাহাটীৰ পৰা এটা চিকিৎসকৰ দলসহ পি চি চি এফ এম কে যাদৱ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈ আহত গঁড়টোক ট্ৰেংকুলাইজড কৰি চিকিৎসা প্ৰদান কৰে৷ চোৰাংচিকাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰি গঁড়ৰ খড়গটো জীৱন্ত অৱস্থাতে কাটি নিয়া বুলি বন বিভাগে সন্দেহ কৰাৰ সমান্তৰালভাৱে উদ্যানখনত দুটা গঁড়ৰ মাজত সংঘটিত কাজিয়াৰ ফলতো গঁড়টোৰ খড়গ ছিঙি পৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে৷ অৱশ্যে এই সন্দৰ্ভত নিশ্চিত তথ্য লাভ কৰা হোৱা নাই৷ প্ৰণিধানযোগ্য যে এটা সময়ত চোৰাংচিকাৰীৰ ৰম্যভূমিত পৰিণত হৈ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিগত ২০১৭ চনৰ পৰা এটাও গঁড় হত্যা হোৱা নাই যদিও এই গঁড়ৰ খড়গটো চোৰাংচিকাৰীয়ে কাটি নিয়া বুলি প্ৰকৃতিপ্ৰেমীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ ইপিনে, বিভাগীয় চিকিৎসকৰ দলে চিকিৎসা প্ৰদান কৰা গঁড়টোৰ খড়গটো বিচাৰি বনকৰ্মীসকলে উদ্যানখনত অভিযান আৰম্ভ কৰিছে যদিও বাতৰি যুগুত কৰাপৰ্যন্ত খড়গটো লাভ কৰাৰ তথ্য পোৱা হোৱা নাই৷ আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গঁড়ৰ সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ সফল হোৱা বুলি দাবী কৰাৰ সময়তে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত এই হৃদয়বিদাৰক ঘটনাই প্ৰকৃততে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰ কিমান সফল হৈছে সেইক্ষেত্ৰত এক গভীৰ প্ৰশ্নৰ অৱতাৰণা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here