Home সম্পাদকীয় চৰ-চাপৰি অঞ্চলত শিক্ষা বিস্তাৰৰ ৰূপৰেখা

চৰ-চাপৰি অঞ্চলত শিক্ষা বিস্তাৰৰ ৰূপৰেখা

77
0

: খবিৰ আহমেদ:

সমাজ এখন আগুৱাই যাব লগা হ’লে আটাইতকৈ দৰকাৰী কথাটো হৈছে শিক্ষা, শিক্ষা আৰু শিক্ষা। সমাজৰ মানুহ শিক্ষিত হ’লে সেই শিক্ষিত মানুহবোৰেই বাকী স্বাস্থ্য, জনসংখ্যা,  যাতায়াত, আৰ্থিক দুৰৱস্থা, সামাজিক বিশৃংখলতা আদি সমস্যাবোৰ নিৰাময়ৰ পথ ক্ৰমে ক্ৰমে উলিয়াই ল’ব পাৰে। সাম্প্ৰতিক সময়ত অসমৰ চৰ-চাপৰি অঞ্চলক এশ এটা সমস্যাই ঘেৰি ধৰাৰ প্ৰথম আৰু প্ৰধান কাৰণটো হ’ল এইখন সমাজৰ শিক্ষাহীনতা। আলোচনাধীন সমাজখনত এতিয়ালৈকে শিক্ষাৰ যি যৎকিঞ্চিত বিকাশ হৈছে তাক আমি দুটা স্তৰত আলোচনা কৰিব পাৰোঁ। প্ৰাক স্বাধীনতা কাল আৰু স্বাধীনোত্তৰ কাল।

মূলতঃ কৃষিভূমিৰ অন্বেষণত আহিছিল যদিও চৰ-চাপৰিৰ পূৰ্বপুৰুষসকলৰ এই কথা বুজিবলৈ বেচি পৰ নালাগিছিল যে চৌপাশৰ সমাজৰ লগত খোজ মিলাই চলিব লাগিলে সমাজত শিক্ষানুষ্ঠান আদি স্থাপনৰ প্ৰয়োজন আছে। নৈপৰীয়া, জকাইচুকীয়া দুৰ্গম ঠাইত বসবাস কৰা এই মানুহবোৰে মাটি-বাৰীৰ কামত সততেই চহৰলৈ আহিব লাগিছিল। অফিচ- আদালতত কাম কৰিবলৈ যাওঁতে তেওঁলোকে বহু সময়ত কেৰাণী-মহৰি আৰু বিষয়াসকলৰ হুটা মাত, বেয়া ব্যৱহাৰ, অপমান, অৱহেলাৰ চিকাৰ হৈছিল। ধুৰন্ধৰ মণ্ডল-কাননগোৰ পাকচক্ৰত পৰি বহুতেই সৰ্বস্বান্ত হৈছিল। বহু সময়ত তেওঁলোকে উচিত আৰু সাধাৰণ কাম এটা কৰিবলৈ যাওঁতে প্ৰৱঞ্চনাৰ বলি হৈছিল, গাঁঠিৰ ধন ভাঙি কেৰাণী-মহৰিক সন্তুষ্ট কৰিব লাগিছিল। কৰিবলৈ একো নাছিল। মনত অতিশয় দুখ আৰু বেদনা লৈ তেওঁলোকে গাঁৱলৈ ঘূৰি গৈছিল আৰু ঘূৰি গৈ সিদ্ধান্ত লৈছিল যে তেওঁলোকেও গাঁৱত শিক্ষানুষ্ঠান পাতিব লাগিব। স্কুল-কলেজ স্থাপন কৰি তেওঁলোকে ল’ৰা-ছোৱালীক পঢÿুৱাব লাগিব, শিক্ষিত কৰি গঢ়িব লাগিব। ল’ৰা-ছোৱালী শিক্ষিত হৈ চাকৰি- বাকৰি কৰিব পাৰিলেহে তেওঁলোকৰ এই আলৈ- আথানিৰ অন্ত হ’ব, সমাজত তেওঁলোকৰ সন্মান বাঢ়িব। দ্বিতীয়তে,  উল্লেখ কৰিব পাৰি যে তদানীন্তন পূৰ্ববংগৰ পৰা প্ৰব্ৰজন কৰা অধিকাংশ মানুহেই ভূমিহীন অথবা প্ৰান্তীয় কৃষক আছিল যদিও, তেওঁলোকৰ সকলোৱেই যে অশিক্ষিত আছিল তেনেকুৱা নহয়। মানুহবোৰে দল বান্ধি প্ৰব্ৰজন কৰিছিল আৰু প্ৰত্যেক দলৰেই মুখিয়াল অথবা দলনেতাবোৰে কিছু পৰিমাণে হ’লেও লিখা-পঢ়া জানিছিল। এই মানুহবোৰে স্থানীয় শিক্ষিত মানুহৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হৈছিল আৰু নিজ নিজ এলেকাত শিক্ষানুষ্ঠান পতাত আগভাগ লৈছিল। এই উদ্দেশ্য আগত ৰাখিয়েই বিগত শতাব্দীৰ প্ৰথম আৰু দ্বিতীয় দশকৰ পৰাই তেওঁলোকে প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় স্থাপন কৰিব লৈছিল। এনেদৰে গঢ়ি উঠা শিক্ষানুষ্ঠানবোৰকো আমি দুই ভাগত ভগাব পাৰোঁ—ধৰ্মীয় শিক্ষানুষ্ঠান আৰু সাধাৰণ শিক্ষানুষ্ঠান। প্ৰাথমিক পৰ্যায়ত মক্তব—মাদ্ৰাছাৰ নিচিনা ধৰ্মীয় অনুষ্ঠানবোৰেই অগ্ৰাধিকাৰ পাইছিল যদিও পিছলৈ গৈ সাধাৰণ শিক্ষানুষ্ঠানবোৰেই বেছি প্ৰাধান্য পায়।

