Home স্বাস্থ্য খাৰুপেটীয়াত আমছুৰ সংবাদমেল : সত্যৰঞ্জন বৰাৰ লগত উঠা বহা কৰা ...

খাৰুপেটীয়াত আমছুৰ সংবাদমেল : সত্যৰঞ্জন বৰাৰ লগত উঠা বহা কৰা ইকবালৰ বিৰুদ্ধে আমছুৰ উপ সভাপতি বিশ্বাসৰ গোচৰ ৰুজু

151
0

গন বাৰ্তা , খাৰুপেটীয়া ৭ চেপ্তেম্বৰ : আজি কিছুদিন যাবত সংবাদ মাধ্যমৰ জৰিয়তে চৰ্চা লাভ কৰা বিভাজনমুখী হোৱা আমছুৰ  স্বয়ম্ভু সভাপতি ইকবাল হুছেইনৰ বিৰুদ্ধে সৰব হৈ পৰিছে মূল আমছুৰ কাৰ্য্যকৰী সভাপতি আইনুদ্দিন আহমেদ আৰু উপ সভাপতি আব্দুৰ ৰহমান বিশ্বাস । আমছুৰ স্বয়ম্ভু নেতা  ইকবাল হুছেইনে দুদিনমান পুৰ্বে মংগলদৈত সংবাদমেলৰ যোগেদি   আমছুৰ কেন্দ্ৰীয় সমিতিৰ উল্লেখিত নেতা দুগৰাকীৰ বিৰুদ্ধে    নানাধৰণৰ দুৰ্ণীতিৰ ,চিণ্ডিকেটৰাজ আদিৰে নিজৰ সম্পত্তিৰ মালিক হোৱাৰ অভিযোগ উত্থাপন কৰিছিল  । এই  সমুহ অভিযোগ আজি খাৰুপেটীয়াৰ পৰিদৰ্শন বঙলাত  আজি আবেলি  অনুষ্ঠিত এক সংবাদমেলত নেতা দ্বয়ে  দৰং জিলা আমছুৰ সভাপতি মাহবুবুল হকৰ লগতে কেবাজনো আমছু নেতা কৰ্মীৰ উপস্থিতিত  সত্যৰঞ্জন বৰাৰ লগত  উঠা বহা কৰা বিজেপিৰ সৈতে হলি গলি কৰি অহা আমছুৰ সাংগঠনিক ভেটি ভাঙিবলৈ ষড়যন্ত্ৰত লিপ্ত হোৱা ইকবালক তীব্ৰ ভাষাৰে ধিক্কাৰ দি   আমছুক এনে অপবাদ দিয়াৰ  বিৰত থাকিবলৈ সকীয়াই দিয়ে  । লগতে   তেওঁৰ বিৰুদ্ধে খাৰুপেটীয়া আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰাৰ কথা সাংবাদিকৰ আগত জনাই দিয়ে ।  সংবাদমেলত নেতা দ্বয়ে  আৰু কয় যে ইতিমধ্যেই সামাজিক মাধ্যমৰ জৰিয়তেই চৰিত্ৰহীন হিচাপে ভাইৰেল হোৱা এই চৰিত্ৰহীন ইকবালে দৰঙৰ কেইজনমান আমছুৰ নেতাক তেওঁ চৰকাৰৰ জৰিয়তে বহুত ঠিকা বা কাম কাজৰে বহুত ধন উপাৰ্জনৰ পথ মুকলি দিব ইত্যাদি প্ৰলোভন দেখুৱাই মুল আমছুৰ পৰা আতৰাই ৰাখিব বিচাৰিছে যদিও তেওঁলোকৰ মাজত থকা অপৰাধ মূলক কাৰ্যত লিপ্ত নথকা নেতাসকলক আমছুৰ দোৱাৰ মুকলি আছে  । নেতা দ্বয়ে  ভণ্ড অশিক্ষিত নেতা ইকবালক প্ৰত্যাহ্বান জনাই কয় যে আমছুৰ বিৰুদ্ধে এনে কোনো আমছুৰ জন্ম হোৱা নাই যে মূল আমছুক অকনো ক্ষতিগ্ৰস্ত কৰিব পাৰিব । কিমান আহিল কিমান গল কিন্ত প্ৰকৃত আমছু — আমছু হৈয়েই আছে আৰু  অটুট থাকি সংখ্যালঘুৰ লগতে অসম তথা দেশৰ উন্নয়নৰ হকে কাম কৰি যাব  । 

LEAVE A REPLY

Please enter your comment!
Please enter your name here