Home অসম কাজিৰঙাৰ ৯ টা স্থানত নিৰ্মাণ বন্ধৰ নিৰ্দেশ

কাজিৰঙাৰ ৯ টা স্থানত নিৰ্মাণ বন্ধৰ নিৰ্দেশ

147
0


গণ বাৰ্তা বিশেষ, বোকাখাত, ২৫ অক্টোবৰ: উচ্ছতম ন্যায়ালয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী বিচৰণত বাধাৰ সৃষ্টি নহ’বৰ কাৰণে উদ্যান কতৃৰ্পক্ষই চিহ্নিত কৰা ৯ টা এনিমেল কৰিড’ৰত ব্যক্তিগত ভূমিত সকলোধৰণৰ নিৰ্মাণকাৰ্য দুবছৰ পূৰ্বে বন্ধ ঘোষণা কৰাৰ পাছত এতিয়া মহকুমা প্ৰশাসন জাগি উঠা পৰিলক্ষিত হৈছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই চিহ্নিত কৰা মুঠ জ্ঝটা এনিমেল কৰিড’ৰৰ ভিতৰত বোকাখাত মহকুমাৰ অধীনত পাণবাৰী আৰু হালধিবাৰী নামৰ মাত্ৰ দুটা এনিমেল কৰিড’ৰৰ বিপৰীতে কলিয়াবৰ মহকুমাৰ অধীনত বাগৰি হাৰমতি, কাঞ্চনজুৰি, হাতীদণ্ডি, দেওচুৰ, চিৰাং আৰু আমগুৰি অৰ্থাৎ সাতটা এনিমেল কৰিড’ৰ আছে৷ অতি পৰিতাপৰ কথা যে কলিয়াবৰ মহকুমা প্ৰশাসনৰ অধীনত থকা সাতটা এনিমেল কৰিড’ৰতেই উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি প্ৰতিষ্ঠিত পৰ্যটন ব্যৱসায়ী আদিয়ে গুৰু-গোসাঁই নমনাকৈ অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশৰ কথা দোহৰাই দিয়াৰ পাছতো অবাধ গতিত নিৰ্মাণকাৰ্য তথা খনন চলাই আছে৷ উল্লেখ্য যে বোকাখাতৰ যুৱ পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে উচ্ছতম ন্যায়ালয়ত দাখিল কৰা এক আবেদনৰ ওপৰত ভিত্তি কৰি ২০১৯ চনৰ ১২ এপ্ৰিলত কাজিৰঙা আৰু কাৰ্বি আংলঙত অবাধ গতিত চলি থকা সকলো ধৰণৰ খনন কাৰ্য বন্ধ ঘোষণা কৰিছিল৷ এই নিৰ্দেশৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই চিহ্নিত কৰা বোকাখাতৰ পৰা জখলাবন্ধালৈকে থকা ৯ টা এনিমেল কৰিড’ৰত ব্যক্তিগত মাটিতো কোনো লোকে কোনোধৰণৰ নিৰ্মাণকাৰ্য চলাব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰিছিল উচ্ছতম ন্যায়ালয়ে৷ উচ্ছতম ন্যায়ালয়ে দিয়া নিৰ্দেশক একপ্ৰকাৰ অংগুষ্ঠ প্ৰদৰ্শন কৰি এচাম লোকে ৰাজনৈতিক তথা ধনবল প্ৰদৰ্শন কৰি উক্ত এনিমেল কৰিড’ৰত পৰ্যটন নিবাস, ধাবা, ৰেস্তোৰাঁ, সুৰাৰ বিপণী, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান আদি নিৰ্মাণ কৰিছে৷ দুবছৰ পূৰ্বে উচ্ছতম ন্যায়ালয়ে দিয়া নিৰ্দেশ অৱমাননা কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষ, বোকাখাত আৰু কলিয়াবৰ মহকুমা প্ৰশাসনৰ সন্মুখত এনিমেল কৰিড’ৰত নিজ ইচ্ছা মতে বন্যপ্ৰাণীৰ বিচৰণত বাধাৰ সৃষ্টি হোৱাকৈ অবাধগতিত নিৰ্মাণকাৰ্য চলাই আছিল যদিও প্ৰশাসনে কোনো ব্যৱস্থা হাতত ল’বলৈ আহৰি পোৱা নাছিল৷ উল্লেখ্য, উচ্ছতম ন্যায়ালয়ে দিয়া নিৰ্দেশক একপ্ৰকাৰ অংগুষ্ঠ প্ৰদৰ্শন কৰি অবাধ গতিত নিৰ্মাণকাৰ্য চলাই থকাত পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰী বাধ্য হৈ জখলাবন্ধা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা হাতত নল’লে৷ ইয়াৰ পাছত স্থানীয় প্ৰশাসন, আৰক্ষী বা বন বিভাগে আইন ভংগ কৰি থকা দেখা পোৱাৰ পাছতো কোনোধৰণৰ ব্যৱস্থা হাতত নোলোৱাত পুনৰ পৰিৱেশ কৰ্মী চৌধুৰীয়ে উচ্ছতম ন্যায়ালয়ে গঠন কৰি দিয়া চেণ্ট্ৰল এমপাৱাৰ্ড কমিটীক অৱগত কৰাত চেণ্ট্ৰল এমপাৱাৰ্ড কমিটীৰ সদস্য সচিব অমৰনাথ শেঠীয়ে যোৱা ৬ অক্টোবৰত কাজিৰঙাৰ এনিমেল কৰিড’ৰত উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি নিৰ্মাণ কৰা অবৈধ সকলো নিৰ্মাণকাৰ্য ধবংস কৰি চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবক পত্ৰ দিয়াৰ পাছত এতিয়া কলিয়াবৰ মহকুমা প্ৰশাসনৰ যেন নিদ্ৰা ভংগ হৈছে৷ অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পৱিত্ৰ কুমাৰ দাসে জানিবলৈ দিয়া মতে, কলিয়াবৰ মহকুমাৰ অধীনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই চিহ্নিত কৰা ৯ টা এনিমেল কৰিড’ৰত ১৪৪ ধাৰৰ জাৰি কৰি চৰকাৰী বা ব্যক্তিগত মাটিত সকলোধৰণৰ নিৰ্মাণকাৰ্য বন্ধ কৰিছে৷ তদুপৰি উক্ত নিৰ্ধাৰিত সাতটা এনিমেল কৰিড’ৰৰ কাষৰীয়া অঞ্চলত সকলোধৰণৰ গধুৰ যান-বাহন ৰখোৱা, উচ্ছ ক্ষমতা সম্পন্ন বিজুলী বাতি ব্যৱহাৰ, উচ্ছ ক্ষমতা সম্পন্ন শব্দ প্ৰয়োগ নিষিদ্ধ কৰিছে৷ যদি কোনো লোকে এই আইন ভংগ কৰে তেন্তে কলিয়াবৰ মহকুমা প্ৰশাসনে ১৪৪ ধাৰাৰ অধীনত আইনগত ব্যৱস্থা ল’ব বুলি নিৰ্দেশনা জাৰি কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here