প্ৰাক স্বাধীনতা কালত স্থাপিত হোৱা মুষ্টিমেয় শিক্ষানুষ্ঠান কেইখনমানেই অসমীয়া মিঞা সমাজৰ শিক্ষা বিস্তাৰৰ আৰম্ভণি কৰিছিল। প্ৰাক স্বাধীনা কালত এই সমাজত শিক্ষানুষ্ঠান স্থাপন কৰা কেইজনমান মহান ব্যক্তিৰ নাম আমি স্মৰণ কৰিব খুজিছোঁ। ১৮৯৯ চনতেই মৰিগাঁও জিলাৰ মৈৰাবাৰীত হুছেইন আলী সৰকাৰে প্ৰথমখন প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল আৰু নাম দিছিল মৈৰাবাৰী বালক প্ৰাথমিক বিদ্যালয়। অসমীয়া মিঞা অঞ্চলত এইখনেই প্ৰথম বিদ্যালয়। ইয়াৰ পিছত ১৯০২ চনত নগাঁও জিলাৰ আলিটাঙনিত ওচমান আলী সদাগৰে এখন প্ৰাথমিক বিদ্যালয় (মক্তব) স্থাপন কৰিছিল। পিছলৈ গৈ তেওঁ তাত এখন এম ই স্কুল স্থাপন কৰে আৰু বৰ্তমানে সেইখন বিদ্যালয় এখন আগশাৰীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হৈছে। উল্লেখ্য যে এই দুয়োখন বিদ্যালয়েই আছিল অসমীয়া মাধ্যমৰ বিদ্যালয়। চৰ-চাপৰিৰ সমাজত সেই যে অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন হোৱা আৰম্ভ কৰিছিল তাৰ পিছত এই ধাৰা আৰু থমকি ৰোৱা নাই। বিগত এশ কুৰি বছৰত মিঞা অসমীয়া সমাজত যিবোৰ বিদ্যালয়-মহাবিদ্যালয় স্থাপন হৈছে সেই সকলোবোৰ হৈছে অসমীয়া মাধ্যমৰ। আজিৰ দিনত এই সমাজত অসমীয়া মাধ্যমৰ বাহিৰে এখনো অন্য মাধ্যমৰ বিদ্যালয় পাবলৈ নাই। গতিকে মিঞাসকলক বাদ দি অসমীয়া ভাষা ৰাজ্যিক ভাষালৈ উন্নীত হোৱাৰ কথা চিন্তাই কৰিব নোৱাৰি। নিজ গাঁও আলিটাঙনিত অসমীয়া ভাষাৰ শিক্ষক নথকাৰ কাৰণে ওচমান আলী সদাগৰে বৰদোৱাৰ পৰা পণ্ডিত মহেন্দ্ৰ চন্দ্ৰ মহন্তদেৱক মাতি নি ল’ৰা-ছোৱালীক পঢ়ুৱাইছিল। উল্লেখ্য যে সেই সময়ত অসমীয়া ভাষাৰ যথেষ্ট পাঠ্যপুথি নথকাৰ বাবে প্ৰায়েই বাংলা ভাষাৰ কিতাপ ব্যৱহাৰ কৰা হৈছিল আৰু  বাংলা ‘ৰ’ৰ পেট কাটি অসমীয়া ‘ৰ’ বনাই ল’ৰা-ছোৱালীক পঢ়ুৱা হৈছিল। এই ওচমান আলী সদাগৰেই ১৯৩৫ চনতেই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচন খেলি বিধায়ক নিৰ্বাচিত হৈছিল। ১৯১৭ চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ দহ টকা বৰঙনি আগবঢ়াইছিল—যি দহ টকাৰ মূল্য এতিয়া হয়তো লাখৰ ঘৰতেই হ’ব।

