Home অসম সাংস্কৃতিক মহাসভা, অসমৰ যোৰহাট জিলাৰ ত্ৰি-বাৰ্ষিক অধিৱেশনত পদ্মশ্ৰী সূৰ্য হাজৰিকা

সাংস্কৃতিক মহাসভা, অসমৰ যোৰহাট জিলাৰ ত্ৰি-বাৰ্ষিক অধিৱেশনত পদ্মশ্ৰী সূৰ্য হাজৰিকা

90
0


গণ বাৰ্তা, চিনামৰা, ১৫ মে’ ঃ দুদিনীয়া কাৰ্যসূচীৰে কালিৰ পৰা যোৰহাটত আৰম্ভ হোৱা সাংস্কৃতিক মহাসভাৰ যোৰহাট জিলা সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ আজি সামৰণি পৰে৷ জিলা সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশৰ লগত সংগতি ৰাখি আজি দ্বিতীয়দিনা বিয়লি অনুষ্ঠিত হয় মুকলি সভা৷ মহাসভাৰ যোৰহাট জিলা সমিতিৰ বিদায়ী সভাপতি বন্তি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে পদ্মশ্ৰী সূৰ্য হাজৰিকাই৷ মুকলি সভা উদ্বোধন কৰি দিয়া ভাষণত সূৰ্য হাজৰিকাই কয় যে আমাৰ বাৰেৰহণীয়া সংস্কৃতি আছে৷ কিন্তু আমাৰ মাজত সংৰক্ষণ কৰাৰ ব্যৱস্থা নথকাৰ বাবেই আমি বহু হেৰুৱাবলগীয়া হৈছে৷ যাৰ বাবে আমাৰ নৱপ্ৰজন্মই বহু পুৰণি কৃষ্টি-সংস্কৃতিৰ বিষয়ে অৱগত নহয়৷ আমি মহান ব্যক্তিসকলৰ ঐতিহ্য ক্ষেত্ৰসমূহ সংৰক্ষণ কৰিব লাগিব৷ এইক্ষেত্ৰত চৰকাৰ তথা অসম সাংস্কৃতিক মহাসভাৰ বিশেষ দায়িত্ব আছে৷ সাংস্কৃতিক শব্দটোৱে যে কেৱল সাংস্কৃতিক সন্ধিয়াক বুজায় এনে নহয়; এই সাংস্কৃতিক শব্দটোৰ মাজত বহু উপাদান সন্নিৱিষ্ট হৈ আছে৷ ই হয়তো ভাস্কৰ্য শিল্প, পৰিৱেশ্য কলা, ঐতিয্য সংৰক্ষণ হ’ব পাৰে৷ আমি আমাৰ সংস্কৃতিক আগুৱাই নিবলৈ হ’লে সকলো শিল্পকে একেলগে লৈ আগবাঢ়ি যাব লাগিব৷ আমি সংস্কৃতিৰ সমন্বয় আনিবৰ বাবে প্ৰয়াস কৰিব লাগিব৷ আমাৰ শিল্পক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পৰিৱেশ্য কলাৰ গুৰু দায়িত্ব আছে৷ ভাষণ প্ৰসংগত পদ্মশ্ৰী সূৰ্য হাজৰিকাই লগতে কয় যে সাংস্কৃতিক মহাসভাৰ মহাসভা শব্দটোৰ মাজত নিহিত হৈ আছে বৃহৎ পৰিধিৰ বিষয়৷ মহাসভা বুলি কলে এখন সাধাৰণ সভাক বুজা নাযায়৷ বৃহৎ সাহস, লক্ষ্য বুকুত লৈ সাংস্কৃতিক মহাসভাৰ জন্ম হৈছিল আৰু প্ৰতিষ্ঠা কালৰে পৰা ই অসমৰ কৃষ্টি-সংস্কৃতিৰ বাবে কাম কৰি আছে যদিও আৰু বহু কৰণীয় আছে৷ মহাসভাই বিভিন্ন জাতি-জনগোষ্ঠীক লগত লৈ বৃহৎ সংস্কৃতিৰ গঢ় দিব লাগিব৷ আনহাতে, সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক মহাসভা, অসমৰ কেন্দ্ৰীয় সভাপতি পবিত্ৰ কুমাৰ শৰ্মা৷ মহাসভাৰ যোৰহাট জিলা সমিতিৰ মুকলি সভাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ ‘লোকৰঞ্জন’ উন্মোচন কৰে যোৰহাট মহাত্মা গান্ধী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ত্ৰিলোক বৰাই৷ স্মৃতিগ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত ত্ৰিলোক বৰাই কয় যে এখন স্মৃতিগ্ৰন্থ এটা অনুষ্ঠানৰ দাপোণ স্বৰূপ৷ এখন স্মৃতিগ্ৰন্থই এটা অনুষ্ঠান-প্ৰতিষ্ঠান সম্পৰ্কত নৱপ্ৰজন্মৰ সন্মুখত দাঙি ধৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে৷ এখন স্মৃতিগ্ৰন্থ সদায় প্ৰাসংগিক হৈ থাকে৷ ইয়াৰ ভিতৰত লুকাই থাকে এটা জাতিৰ সপোন, দায়বদ্ধতা৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে সাংস্কৃতিক মহাসভা, অসমৰ সম্পাদকপ্ৰধান প্ৰদীপ কুমাৰ বৰা, অৱসৰপ্ৰাপ্ত অধ্যক্ষা বিনীতা দত্ত, শংকৰদেৱ কলা-কৃষ্টি গৱেষণা কেন্দ্ৰৰ সভাপতি গিৰীশ চন্দ্ৰ বৰদলৈ, ড॰ বিপিন খঙীয়া প্ৰমুখ্যে ব্যক্তিসকলে৷ আনহাতে, সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ৰাতুল চন্দ্ৰ বৰাই৷ বন্তি প্ৰজ্বলন কৰি দিয়া ভাষণত ৰাতুল চন্দ্ৰ বৰাই কয় যে সংস্কৃতিৰ জৰিয়তেহে দুষ্কৃতি নাশ কৰিব পাৰে৷ আজি প্ৰজ্বলিত বন্তিয়ে সমাজখনক পোহৰাই তোলাৰ লগতে সকলোকে সাংস্কৃতিক মন প্ৰদান কৰিব৷ লগতে অসমখনক উজলাই তুলিব৷ আজিৰ অনুষ্ঠানতে সত্ৰীয়া সংস্কৃতিৰ সাধক টংকেশ্বৰ হাজৰিকা বৰবায়ন; নাট্যকাৰ, পৰিচালক অখিল চক্ৰৱৰ্তী, সমাজকৰ্মী পীতাম্বৰ হাজৰিকা আৰু ঢুলীয়া শিল্পী পূণ্যপ্ৰভা দত্তক মহাসভাৰ যোৰহাট জিলাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ মহাসভাৰ জিলা সমিতিৰ উপ-সভাপতি আৰেছা বেগমে আদৰণী ভাষণ দিয়া সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ বিদায়ী সম্পাদক বসন্ত বৰাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here