গণ বাৰ্তা, ডিব্ৰুগড়, ১ চেপ্তেম্বৰ: অহা ৩ চেপ্তেম্বৰত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিন উপলক্ষে অভিৰুচি ক্ৰীড়া দিৱস অসম চাহ জনগোষ্ঠী ক্ৰীড়া ও সাংস্কৃতিক সন্থা আৰু লেপেটকটা আঞ্চলিক ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত লেপেটকটাত আয়োজন কৰা হৈছে। অভিৰুচি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি অসমৰ ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা জন্মদিন উপলক্ষে চাইকেল ৰেলীৰ আয়োজন কৰিছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে। লেপেটকটা আঞ্চলিক ক্ৰীড়া সন্থাৰ সম্পাদক ৰাজেশ বদন নায়কে উক্ত কাৰ্যসূচী সফল কৰি তুলিবলৈ লেপেটকটা বাসী ৰাইজক আহবান জনাইছে। পুৱা ৫ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া চাইকেল ৰেলী লেপেটকটা বাসীক অংশ গ্ৰহণৰ বাবে লেপেটকটা আঞ্চলিক ক্ৰীড়া সন্থাই অনুৰোধ জনাইছে।