১৯১২ চনত বৰপেটা জিলাৰ হৰিপুৰ গাঁৱৰ তমেজ উদ্দিন মুন্সীয়ে তেওঁৰ চ’ৰাঘৰত গাঁৱৰেই ল’ৰাবোৰক লৈ এখন প্ৰাথমিক বিদ্যালয় আৰম্ভ কৰিছিল। ১৯১৯ চনত বৰপেটাৰ লোকেল ব’ৰ্ডে স্কুলখন চৰকাৰীকৰণ কৰিছিল। ২০১৯ চনত এইখন বিদ্যালয়ৰ শতবাৰ্ষিকী উদ্‌যাপন কৰা হয়। ঠিক সেই একে বছৰতেই আৰম্ভ হৈছিল অবিভক্ত গোৱালপাৰা জিলাৰ ৰাঙাপানী প্ৰাথমিক বিদ্যালয়। যোৱাবছৰ সেইখন বিদ্যালয়ৰো শতবাৰ্ষিকী উদ্‌যাপন কৰা হৈছে। ১৯২০ চনত বৰপেটা জিলাৰ ৰামাপাৰা গাঁৱত প্ৰাথমিক বিদ্যালয় স্থাপিত হৈছিল। ১৯০৬ চনত জনীয়া আৰু ১৯২৫ চনত মন্দিয়াত প্ৰাথমিক বিদ্যালয় স্থাপন হয়। এনেদৰে মিঞা অসমীয়া অঞ্চলবোৰত স্বাধীনতাৰ আগতেই শ শ প্ৰাথমিক বিদ্যালয় স্থাপিত হৈছিল। প্ৰাথমিক বিদ্যালয়ৰ পিছত তেওঁলোকে মন মেলে উচ্চ শিক্ষাৰ অনুষ্ঠান পাতিবলৈ। প্ৰাক স্বাধীনতা কালত কেইখনমান উল্লেখযোগ্য শিক্ষানুষ্ঠান স্থাপন কৰা ব্যক্তিসকল আছিল ঃ ছফদেৰ হাজি (ৰাখালডুবি হাই মাদ্ৰাছা, গোৱালপাৰা), হাকিম আলী দেৱানী (মন্দিয়া হাইস্কুল, বৰপেটা), বাহাৰ হাজি (গুনীয়ালগুড়ি মাদ্ৰাছা), ৰহিজুদ্দিন মৌলৱী (তাৰাবাৰী হাইস্কুল), ফাজিল সৰকাৰ (বামুণদংৰা এম ই স্কুল), মমৰেজ খান (কয়াকুছি হাইস্কুল) তাজুদ্দিন আহমেদ  (আগমন্দিয়া এম ই মাদ্ৰাছা), হুছেইন আলী সৰকাৰ (সুঁতিৰপাৰ এল পি আৰু বাঘবৰ এম ই স্কুল), চুলতান হাজি (ঢকুৱা এম ই মাদ্ৰাছা) আৰু বহুতো। জনা যায় যে ঢুকুৱাৰ আগতেই পালহাজী এম ই মাদ্ৰাছা স্থাপিত হৈছিল। তদুপৰি বৰপেটাৰ এডভোকেট আব্দুৰ ৰৌফ, জননেতা আতাউৰ ৰহমান, কালু খান, তেঁতেলীৰ তলৰ হাজি মন্তাজ আলী, আব্দুল হামিদ মণ্ডল, খোলাবান্ধাৰ আবেদ আলী মৌলবীয়েও  শিক্ষানুষ্ঠান স্থাপনত আগভাগ লৈছিল।

