নাগালেণ্ডৰ অ’টিংবস্তিৰ পৰা অভিজিৎ ভূঞা, ১৩ ডিচেম্বৰ : নাগালেণ্ডৰ অ’টিংবস্তিৰ ঘটনাত নিহত লোককেইজনৰ পৰিয়ালে ন্যায় নোপোৱালৈকে চৰকাৰীভাৱে দিয়া ক্ষতিপূৰণ গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে অ’টিং ভিলেজ কাউঞ্চিলে৷ যোৱা চাৰি ডিচেম্বৰত সংঘটিত নাৰকীয় কাণ্ডৰ দোষীক শাস্তি দিয়াৰ লগতে উত্তৰ-পূবৰ পৰা ‘আফস্পা’ বাতিল নকৰাপৰ্যন্ত চৰকাৰী ৰাজসাহায্য কোনো কাৰণতে গ্ৰহণ কৰা নহয় বুলি জানিবলৈ দিছে অ’টিংবাসীয়ে৷ এই সন্দৰ্ভত এক প্ৰেছ বিবৃতিযোগে এই কথা স্পষ্ট কৰিছে অ’টিং ভিলেজ কাউঞ্চিলে৷ উল্লেখ্য যে চাৰি ডিচেম্বৰত ২১নং পেৰা কমাণ্ডোৰ গুলীত ১৪জন নিৰপৰাধী লোক নিহত হোৱাৰ পাছত নাগালেণ্ডৰ মন্ত্ৰী তথা টিজিত বিধানসভা সমষ্টিৰ বিধায়ক পায়ৱাং কন্যাক আৰু ম’ন জিলাৰ উপায়ুক্তগৰাকীয়ে নিহত পৰিয়ালৰ লোকলৈ চৰকাৰে আগবঢ়োৱা ক্ষতিপূৰণৰ আগধন হিচাপে ১৮ লাখ ৩০ হাজাৰ টকা প্ৰদান কৰিছিল অ’টিং ভিলেজ কাউঞ্চিলৰ হাতত৷ সেই ধন নিহত লোককেইজনৰ মৰণোত্তৰ পৰীক্ষা, কন্যাক ইউনিয়নৰ সভা তথা নিহত লোককেইজনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাবে চৰকাৰে দিয়া বুলি গ্ৰহণ কৰিছিল ভিলেজ কাউঞ্চিলে৷ কিন্তু পৰৱৰ্তী সময়ত সেই ধনখিনি চৰকাৰে নিহত পৰিয়ালৰ বাবে ঘোষণা কৰা পাঁচলাখ টকা সাহায্য তথা ক্ষতিপূৰণৰহে ধন বুলি জানিব পাৰে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত সেই ধন গ্ৰহণ নকৰি অ’টিং ভিলেজ কাউঞ্চিলে ঘূৰাই পঠাইছিল মন্ত্ৰী তথা উপায়ুক্তলৈ ৷ ইয়াৰ পাছতে দেওবাৰে এক বিবৃতিযোগে নিজৰ স্থিতি স্পষ্ট কৰিছে অ’টিং ভিলেজ কাউঞ্চিলে৷ বৃবিতিটোত উল্লেখ কৰা অনুসৰি চাৰি ডিচেম্বৰত সংঘটিত নাৰকীয় ঘটনাৰ উচিত তদন্ত তথা নিহতসকলৰ পৰিয়ালে ন্যায় আৰু ঘটনাৰ বাবে দোষী ২১নং পেৰা কমাণ্ডোৰ জোৱানে শাস্তি নোপোৱাপৰ্যন্ত চৰকাৰে প্ৰদান কৰা কোনো ধৰণৰ ৰাজসাহায্য গ্ৰহণ কৰা নহ’ব৷ তাৰ সমান্তৰালকৈ উত্তৰ-পূবৰ পৰা সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰিবলৈ পুনৰবাৰ সজোৰে দাবী উত্থাপন কৰিছে৷
Home উত্তৰ পূৰ্বাঞ্চল সেনাৰ হাতত নিহত পৰিয়ালে ন্যায় নোপোৱা পৰ্যন্ত ক্ষতিপূৰণ গ্ৰহণ নকৰে অ’টিং ভিলেজ...