প্ৰাক স্বাধীনতা কালতেই এইসকল মহান ব্যক্তিৰ নেৰানেপেৰা চেষ্টাৰ ফলত এনেদৰে অসমৰ চৰ-চাপৰিৰ বহু অঞ্চলত শিক্ষানুষ্ঠান গঢ়ি উঠিছিল। ইয়াৰ ফলস্বৰূপে সংখ্যাত নগণ্য হ’লেও সৃষ্টি হৈছিল এক শ্ৰেণীৰ শিক্ষিত লোক, যিসকল মিঞা সমাজৰ বৌদ্ধিক আগৰণুৱা বুলি পৰিগণিত হৈছে। পুৰণি তাৰাবাৰীৰ মহম্মদ আলী খানে ১৯২৫ চনতেই বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পাছ কৰিছিল। তেওঁ আছিল মধ্য কামৰূপ কলেজৰ প্ৰয়াত অধ্যক্ষ আহমদ হুছেইন খানৰ দেউতাক। ১৯৩৭ চনতেই সেই একেখন বিদ্যালয়ৰ পৰাই অসমীয়া আৰু পাৰ্চী বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল প্ৰয়াত জননেতা আতাউৰ ৰহমান।  অসমৰ প্ৰাক্তন বিত্তমন্ত্ৰী প্ৰয়াত ইদ্ৰিছ আছিল আতাউৰ ৰহমানতকৈ এবছৰ জ্যেষ্ঠ আৰু তেওঁলোক একেলগে আলীগড় বিশ্ববিদ্যালয়ত স্নাতোকোত্তৰ শ্ৰেণী আৰু আইনৰ ছাত্ৰ আছিল। নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন কলেজৰ প্ৰাক্তন অধ্যক্ষ, প্ৰয়াত মহঃ আব্দুল হাই ১৯৪২ চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰি ১৯৪৪ চনত ঢাকাৰ পৰা ইন্টাৰমিডিয়েট আৰু ১৯৪৬ চনত বি এ পাছ কৰি আলীগড় বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত এম এ আৰু আইনৰ স্নাতক হৈছিল।  এনেদৰে চৰ-চাপৰি অঞ্চলত শিক্ষানুষ্ঠান স্থাপন কৰা আৰু উচ্চ শিক্ষাৰে শিক্ষত হৈ সমাজৰ গুৰি ধৰা মানুহ যে আৰু ওলাব তাত কোনো সন্দেহ নাই।

স্বাধীনতাৰ আগত অনুষ্টুপীয়াকৈ শিক্ষাৰ যি ভেটি স্থাপন কৰা হৈছিল তাৰ ওপৰত ভিত্তি কৰিয়েই  স্বাধীনোত্তৰ কালত এই সমাজত শিক্ষানুষ্ঠান স্থাপন কৰাৰ গতি আৰু অধিক তৰান্বিত কৰা হয়। মিঞা সমাজত শিক্ষাৰ হাৰ— বিশেষকৈ নাৰী শিক্ষাৰ হাৰ কম যদিও এই সময়ছোৱাত মিঞাসকলে চৰ-চাপৰিত যথেষ্টসংখ্যক প্ৰাথমিক বিদ্যালয়, মজলীয়া বিদ্যালয়, উচ্চ ইংৰাজী বিদ্যালয় আৰু মহাবিদ্যালয় গঢ়ি তুলিছিল। বৰপেটা, নগাঁও, মৰিগাঁও, মংগলদৈ, গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী জিলাত বহুতো শিক্ষানুষ্ঠান গঢ়ি তোলা হয় আৰু ক্ৰমে ক্ৰমে চৰ-চাপৰি অঞ্চলত শৈক্ষিক আৰু বৌদ্ধিক পোহৰ পৰিবলৈ ধৰে। এই বিদ্যালয়সমূহক পৃষ্ঠভূমি হিচাপে লৈয়েই আশীৰ দহকত মিঞা অধ্যুষিত অঞ্চলত  প্ৰায় কুৰিখনমান মহাবিদ্যালয় গঢ়ি উঠিছে। এইবোৰৰ ভিতৰত আছে নৱজ্যোতি কলেজ, কলগাছিয়া, মন্দিয়া আঞ্চলিক কলেজ, খাৰুপেটীয়া কলেজ, ৰূপহী মহামিদ্যালয়, জুৰীয়া মহাবিদ্যালয়, লাহৰীঘাট মহাবিদ্যালয়, মৈৰাবাৰী মহাবিদ্যালয়, পশ্চিম গোৱালপাৰা মহাবিদ্যালয় (আমবাৰী), তপোবন মহাবিদ্যালয় (জলেশ্বৰ), কয়াকুছি মহাবিদ্যালয়, হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয় (ভক্তৰডবা), জনপ্ৰিয় মহাবিদ্যালয়(গৰেমাৰী), উত্তৰ বৰপেটা মহাবিদ্যালয়, লুইতপৰীয়া মহাবিদ্যালয় (আলোপতি), হামিদাবাদ কলেজ, দক্ষিণ শালমাৰা। ইয়াৰোপৰি চৰ-চাপৰিৰ এটা বিৰাট জনসংখ্যাক শিক্ষিত কৰি তোলাত গুৱাহাটী বিশ্ব বিদ্যালয়কে আদি কৰি কটন কলেজ, বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়, ধুবুৰীৰ বি এন কলেজ, বিলাসীপাৰা কলেজ, বজালী কলেজ, নগাঁৱৰ নগাঁও এডিপি কলেজ, নলবাৰী কলেজ, বিএইচ কলেজ, নৰ্থ লক্ষীমপুৰ কলেজ, গোৱালপাৰা কলেজ  আৰু বৰপেটা জিলাৰ মধ্য কামৰূপ কলেজ, বি বি কে কে কলেজৰ ভূমিকা অপৰিসীম আৰু অসামান্য।

ইয়াৰ পিছতো ১৯৯৫, ২০১১ আৰু ২০২১ চনত চৰ-চাপৰি অঞ্চলৰ  বহুতো বিদ্যালয় আৰু মহাবিদ্যালয় চৰকাৰীকৰণ হৈছে। এই ক্ষুদ্ৰ পৰিসৰত সেইসমূহ শিক্ষানুষ্ঠানৰ তালিকা ইয়াত প্ৰকাশ কৰা সম্ভৱ নহ’ব। স্বাধীনতাৰ আগত আৰু স্বাধীনতাৰ পিছতো অসমৰ কে’বাখনো জিলাত স্থাপিত হোৱা মাদ্ৰাছাবোৰেও চৰ-চাপৰি সমাজত শিক্ষা বিস্তাৰত সহায় কৰিছে। উল্লেখযোগ্য যে মূলতঃ ধৰ্মীয় শিক্ষা দিলেও এই মাদ্ৰাছাবোৰৰ কাৰিকুলামত সাধাৰণ শিক্ষাও অন্তৰ্ভুক্ত আছিল। সম্প্ৰতি সেই মাদ্ৰাছাসমূহ বিদ্যালয়লৈ ৰূপান্তৰ কৰা হৈছে। তদুপৰি বহুতো বেচৰকাৰী শিক্ষাৰ অনুষ্ঠান-প্ৰতিষ্ঠানে এই অঞ্চলসমূহত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰত বহুতো অৰিহণা আগবঢ়াইছে। ইমানখিনি হোৱাৰ পিছতো চৰ-চাপৰি অঞ্চলত আটাইতকৈ ডাঙৰ সমস্যা হৈছে শিক্ষাৰ সমস্যা। অসমীয়া মিঞা অধ্যুষিত জিলাসমূহত শিক্ষাৰ হাৰ বাকী জিলাসমূহতকৈ কম হোৱাৰ মূল কাৰণ হৈছে অসমীয়া মিঞাসকলৰ মাজত শিক্ষিতৰ  হাৰ কম। তেওঁলোকৰ মহিলাসকলৰ মাজত শিক্ষাৰ হাৰ একেবাৰে তথৈবচ; বহুতো জিলাত মহিলাৰ শিক্ষাৰ হাৰ কুৰি শতাংশতকৈ কম। এটা সমীক্ষাৰ পৰা দেখা গৈছে যে যিবোৰ ঠাইত মহিলাৰ মাজত শিক্ষাৰ হাৰ কম সেইবোৰ ঠাইতেই জন্মৰ হাৰ বেচি। মিহলাসকল শিক্ষিত হ’লে স্বাভাৱিকভাৱেই জন্মৰ হাৰ কমি যায়, লগতে শিশুসকলৰ স্বাস্থ্য আৰু শিক্ষাৰ মানো বৃদ্ধি পায়। চৰ-চাপৰিৰ সমাজখনে বহিৰ্বিশ্বৰ লগত খোজ মিলাই আগুৱাই যাব লগা হ’লে যিকোনো মূল্যৰ বিনিময়ত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাম আৰু অধিক ক্ষিপ্ৰগতিত আগুৱাই লৈ যাব লাগিব। দৰাচলতে চৰ-চাপৰি সমাজত শিক্ষাৰ এক আন্দোলন গঢ়ি তুলিব লাগিব। এই ক্ষেত্ৰত সমাজৰ শিক্ষিত চামৰেই দায়িত্ব আৰু কৰ্তব্য সৰ্বাধিক।

(বিঃদ্ৰঃ এই বিষয়ে কোনো পাঠকৰ হাতত স্বাধীনতাৰ আগত স্থাপিত হোৱা কোনো শিক্ষানুষ্ঠানৰ তথ্য থাকিলে আমাক ৭০৯৯০৪৫১৩১ নম্বৰত মেছেজ কৰি জনাব পাৰে। পৰৱৰ্তী সময়ত আমি সেইবোৰ এই লেখাত সন্নিৱিষ্ট কৰিম)।

LEAVE A REPLY

Please enter your comment!
Please enter your name here